নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকা ভ্রমণত ভাৰতৰ প্রশিক্ষক দ্রাবিড়

নিয়মীয়া বাৰ্তা ১৬ জুনঃ সমাগত শ্রীলংকা ভ্রমণত টীম ইণ্ডিয়াৰ প্রশিক্ষকৰ ৰূপত দেখিবলৈ পোৱা যাব ৰাহুল দ্রাবিড়ক৷ বিশ্ব ক্রিকেটৰ অন্যতম শ্রেষ্ঠ বেটছমেন হিচাপে পৰিচিত ভাৰতৰ প্রাক্তন অধিনায়কগৰাকীয়ে নিয়মীয়া প্রশিক্ষক ৰবি শাস্ত্রীৰ অনুপস্থিতিত শ্রীলংকা ভ্রমণত ভাৰতীয় দলৰ প্রশিক্ষকৰ দায়িত্ব পালন কৰিব৷ বি চি চি আইৰ সচিব জয় শ্বাহে আজি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে৷ ইয়াৰ পূর্বে দ্রাবিড়ে ২০১৪ৰ ইংলেণ্ড ভ্রমণত টীম ইণ্ডিয়াৰ বেটিং পৰামর্শদাতা হিচাপে দায়িত্ব পালন কৰিছিল৷

উল্লেখ্য যে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ডত ব্যস্ত থকাৰ সময়তে শিখৰ ধাৱনৰ নেতৃত্বত ভাৰতৰ আন এটা দলে শ্রীলংকাৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু তিনিখন টি–২০ মেচ খেলিব৷ ইফালে, অহা ১৩ জুলাইৰ পৰা শ্রীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া সীমিত অ’ভাৰ শৃংখলাৰ বাবে শিখৰ ধাৱন নেতৃত্বাধীন দলটোৰ খেলুৱৈসকল আজি মুম্বাইত একগোট হৈছে৷ আজিৰ পৰা তেওঁলোকে ১৪ দিনৰ কোৱাৰেণ্টাইনত থাকি অহা ২৮ জুনত কলম্বোলৈ ৰাওনা হ’ব৷ অনুশীলন আৰম্ভ কৰাৰ পূর্বে তেওঁলোকে ৪ জুনলৈ কলম্বোত কোৱাৰেণ্টাইনত থাকিব লাগিব৷

You might also like