নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালীত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত দুজন

বিহালীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ খেৰবাৰী অঞ্চলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে দুজন লোক নিহত হৈছে। ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, AS 12 Y 1351 নম্বৰৰ এখন মটৰচাইকেল একে দিশে আগবাঢ়ি আহি থকা অৱস্থাত পিছফালৰ পৰা AS 32 D 8115 নম্বৰৰ এখন স্কৰপিঅ’ বাহনে তীব্ৰ গতিত মহটিয়াই নিয়ে। সংঘৰ্ষ ইমানেই তীব্ৰ আছিল যে দুই বাইক আৰোহীয়ে ঘটনাস্থলীতেই প্ৰাণ হেৰুৱায়।

নিহত দুজনৰ পৰিচয় এতিয়ালৈকে চিনাক্ত হোৱা নাই। খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

ডিজিটেল ডেস্ক, ৪ মাৰ্চ

You might also like