নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাংগুলীৰ বিশ্বাস টেষ্টলৈ সুস্থ হ’ব সাহা

নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে অহা ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বহুপ্রত্যাশিত টেষ্ট শৃংখলালৈ সুস্থ হৈ উঠিব অভিজ্ঞ উইকেটৰক্ষক ঋদ্ধিমান সাহা৷ হেমষ্ট্রিঙৰ আঘাতৰ পৰা ক্রমাৎ সুস্থ হৈ উঠা উইকেটৰক্ষকগৰাকীয়্ টেষ্ট শৃংখলাৰ পূর্বে অষ্ট্রেলিয়ালৈ ৰাওনা হ’ব৷ এই বিশ্বাস প্রকাশ কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ মুৰব্বী সৌৰভ গাংগুলীয়ে৷

‘বি চি চি আইৰ ট্রেইনাৰ আৰু ফিজি’ই প্রতিগৰাকী খেলুৱৈৰ আঘাত নিৰীক্ষণ কৰি আছে৷ উইকেটৰক্ষক সাহা দ্রুতগতিৰে সুস্থ হৈ উঠিছে৷ তেওঁ অষ্ট্রেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূর্বে সম্পূর্ণ সুস্থ হৈ উঠিব৷’ গাংগুলীয়ে এইদৰে কয়৷ ইফালে, টীম ইণ্ডিয়াৰ অ’পেনাৰ ৰোহিত শর্মা এতিয়াও ৭০ শতাংশহে সুস্থ বুলিও ব’ডৰ মুৰব্বীগৰাকীয়ে উল্লেখ কৰে৷ হেমষ্ট্রিঙৰ আঘাতৰ পৰা সম্পূর্ণ সুস্থ হৈ নুঠাৰ বাবে ৰোহিতক এদিনীয়া আৰু টি–২০ দলত অন্তর্ভুক্ত কৰা নাই বুলিও তেওঁ জানিবলৈ দিয়ে৷

You might also like