২২ ডিচেম্বৰত যুগ্ম জীৱনৰ পাতনি মেলিব তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে
নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ ডিচেম্বৰঃ অচিৰেই বিবাহপাশত আবদ্ধ হ’ব ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধু৷ অলিম্পিকত দুবাৰৰ পদক বিজয়ী সিন্ধুৱে ২২ ডিচেম্বৰত হায়দৰাবাদস্থিত আইটি পেছাদাৰী ভেংকট দত্ত সাইৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব৷ তেওঁ পোচিডেক্স টেকন’লজিছৰ কার্যবাহী সঞ্চালক৷ তেওঁলোকৰ বিবাহ অনুষ্ঠান ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হ’ব৷ বিবাহ উদযাপন অনুষ্ঠান ২০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব৷ এই সন্দর্ভত সিন্ধুৰ দেউতাকে সংবাদ প্রতিষ্ঠানৰ আগত কয় যে বিবাহখন এমাহ আগতে চূডান্ত কৰা হৈছে আৰু পৰিয়ালটোৱে বিচাৰিছে যে বিয়াখন এই মাহতে অনুষ্ঠিত হওক, কিয়নো জানুৱাৰীৰ পৰা সিন্ধুৱে ২০২৫ চনৰ ব্যস্ত ছিজন আৰম্ভ কৰাৰ কথা৷ দেউতাক পি ভি ৰমনাই কয়– ‘দুয়োটা পৰিয়ালে পূর্বৰে পৰা পৰস্পৰক চিনি পায় কিন্তু এমাহ আগতে সকলো চূডান্ত কৰা হৈছে৷ এইটোৱেই একমাত্র সম্ভৱ সময় আছিল কিয়নো জানুৱাৰীৰ পৰা তেওঁৰ সময়সূচী যথেষ্ট ব্যস্ত হৈ পৰিব৷’ ৰমনাই লগতে কয়– ‘সেয়েহে দুয়োটা পৰিয়ালে ২২ ডিচেম্বৰত বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে৷ অভ্যর্থনা অনুষ্ঠানটো ২৪ ডিচেম্বৰত হায়দৰাবাদত অনুষ্ঠিত হ’ব৷ ভেংকট দত্ত সাই হৈছে পোচিডেক্স টেকন’লজিছৰ কার্যবাহী সঞ্চালক, যাৰ নতুন লোগো যোৱা মাহত সিন্ধুৱে মুকলি কৰিছিল৷ সাই হৈছে পোচিডেক্স টেকন’লজিছৰ পৰিচালন সঞ্চালক জি টি ভেংকটেশ্বৰ ৰাওৰ পুত্র৷ সায়ে লিবাৰেল এণ্ড মেনেজমেণ্ট এডুকেচন ফাউণ্ডেচনৰ পৰা লিবাৰেল আর্টছ এণ্ড ছায়েঞ্চ৷ লিবাৰেল ষ্টাডিজত ডিপ্ল’মা গ্রহণ কৰিছে৷ তেওঁ ২০১৮ চনত ফ্লেম বিশ্ববিদ্যালয়ৰ বেচেলৰ অৱ বিজনেছ এডমিনিষ্ট্রেচনৰ পৰা বিবিএ একাডণ্টিং এণ্ড ফাইনেঞ্চৰ শিক্ষা সম্পূর্ণ কৰে আৰু তাৰ পিছত বেংগালুৰুৰ আন্তর্জাতিক তথ্য–প্রযুক্তি প্রতিষ্ঠানৰ পৰা ডাটা ছায়েঞ্চ এণ্ড মেচিন লার্নিঙত স্নাতকোত্তৰ ডিগ্রী অর্জন কৰে৷