নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট ৰেংকিং: অলৰাউণ্ডাৰৰ শীর্ষলৈ জাদেজা

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ  ৰকষ্টাৰ ৰবীন্দ্র জাদেজাই আই চি চি টেষ্ট ৰেংকিঙৰ অলৰাউণ্ডাৰ শাখাৰ শীর্ষস্থানটো অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ শ্রীলংকাৰ বিপক্ষে ম’হালিত খেলা টেষ্টখনত বেটিং আৰু বলিং উভয়তে চমকপ্রদ প্রদর্শন দাঙি ধৰি ৱেষ্ট ইণ্ডিজৰ জেছন হ’ল্ডাৰক আঁতৰাই অলৰাউণ্ডাৰ শাখাৰ সিংহাসনত উপৱিষ্ট হয় টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈগৰাকী৷ সদ্যসমাপ্ত ম’হালি টেষ্টখনত জাদেজাই প্রথম ইনিংছত অপৰাজিত ১৭৫ ৰানৰ কৰাৰ লগতে টেষ্টখনত মুঠ ৯টা উইকেট দখল কৰে৷ দুটা স্থান আগুৱাই জাদেজা শীর্ষ স্থানলৈ উন্নীত হয়৷ অলৰাউণ্ডাৰ শাখাত জাদেজাৰ সতীর্থ ৰবিচন্দ্রন অশ্বিনৰ এটা স্থানৰ অৱনমন ঘটিছে৷ ৩৪৭ ৰেটিং পইণ্টেৰে অশ্বিন তৃতীয় স্থানলৈ অৱনমিত হয়৷ ইফালে, ৱেষ্ট ইণ্ডিজৰ জেছন হ’ল্ডাৰ দ্বিতীয় স্থানলৈ অৱনমিত হয়৷

আনহাতে, অষ্ট্রেলিয়াৰ মার্নাছ লাবুচানেই শীর্ষ স্থান দখল কৰি থকা বেটাৰ শাখাৰ শীর্ষ পাঁচলৈ উন্নীত হৈছে টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক বিৰাট কোহলি৷ দুটা স্থান আগুৱাই কোহলিয়ে পঞ্চম স্থানটো অধিকাৰ কৰিছে৷ কেৰিয়াৰৰ শততম টেষ্টখনৰ প্রথম ইনিংছত ৪৫ ৰান কৰাৰ সুবাদত কোহলিয়ে দুটা স্থান আগুৱাবলৈ সক্ষম হয়৷ ইফালে, এটা স্থান পিছুৱাই ষষ্ঠ স্থানলৈ অৱনমিত হৈছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মা৷ ম’হালি টেষ্টত নার্ভাছ নাইনটীৰ চিকাৰ হোৱা ঋষভ পণ্টে এটা স্থান আগুৱাই দশম স্থানটো লাভ কৰিছে৷ অষ্ট্রেলিয়াৰ পেট কামিনছে শীর্ষস্থান দখল কৰি থকা বলাৰ শাখাত ভাৰতীয় দলটোৰ অশ্বিন আৰু বুমৰাহে ক্রমে দ্বিতীয় আৰু দশম স্থানটো অক্ষুণ্ণ ৰাখিছে৷

You might also like