নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়দৰাবাদত জয়ৰ গতি ৰুদ্ধ ৰিয়ানৰ ৰাজস্থানৰ

ডিজিটেল ডেস্ক, ১৪ এপ্রিল : অৱশেষত হায়দৰাবাদত জয়ৰ গতি ৰুদ্ধ অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছৰ৷ ইখনৰ পিছত সিখন মুঠ চাৰিখন খেলত ক্রমাগত জয়লাভ কৰা ৰাজস্থানে সোমবাৰে ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত ৫৭ ৰানত পৰাজয় স্বীকাৰ কৰে৷ ঘৰুৱা দল হায়দৰাবাদে জয়ৰ বাবে বান্ধি দিয়া ২১৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৰাজস্থানে ১৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫৯ ৰান কৰে৷ দলীয় স্ক’ৰ ৯ ৰানতে ৫টাকৈ উইকেট হেৰুৱাই চৰম বিপর্যয়ত পৰে দলটো৷

বৈভৱ সূর্যবংশীয়ে ইনিংছৰ প্রথমটো বলতে বিদায় লয়৷ বৈভৱৰ পিছত ধ্রুৱ জুৰেলে ০, প্রেট’ৰিয়াছে ০, জয়ছোৱালে ১ আৰু অধিনায়ক ৰিয়ান পৰাগে ৪ ৰান কৰি বিদায় লয়৷ অৱশ্যে ৰবীন্দ্র জাদেজা আৰু ড’ন’ভান ফেৰেইৰাই ষষ্ঠ উইকেটত ১১৮ ৰান কৰি দলক জয়ৰ দিশে নিয়াৰ চেষ্টা কৰিছিল যদিও ফেৰেইৰাই ব্যক্তিগত ৬৯ ৰানত বিদায় লোৱাত দলটোৰ সেই আশা নির্বাপণ হয়৷ ইফালে জাদেজাই ৪৫ ৰান কৰে৷ হায়দৰাবাদৰ হৈ প্রফুল হিংগে আৰু ছাকিব হুছেইন উভয়ে চাৰিটাকৈ উইকেট লয়৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও অধিনায়ক ঈশান কিশনৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত ছানৰাইজার্ছ হায়দৰাবাদে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২১৬ ৰান কৰে৷ ইনিংছৰ প্রথমটো বলতে বিস্ফোৰক অ’পেনাৰ অভিষেক শর্মাই বিদায় লোৱাত বিপদত পৰে দলটো৷ অৱশ্যে আনগৰাকী অ’পেনাৰ ট্রেভিছ হেডে অধিনায়ক ঈশানৰ সৈতে লগ লাগি দ্বিতীয় উইকেটত ৫৫ ৰান কৰি দলৰ বিপর্যয় ৰোধ কৰাৰ সময়ত হেডেও ১৮ ৰান কৰি বিদায় লয়৷

ইফালে, মাত্র ৯ ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হোৱা ঈশানে ক্লাছেনৰ সৈতে লগ লাগি চমকপ্রদ বেটিং দাঙি ধৰি দলটোক সুবিধাজনক স্থিতিত উপনীত কৰায়৷ দুয়োৰে মাজত তৃতীয় উইকেটত গুৰুত্বপূর্ণ ৮৮ ৰান সংগ্রহ হয়৷ ঈশানে মাত্র ৪৪টা বলত ৮টা চাৰি আৰু ৬টা ছয়েৰে ৯১ ৰানৰ গুৰুত্বপূর্ণ ইনিংছ দলক উপহাৰ দিয়ে৷ ঈশান আউট হোৱাৰ কিছুসময় পিছত ক্লাছেনেও পেভিলিয়নমুখী হয়৷ দক্ষিণ আফ্রিকাৰ তাৰকা বেটাৰগৰাকীয়ে ২৬টা বলত ৪০ ৰানৰ অৱদান আগবঢ়ায়৷ শেষৰ পিনে নীতিশ কুমাৰ ৰেড্ডী আৰু সলিল আৰোৰাই সুন্দৰ বেটিং দাঙি ধৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷ নীতিশে ১৩টা বলত ২৮ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে সলিলে ১৩টা বলত অপৰাজিতভাৱে ২৪ ৰান কৰে৷ ৰাজস্থান ৰয়েলছৰ হৈ জ’ফ্রা আর্চাৰে সর্বাধিক দুটা উইকেট লাভ কৰে৷

You might also like