নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা টি–২০ বিশ্বকাপৰ পুৰস্কাৰৰ ধন ১০ শতাংশ বৃদ্ধি

ডিজিটেল ডেস্ক, ১৪ এপ্রিল : আইচিচি মহিলা টি–২০ বিশ্বকাপ আৰম্ভ হ’বলৈ দুমাহৰ কম দিন বাকী৷ সোমবাৰে আইচিচিয়ে প্রতিযোগিতাখনৰ বাবে পুৰস্কাৰৰ ধন ঘোষণা কৰে৷ ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হ’ব এই প্রতিযোগিতাখন৷ এইবাৰ যোৱাবাৰৰ তুলনাত ১০ শতাংশ বৃদ্ধি পাইছে পুৰস্কাৰৰ ধন৷ ১২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনৰ প্রথমখন খেল আয়োজক দেশ ইংলেণ্ডে শ্রীলংকাৰ বিৰুদ্ধে খেলিব৷ বিশ্বকাপৰ মুঠ পুৰস্কাৰৰ ধন প্রায় ৮২ কোটি টকা ৰখা হৈছে৷ যোৱাবাৰৰ তুলনাত ১০ শতাংশ বেছি৷

অৱশ্যে এইবাৰ অতিৰিক্ত দুখন দেশে খেলিব৷ প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ১২খন দেশৰ বিশ্বকাপ৷ প্রতিযোগিতাৰ চেম্পিয়ন দলে লাভ কৰিব ২১ কোটি ৮৪ লাখ টকা৷ ৰানার্ছআপ দলে লাভ কৰিব ১০ কোটি ৯২ লাখ টকা৷ ছেমিফাহনেলত পৰাজিত হোৱা দল দুটাহ লাভ কৰিব ৬ লাখ ৩০ হাজাৰ টকা৷ গ্রুপ পর্যায়ৰ প্রতিখন খেলত জয়ী হোৱাৰ বাবে বিজয়ী দলটোৱে লাভ কৰিব ২৯ লাখ ৭ হাজাৰ টকা৷ ইয়াৰ উপৰি প্রতিখন দেশক বিশ্বকাপত অংশগ্রহণৰ বাবে কমেও ২ কোটি ৩১ লাখ টকাকৈ দিয়া হ’ব৷

মহিলা ক্রিকেটৰ বিকাশ আৰু জনপ্রিয়তা লাভৰ ধৰণত সুখী আইচিচিৰ মুখ্য কার্যবাহী বিষয়া সঞ্জয় গুপ্তা৷ তেওঁ কয় যে মহিলা ক্রিকেটৰ দিনক দিনে উন্নতি হৈছে৷ সেইবাবেই টি–২০ বিশ্বকাপ ১২টা দললৈ সম্প্রসাৰণ কৰা হৈছে৷ অভিলেখ পুৰস্কাৰৰ ধনো ৰখা হৈছে৷ আমি মহিলা ক্রিকেটক অধিক জনপ্রিয় আৰু প্রতিযোগিতামূলক কৰি তোলাৰ বাবে প্রতিশ্রুতিবদ্ধ৷ সোমবাৰৰ পৰা আৰম্ভ হয় ট্ৰফী ভ্রমণ৷ প্রতিযোগিতাৰ পূর্বে ইউৰোপৰ বিভিন্ন দেশ ভ্রমণ কৰিব৷ এইবাৰ ইংলেণ্ডৰ বাহিৰেও ইউৰোপৰ পৰা নেদাৰলেণ্ডছ, আয়াৰলেণ্ড আৰু স্কটলেণ্ডে অংশগ্রহণ কৰিব৷

You might also like