পূজাৰাৰ উইকেট মূল্যৱান হ’ব: ৰুট
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ বিপর্যয়ৰ সময়ত টীম ইণ্ডিয়াৰ হৈ ত্রাণকর্তাৰ ভূমিকাত অৱতীর্ণ হৈ অহা অভিজ্ঞ মিডল অর্ডাৰ বেটছমেন শ্বেটেশ্বৰ পূজাৰাৰ উইকেট ইংলেণ্ডৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ হ’ব৷ প্রথম টেষ্টৰ পূর্বে এই মন্তব্য আগবঢ়াইছে আলহী দলটোৰ অধিনায়ক জ’ ৰুটে৷ ভার্চুৱেল সংবাদ মেলত তেওঁ কয় যে পূজাৰা টেষ্ট ক্রিকেটৰ এগৰাকী মূল্যৱান খেলুৱৈ৷ অষ্ট্রেলিয়াত তেওঁ ধৈর্য আৰু সাহসৰ পৰিচয় দি কিদৰে টীম ইণ্ডিয়াৰ জয়ত অৰিহণা আগবঢ়াইছিল, সেয়া আমি সকলোৱে দেখিছোঁ৷ তেওঁক ইনিংছৰ আৰম্ভণিতে আউট কৰাটো আমাৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ হ’ব আৰু আমাৰ বেটছমেনসকলে তেওঁৰ দৰে খেলাৰ প্রয়োজন আছে৷
উল্লেখ্য যে অষ্ট্রেলিয়াৰ বিৰুদ্ধে ভাৰতে ঐতিহাসিক টেষ্ট শৃংখলা জয়ত অন্যতম মুখ্য ভূমিকা গ্রহণ কৰি পূজাৰাই তিনিটা অর্ধশতক অর্জন কৰিছিল৷ অষ্ট্রেলিয়াৰ বলিং আক্রমণৰ সাহসেৰে সন্মুখীন হৈ তেওঁ গোটেই শৃংখলাটোত ৯০০ৰো অধিক বল খেলিছিল৷ কাউণ্টী ক্রিকেটত য়র্কশ্বায়াৰৰ হৈ একেলগে খেলাৰ সময়ত পূজাৰাৰ পৰা বেটিঙৰ বহুতো কৌশল শিকিছিল বুলিও জ’ ৰুটে আজি প্রকাশ কৰে৷