নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুলক ইনিংছ মুকলিৰ দায়িত্ব দিয়াৰ আহ্বান নেহৰাৰ

নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে অহা ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া প্রথম টেষ্টত লোকেশ ৰাহুলক টীম ইণ্ডিয়াৰ অ’পেনাৰৰ দায়িত্ব দিয়া উচিত৷ বর্তমান তেওঁ সুন্দৰ ফর্মত থকাৰ প্রতি লক্ষ্য ৰাখি প্রতিভাৱান বেটছমেনগৰাকীক ইনিংছ মুকলিৰ দায়িত্ব দিলে টীম ইণ্ডিয়া উপকৃত হ’ব৷ এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে ভাৰতৰ প্রাক্তন বেগী বলাৰ আশিস নেহৰাই৷ ‘ভাৰতৰ অ’পেনিং যুটি কোন হ’ব, তাক লৈ ব্যাপক চর্চা অব্যাহত আছে৷ মায়ংক আগৰৱালৰ স্থান সুৰক্ষিত যদিও তেওঁৰ অ’পেনিং সহযোগী কোন হ’ব, সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ শুভমন গিল আৰু পৃথ্বি শ্ব’ৰ দৰে উদীয়মান অ’পেনাৰ দলৰ সৈতে আছে৷ কিন্তু মই অনুভৱ কৰোঁ যে অভিজ্ঞ লোকেশ ৰাহুলক ভাৰতে এই দায়িত্ব দিয়া উচিত৷ শেহতীয়াকৈ তেওঁ সুন্দৰ ফর্মত আছে আৰু অ’পেনাৰৰ ৰূপত তেওঁ ৰান সংগ্রহ কৰিব পাৰিলে ভাৰত অত্যন্ত উপকৃত হ’ব৷’– আশিস নেহৰাই এইদৰে কয়৷ উল্লেখ্য যে প্রায় এবছৰৰ মূৰত টেষ্ট দললৈ প্রত্যাৱর্তন ঘটা লোকেশ ৰাহুলে শেহতীয়াকৈ আইপিএলত চমকপ্রদ বেটিঙেৰে ৬৭০ ৰান সংগ্রহ কৰি অ’ৰেঞ্জ কেপ লাভ কৰিবলৈ সক্ষম হৈছিল৷ এদিনীয়া আৰু টি–২০ ক্রিকেটতো তেওঁ ভাৰতৰ হৈ দর্শনীয় প্রদর্শন দাঙি ধৰিছে৷

You might also like