নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপদত ভাৰতৰ মল্লযুঁজাৰু

নেদাৰলেণ্ডত ভাৰতীয় যাত্রীৰ প্রৱেশ নিষিদ্ধ

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ নেদাৰলেণ্ড চৰকাৰে ভাৰতীয় বিমান যাত্রীৰ প্রৱেশ দেশখনত নিষিদ্ধ কৰাত বিপদত পৰিছে ভাৰতৰ এটা ১০জনীয়া মল্লযুঁজাৰুৰ দল৷ টকি’ অলিম্পিকৰ অন্তিমখন যোগ্যতা নির্ণায়ক প্রতিযোগিতাত অংশ ল’বলৈ দলটো নতুন দিল্লীৰ পৰা আমষ্টাৰডাম হৈ বুলগেৰিয়াত উপস্থিত হোৱাৰ কথা আছিল৷ ৬–৯ মে’ত বুলগেৰিয়াৰ ছ’ফিয়াত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ বাবে ১০জনীয়া ভাৰতীয় দলটো যোৱানিশা নতুন দিল্লীৰ পৰা উৰা মাৰিবলৈ সাজু হৈছিল যদিও নেদাৰলেণ্ড চৰকাৰৰ নিষেধাজ্ঞাৰ বাবে তেওঁলোক বাধাৰ সন্মুখীন হয়৷ দলটোৰ অন্যতম সদস্য আছিল পুৰুষৰ ফ্রী ষ্টাইল ৰেষ্টলাৰ অমিত ধানকৰ (৭৪ কেজি), সত্যৱার্ট কেডিয়ান (৯৭ কেজি), সুমিত মালিক (১২৫ কেজি) আৰু মহিলা ৰেষ্টলাৰ সীমা (৫০ কেজি), নিশা (৬৮ কেজি) আৰু পূজা (৭৬ কেজি)৷ অৱশ্যে প্রতিযোগিতাখনৰ বাবে ভাৰতৰ আন এটা ১৭জনীয়া মল্লযুঁজাৰুৰ দল আজি পুৱা মুম্বাইৰ পৰা পেৰিছ হৈ ছ’ফিয়ালৈ উৰা মাৰিছে৷ ইফালে, ভাৰতীয় মল্লযুঁজাৰু সংস্থাই যোৱানিশা ছ’ফিয়ালৈ যোৱাৰ পৰা বঞ্চিত হোৱা দলটোকো এয়াৰ ফ্রান্স বিমানেৰে মুম্বাই–পেৰিছ আকাশী পথেৰে ছ’ফিয়ালৈ যোৱাৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে অলিম্পিকলৈ যোগ্যতা অর্জন কৰা দেশৰ তাৰকা মল্লযুঁজাৰু ভিনেশ ফোগাটে ব্যক্তিগত প্রশিক্ষকৰ সৈতে আগতীয়া অনুশীলনৰ বাবে যোৱা সপ্তাহতে ছ’ফিয়াত উপস্থিত হৈছিল৷

You might also like