ট্রেভিছ হেড অভিনীত বিজ্ঞাপনক লৈ ক্ষুব্ধ আৰচিবি
🔹 আদালতৰ দ্বাৰস্থ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু
নিউজ ডেস্ক, ১৮ এপ্রিল : আইপিএলৰ চলিত ছিজনত আশানুৰূপ আৰম্ভণি ঘটাহছে আৰচিবিয়ে৷ এই পর্যন্ত ৬খন মেচৰ ভিতৰত ৪খনত জয়েৰে আৰচিবি আছে পইণ্ট তালিকাৰ তৃতীয় স্থানত৷ প্রতিযোগিতাত এই সফলতাৰ পিছতো আৰচিবিৰ শিবিৰত এতিয়া পিছে দেখা গৈছে ক্ষোভৰ উদ্গীৰণ৷ এই ক্ষোভৰ বাবে এতিয়া আদালতৰো কাষ চাপিছে আৰচিবি৷ দৰাচলতে উবেৰৰ এটা বিজ্ঞাপনক কেন্দ্র কৰি বিবাদৰ সৃষ্টি হৈছে আৰচিবি আৰু উবেৰৰ মাজত৷
আইপিএলত ছানৰাইজার্ছ হায়দৰাবাদক প্রতিনিধিত্ব কৰা অষ্ট্রেলিয়ান ক্রিকেটাৰ ড্রেভিছ হেডক দেখা পোৱা গৈছে উবেৰৰ এই বিতর্কিত বিজ্ঞাপনত৷ আৰচিবিৰ মতে, বিজ্ঞাপনটোৰ দ্বাৰা দলটোক ‘ৰয়েল চেলেঞ্জার্ছ বাংগালুৰু’ বুলি অভিহিত কৰি উপহাস কৰা হৈছে৷ এই কৌতুকৰ বাবে এতিয়া উবেৰ–ইণ্ডিয়া আহনী প্রক্রিয়াৰ সন্মুখীন হৈছে৷ বিজ্ঞাপনটোৰ বাবে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে৷ এই উপহাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আইপিএল ফ্রেঞ্চাইজীটোৱে বিজ্ঞাপনত ব্যৱহূত ভাষাই তেওঁলোকৰ ব্রেণ্ড ইমেজৰ মান নিম্নগামী কৰা বুলি অভিযোগ কৰিছে৷ এই বিজ্ঞাপনৰ দ্বাৰা উবেৰ ইণ্ডিয়াই আৰচিবিৰ ট্ৰেডমার্কক প্রত্যক্ষভাৱে আক্রমণ কৰিছে বুলি আৰচিবিয়ে লগতে দাবী কৰিছে৷
ফ্রেঞ্চাইজীটোৱে আদালতত উল্লেখ কৰা মতে, বিজ্ঞাপনটোত লগতে তেওঁলোকৰ প্রিয় শ্ল’গান ‘ই চালা কাপ নামদে’কো উপহাস কৰা হৈছে৷ আদালতত আৰচিবিয়ে কয় যে এই শ্ল’গান দল আৰু অনুৰাগী উভয়ৰে সৈতে আৱেগিকভাৱে জড়িত৷ এনে পৰিস্থিতিত বিজ্ঞাপনত কটু ৰূপত উপস্থাপন কৰাটো অনুৰাগী আৰু দল উভয়ৰে আৱেগক লৈ কৰা ধেমালিৰ বাহিৰে আন একো নহয় বুলি ফ্রেন্সাইজীটোৱে কয়৷
এই বিজ্ঞাপন সন্দর্ভত আৰচিবিয়ে লোৱা পদক্ষেপৰ পিছত এতিয়া উবেৰ ইণ্ডিয়াৰ প্রতিক্রিয়া হ’ব লক্ষণীয়৷ উবেৰে সেই বিজ্ঞাপনটো প্রত্যাহাৰ কৰিবনে বা নিজৰ পক্ষত যুক্তি দাঙি ধৰিব, সেই বিষয়ত সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে৷ আদালতে যদি ফ্রেঞ্চাইজীটোৰ যুক্তিত সন্মতি দিয়ে, তেতিয়া উবেৰ ইণ্ডিয়াই কেৱল বিজ্ঞাপনটো আঁতৰাই দিয়াই নহয়, ক্ষমা খুজিবও যে লাগিব তাত কোনো সন্দেহ নাই৷ গতিকে, আইপিএলৰ সমান্তৰালকৈ এতিয়া আৰচিবিৰ অনুৰাগীসকলে এই গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে কি সিদ্ধান্ত লয়, তাৰ ওপৰতো দৃষ্টি ৰাখিব৷