নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাবল ছুপাৰ অভাৰত ৰিজাল্ট, আফগানিস্তানক হৰুৱালে দক্ষিণ আফ্ৰিকাই

টি-২০ বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এখন খেলৰ ফলাফল ডাবল ছুপাৰ অভাৰৰ জৰিয়তে নিৰ্ধাৰিত হ’ল। এক ৰোমাঞ্চকৰ মুখামুখিত দক্ষিণ আফ্ৰিকাই আফগানিস্তানক পৰাস্ত কৰে।

প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত ২০ অভাৰত ১৮৭ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আফগানিস্তানেও ১৮৭ ৰান সংগ্ৰহ কৰি খেলখন টাই কৰে।

প্ৰথম ছুপাৰ অভাৰত আফগানিস্তানে ৪, ৬, ১, ১, ৪, ১ৰে মুঠ ১৭ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকায়ো ১, ৬, আউট, ৪, ০, ৬ ৰে ১৭ ৰান সংগ্ৰহ কৰে। অন্তিম বলত ৭ ৰানৰ প্ৰয়োজন হোৱা অৱস্থাত ট্ৰিষ্টান ষ্টাবছৰ ছয়ে খেলখন দ্বিতীয় ছুপাৰ অভাৰলৈ লৈ যায়।

দ্বিতীয় ছুপাৰ অভাৰত দক্ষিণ আফ্ৰিকাই ৬, ১, ২, ৬, ৬, ২ ৰে ২৩ ৰান কৰে। ২৪ ৰানৰ লক্ষ্য লৈ নামা আফগানিস্তানে আৰম্ভণিতে চাপে পৰে। মহম্মদ নবী আউট হোৱাৰ পাছতো ৰহমনুল্লাহ গুৰবাজে একেৰাহে তিনিটা ছয় মাৰি খেলখন ৰোমাঞ্চকৰ কৰি তোলে। কিন্তু অন্তিম বলত গুৰবাজ আউট হোৱাত আফগানিস্তান ১৮ ৰানতে সীমাবদ্ধ থাকে।

এইদৰে ডাবল ছুপাৰ অভাৰৰ এই ঐতিহাসিক খেলত দক্ষিণ আফ্ৰিকাই স্মৰণীয় জয় লাভ কৰে।

ডিজিটেল ডেস্ক, ১১ ফেব্ৰুৱাৰী

You might also like