ইডেনত আজি প্ৰথম ছেমিত দক্ষিণ আফ্ৰিকা বনাম নিউজিলেণ্ড
এখন হাইভল্টেজ মেচৰ সাক্ষী হবলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা। আজি ইডেন গাৰ্ডেনত টি-২০ বিশ্বকাপৰ প্ৰথমখন ছেমিত মুখামুখি হব দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড।
আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰথম ছেমিফাইনেল আজি ৪ মাৰ্চত কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব। এই টুৰ্ণামেণ্টত দুয়োটা দল দ্বিতীয়বাৰৰ বাবে মুখামুখি হ’ব যদিও এইবাৰৰ গুৰুত্ব বহু বেছি, কিয়নো পণ হৈছে ফাইনেলৰ টিকট।
দক্ষিণ আফ্ৰিকা গোটেই টুৰ্ণামেণ্টজুৰি দুৰ্দান্ত ফৰ্মত দেখা গৈছে। গোট পৰ্যায় আৰু ছুপাৰ-৮ত ধাৰাবাহিক জয় লাভ কৰি এতিয়ালৈকে অপৰাজিত হৈ আছে দলটো। ভাৰতৰ বিৰুদ্ধে জয়ে তেওঁলোকৰ আত্মবিশ্বাস আৰু মজবুত কৰিছে।
আনহাতে নিউজিলেণ্ডৰ যাত্ৰা অলপ উঠা-নমাৰ মাজেৰে গৈছে। গোট পৰ্যায়ত তিনিটা জয়ৰে আগবাঢ়িলেও ছুপাৰ-৮ত এখন মেচত পৰাজয় স্বীকাৰ কৰিবলগীয়া হয় আৰু এখন বৰষুণৰ বাবে বাতিল হয়। তথাপিও কিৱি দল ছেমিফাইনেলত উপনীত হ’বলৈ সক্ষম হৈছে।
ছেমিফাইনেল আৰু ফাইনেলৰ বাবে আইচিচিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। মেচৰ দিনা অতিৰিক্ত ৯০ মিনিট সময় সংৰক্ষণ কৰা হৈছে, যাতে বৰষুণৰ মাজতো খেল সম্পূৰ্ণ কৰিব পৰা যায়। যদি ৪ মাৰ্চত মেচ সম্পূৰ্ণ নহয়, তেন্তে ৫ মাৰ্চত ৰিজাৰ্ভ ডে’ত খেল পুনৰ আৰম্ভ হ’ব—য’ত ৰৈছিল তাৰ পৰাই।
কিন্তু যদি ৰিজাৰ্ভ ডে’তো এটাও বল নপৰিলে, তেন্তে নিয়ম অনুসৰি ছুপাৰ-৮ত আগস্থানত থকা দল ফাইনেলত উপনীত হ’ব।
ছুপাৰ-৮ পৰ্যায়ত দক্ষিণ আফ্ৰিকাই নিজৰ গোটত ৬ পইণ্ট লৈ শীৰ্ষস্থান দখল কৰিছিল। আনহাতে নিউজিলেণ্ডে ৩ পইণ্টেৰে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। সেয়ে মেচ সম্পূৰ্ণভাৱে বাতিল হ’লে দক্ষিণ আফ্ৰিকাই পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিব।
এই ছেমিফাইনেলৰ বিজয়ী দলে ৮ মাৰ্চত আহমেদাবাদত অনুষ্ঠিত ফাইনেলত অৱতীৰ্ণ হ’ব। ফলত দুয়োটা দলৰ বাবে এই মেচ অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া অনুৰাগীসকলে আশা কৰিছে যে বতৰ অনুকূল থাকিব আৰু পূৰ্ণ ৰোমাঞ্চ উপভোগ কৰিব পৰা যাব।
ইফালে কাইলৈ দ্বিতীয় ছেমিত ৱাংখেড়েত মুখামুখি হব ইংলেণ্ড আৰু ভাৰত।
ডিজিটেল ডেস্ক, ৪ মাৰ্চ