নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱবর্ষত ক্রিকেটলৈ উভতিব ৰাইনা; চৈয়দ মুস্তাক আলী টি–২০ৰ পিছতে খেলিব আই পি এল

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ প্রতিযোগিতামূলক ক্রিকেটত পুনৰ দেখিবলৈ পোৱা যাব ষ্টাইলিছ বাঁওহতীয়া বেটছমেন সুৰেশ ৰাইনাক৷ অহা বর্ষৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া চৈয়দ মুস্তাক আলী ৰাষ্ট্রীয় টি–২০ প্রতিযোগিতাত তেওঁ উত্তৰ প্রদেশক নেতৃত্ব দিব৷

ৰাষ্ট্রীয় সংবাদ–পত্রত প্রকাশিত এক বাতৰি অনুসৰি ৩৫ বছৰীয়া ক্রিকেটাৰগৰাকীয়ে টি–২০ প্রতিযোগিতাখনৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে কানপুৰত উপস্থিত হৈছে আৰু শীঘ্রে উত্তৰ প্রদেশ ক্রিকেট দলৰ প্রস্তুতি শিবিৰত যোগ দিব৷ ১৩ আৰু ১৫ ডিচেম্বৰত তেওঁ দুখন প্রস্তুতি মেচতো অংশ লোৱাৰ কথা আছে৷ ঘৰুৱা টি–২০ প্রতিযোগিতাখনত উন্নত প্রদর্শনেৰে ৰাইনাই ২০২১ বর্ষৰ আই পি এললৈ প্রত্যাৱর্তনৰো লক্ষ্য লৈছে৷

মন কৰিবলগীয়া যে ইউনাইটেড আৰব এমিৰেটছত শেহতীয়াকৈ অনুষ্ঠিত আই পি এলত চেন্নাই ছুপাৰ কিংছে অভিযান আৰম্ভ কৰাৰ পূর্বেই তাৰকা বেটছমেনগৰাকীয়ে ব্যক্তিগত অসুবিধাৰ বাবে স্বদেশলৈ উভতি আহিছিল৷ তেওঁৰ দৰে এগৰাকী অভিজ্ঞ মিডল অর্ডাৰ বেটছমেনৰ অনুপস্থিতিত চেন্নাই দলটোৱে সমগ্র প্রতিযোগিতাখনত সংগ্রাম কৰিবলগীয়া হয়৷

You might also like