নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিটমেন ৰোহিত সুস্থঃ সোমবাৰে উৰা মাৰিব ছিডনীলৈ; অংশ ল’ব অন্তিম দুখন টেষ্টত

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ প্রত্যাহ্বানজনক টেষ্ট শৃংখলাৰ পূর্বে বহু আকাংক্ষিত সু–সংবাদ লাভ কৰিছে টীম ইণ্ডিয়াই৷ বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে অহা ১৭ ডিচেম্বৰৰ পৰা অষ্ট্রেলিয়াৰ বিৰুদ্ধে প্রথম টেষ্ট খেলিবলৈ সাজু হোৱাৰ সময়তে তাৰকা অ’পেনাৰ ৰোহিত শর্মা সম্পূর্ণৰূপে সুস্থ হৈ উঠাৰ বাতৰি প্রকাশ পাইছে৷ বাংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত সম্পন্ন হোৱা ফিটনেছ টেষ্টত হিটমেন ৰোহিতে সুস্থতাৰ প্রমাণ দাঙি ধৰিবলৈ সক্ষম হয়৷

আই পি এলৰ সময়ত হেমষ্ট্রিঙৰ আঘাতৰ সন্মুখীন হোৱা তাৰকাগৰাকী অষ্ট্রেলিয়ালৈ উৰা মাৰিবলৈ সম্পূর্ণৰূপে সাজু বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ এক সূত্রই সদৰী কৰিছে৷ জানিব পৰা অনুসৰি এন চি এৰ অধ্যক্ষ ৰাহুল দ্রাবিড়ৰ তত্ত্বাৱধানত ৰোহিতৰ ফিটনেছ টেষ্ট সম্পন্ন কৰা হয়৷ টেষ্ট মেচত খেলিব পৰাকৈ তাৰকাগৰাকীক সুস্থ বুলি এন চি এৰ তৰফৰ পৰা বি চি চি আইলৈ প্রতিবেদন প্রেৰণৰ পিছতে ৰোহিতে টীম ইণ্ডিয়াৰ হৈ অন্তিম দুখন মেচত খেলাটো নিশ্চিত হৈ পৰিছে৷

ব’ডৰ সূত্রই জানিবলৈ দিয়া অনুসৰি তাৰকা অ’পেনাৰগৰাকীয়ে অহা ১৪ ডিচেম্বৰত ছিডনী অভিমুখে ৰাওনা হ’ব৷ ছিডনীত তেওঁ ১৪ দিনৰ বাধ্যতামূলক কোৱাৰেণ্টাইনত থকাৰ পিছত অনুশীলনত নামিব পাৰিব৷ ইয়াৰ পিছতে ৰোহিতে ৭–১১ জানুৱাৰীত ছিডনীত অনুষ্ঠিত হ’বলগীয়া তৃতীয় আৰু ১৫–১৯ জানুৱাৰীত ব্রিছবেনত অনুষ্ঠিত হ’বলগীয়া চতুর্থ তথা অন্তিম টেষ্টত অংশ ল’ব৷ অধিনায়ক বিৰাট কোহলিৰ অনুপস্থিতিত ৰোহিতৰ দৰে অভিজ্ঞ তাৰকাৰ আগমন ভাৰতীয় দলৰ বাবে বৃহৎ সকাহ হিচাপে পৰিগণিত হ’ব৷

উল্লেখ্য যে ৰোহিতৰ আঘাতক কেন্দ্র কৰি বিগত সময়ছোৱাত ভাৰতীয় ক্রিকেট মহলত ব্যাপক চর্চা আৰু বিতর্কৰ সূত্রপাত ঘটা দেখা গৈছিল৷ আঘাতৰ বাবে অষ্ট্রেলিয়া ভ্রমণৰ পৰা তেওঁ বাদ পৰাৰ এদিন পিছতে মুম্বাই ইণ্ডিয়ানছৰ হৈ ৰোহিতে অনুশীলনত নমাৰ পিছতে তাৰকাগৰাকীৰ আঘাতৰ বিষয়টো ৰহস্যজনক হৈ পৰে৷ আই পি এলৰ প্লে অফ আৰু ফাইনেলতো তেওঁ মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলপথাৰত নমাত বি চি চি আয়ে পৰৱর্তী সময়ত ৰোহিতক টেষ্ট দলত অন্তর্ভুক্ত কৰে৷ কিন্তু পিতৃৰ অসুস্থতাৰ বাবে মুম্বাইৰ অ’পেনাৰগৰাকীয়ে ভাৰতীয় দলৰ সৈতে অষ্ট্রেলিয়ালৈ ৰাওনা হোৱাৰ পৰিৱর্তে স্বদেশলৈ উভতি আহে৷ স্বদেশলৈ আহি তেওঁ বাংগালুৰুস্থিত এন চি এত নিজকে সুস্থ কৰিবলৈ প্রচেষ্টা আৰম্ভ কৰে৷ বিগত প্রায় এমাহ ধৰি এন চি এত থকাৰ পিছত ৰোহিত এতিয়া সম্পূর্ণৰূপে সুস্থ হৈ অষ্ট্রেলিয়ালৈ যাবলৈ সাজু হৈছে৷

You might also like