নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত টিএমপিকেৰ গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ গ্ৰামাঞ্চলৰ সুপ্ত ক্ৰীড়া প্ৰতিভাক প্ৰণালীবদ্ধ শৈলীৰে চিনাক্ত কৰি উচ্চ মানৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগোৱাই নিয়াৰ উদ্দেশ্যে টাকাম মিচিং পৰিণ কৗবং ঢকুৱাখনা জিলা কোষৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰৰ তত্ত্বাৱধানত টিএমপিকেৰ ঢকুৱাখনা জিলা সমিতিৰ অন্তগত ১১ খন জিলা সমিতিয়ে শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুস্থিত কৰিছে ক্ৰীড়া প্ৰতিযোগিতা৷ ইয়াৰ অংশ হিচাপে সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুল খেলপথাৰত টিএমপিকে সোণাৰি চাপৰি আঞ্চলিক সমিতিৰ সহযোগতো অনুস্থিত কৰা হয় বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা৷ অঞ্চলটোৰ ৬ গাঁৱৰ ১৭ বছৰ অনুদ্ধ খেলুৱৈ সকলৰ মাজত ১০০ মিটাৰ,২০০ মিটাৰ, ৪০০ মিটাৰ দৌৰ, জাম্প, চটফুট থ্ৰ, ডিস্কাছ থ্ৰ, জেৱলিং থ্ৰ, মাৰাথন দৌ, ফুটবল খেল আদি প্ৰতিযোগিতা সমুহ  অনুস্থিত কৰি প্ৰতিভান খেলুৱৈ সকলক বাছনি কৰা হয়৷ সোণাৰি চাপৰি অঞ্চলৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতাত স্ব প্ৰতিভাৰে উজ্জ্বলি স্থান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰতিযোগিসকলক জিলা প্ৰৰ্যায়লৈ আৰু জিলা প্ৰৰ্যায়ত উজ্জ্বলি উঠা প্ৰতিযোগিসকলক অহা ১৯ৰ পৰা ২২ জানুৱাৰীলৈ অনুস্থিত হব লগা মিচিং যুৱ মহোৎসৱত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব বুলিও জানিবলৈ দিয়ে টিএমপিকেৰ সোণাৰি চাপৰি আঞ্চলিক সমিতিয়ে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like