গুৱাহাটীত সুখদেৱ সিঙৰ নেতৃত্বত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীত অব্যাহত আছে চোৰাং সুৰাৰ ৰমৰমীয়া বেহা৷ আবকাৰী আৰু মহানগৰ আৰক্ষীৰ একাংশ অসাধু বিষয়াক মেনেজ কৰি সুৰা মাফিয়াই মহানগৰীৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বেহা চলাই আহিছে৷ আজি যোৰাবাট আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷ এ এছ–০১ ডি ডি–৯৮৭২ নম্বৰৰ অটোখনেৰে খানাপাৰাৰ দহমাইলৰ পৰা সোণাপুৰলৈ সুৰাখিনি কঢ়িয়াই আনি থকাৰ সময়তে যোৰাবাট আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে অবৈধভাৱে সুৰা কঢ়িওৱা জাণ্টু দাস নামৰ এজন লোকক গ্রেপ্তাৰ কৰে৷
খানাপাৰাৰ পৰা অবৈধভাৱে সুৰা কঢ়িওৱা অটোখন জব্দ হোৱাৰ পিছতে গুৱাহাটীত চলি থকা চোৰাং সুৰাৰ ৰমৰমীয়া বেহাৰ ন ন তথ্য পোহৰলৈ আহিছে৷ প্রাপ্ত তথ্য অনুসৰি খানাপাৰাৰ দহমাইলৰ সোমৰস সুৰা বিপণীখনৰ পৰাই দীর্ঘদিন ধৰি গুৱাহাটী বিভিন্ন অঞ্চললৈ চোৰাং সুৰা যোগান ধৰি আহিছে৷ সুৰা বিপণীখনৰ স্বত্বাধিকাৰী সুখদেৱ সিঙৰ নেতৃত্বতে সোণাপুৰ, যোৰাবাট, খানাপাৰা, বেলতলা, বশিষ্ঠ, লখৰা, কাছাৰীবস্তি, ভঙাগড় আদি স্থানৰ অবৈধ সুৰাৰ বিপণীত চোৰাং সুৰা বিক্রী কৰি আহিছে৷ আৰক্ষী আৰু আবকাৰী বিভাগৰ অসাধু বিষয়াক মেনেজ কৰি সুখদেৱ সিঙে দীর্ঘদিন ধৰি মহানগৰীত অবৈধ সুৰাৰ এখন বিশাল সাম্রাজ্য চলাই আহিছে৷ চোৰাং সুৰাৰ ব্যৱসায় চলাই অহা সুখদেৱ সিঙৰ বিৰুদ্ধে আবকাৰী বিভাগে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷