আজিৰ কেবিনেটে সাম্প্ৰতিক ক’ভিড পৰিস্থিতৰ বিতং পৰ্যালোচনাৰ অন্তত সিদ্ধান্ত লয় যে প্ৰচলিত ব্যৱস্থা অনুসৰি আগন্তুক উচ্চ মাধ্যমিক, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়। সেয়েহে অহা ১৮ জুন তাৰিখে শিক্ষা বিভাগে সকলো পক্ষৰ সৈতে আলোচনাৰ মাধ্যমেৰে এই সংক্ৰান্তত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
সাম্প্ৰতিক ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ কেবিনেটে সুকীয়া শৌচাগাৰ আৰু কোঠাৰ ব্যৱস্থা নথকা ক’ভিড প’জিটিভ লোকক হোম আইচ’লেশ্যন প্ৰদান নকৰিবলৈ সিদ্ধান্ত লয়। স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে এই সিদ্ধান্ত কঠোৰভাৱে বলবৎ কৰিব লাগিব।