IPL-ৰ এলিমিনেটৰ মেচত আজি সমুখসমৰত RR vs SRH
পৰাজয় মানেই বিদায়৷ চলিত আইপিএলত বর্তি থকাৰ বাবে মৰণপণ যুঁজত নামিব প্রাক্তন চেম্পিয়ন ৰাজস্থান ৰয়েলছ আৰু প্রথমবাৰৰ বাবে খিতাপ দখলৰ সন্ধানত থকা ছানৰাইজার্ছ হায়দৰাবাদে৷
ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট লীগ আইপিএলৰ নিউ চণ্ডীগড়ত আজি অনুষ্ঠিত হ’ব এলিমিনেটৰ মেচ৷ এই মেচখনত যিটো দলে পৰাজিত হ’ব সেই দলটোৰ প্রতিযোগিতাখনৰ বিদায় নিশ্চিত হ’ব৷
ইফালে, মেচখনত বিজয়ী দলটোৱে শুকুৰবাৰে হ’বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত খেলাৰ সুযোগ লাভ কৰিব৷ মেচখনত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব যুৱ বিস্ফোৰক অ’পেনাৰ ৰাজস্থানৰ বৈভৱ সূর্যবংশীৰ ওপৰত৷
বিপৰীতে ছানৰাইজার্ছৰ অভিষেক শর্মা, ট্রেভিছ হেড, ঈশান কিশন আৰু ক্লাছেনৰ ওপৰতো অনুৰাগীৰ দৃষ্টি নিবদ্ধ থাকিব৷ বৈভৱ সূর্যবংশীৰ কান্ধত ধৰি ৰাজস্থান ৰয়েলছে ছানৰাইজার্ছক পৰাস্ত কৰাৰ সপোন দেখিছে৷
প্রতিযোগিতাখনত ইটোৰ পিছত সিটো অভিলেখ গঢ়া বৈভৱে যদি আজি নিজৰ ছন্দ অক্ষুণ্ণ ৰাখিব পাৰে, তেতিয়াহ’লে মেচখনত ৰাজস্থানে জয়লাভ কৰাটো নিশ্চিত৷
বৈভৱৰ উপৰি যশস্বী জয়ছোৱাল আৰু ধ্রুৱ জুৰেলৰ প্রদর্শনৰ ওপৰতো ৰাজস্থানৰ ভাগ্য বহুখিনি নির্ভৰ কৰিব৷ চলিত আইপিএলত ৰাজস্থানৰ হৈ বৈভৱৰ লগতে জয়ছোৱাল আৰু জুৰেলে উন্নত প্রদর্শন দাঙি ধৰি আহিছে৷ মেচখনত এই তিনিগৰাকী বেটাৰৰ ওপৰত ৰাজস্থানৰ ভাগ্য বহুখিনি নির্ভৰ কৰিব৷
ইফালে, বলিঙত মূল অস্ত্র হ’ব জোফ্রা আর্চাৰৰ লগতে ব্রিজেশ শর্মা আৰু ৰবীন্দ্র জাদেজা৷ ইফালে, ছানৰাইজার্ছে বৈভৱ সূর্যবংশীক আগতীয়াকৈ বিদায় দিয়াৰ বাবে বিশেষ ৰণনীতি প্রস্তুত কৰিছে৷
মেচখনত ছানৰাইজার্ছৰ বেটিং বিভাগত মূল ভৰসা হ’ব অভিষেক শর্মা, ট্রেভিছ হেড, ঈশান কিশন আৰু ক্লাছেনৰ ওপৰত৷ এই চাৰিওগৰাকী বেটাৰে যদি নিজৰ ছন্দ অনুসৰি খেলিব পাৰে, তেন্তে মেচখনত জয়লাভ কৰাটো নিশ্চিত৷ ইফালে, বলিঙত আছে পেট কামিনছ, ঈশান মালিংগা আৰু ছাকিব হুছেইনৰ দৰে বলাৰ৷
খেলৰ সময়ঃ নিশা ৭.৩০ বজা
ডিজিটেল ডেস্ক, ২৭ মে’