ছিডনীত আজি শৃংখলা দখলৰ লক্ষ্য ভাৰতৰ
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ ছিডনীত টি–২০ শৃংখলা দখলৰ লক্ষ্য লৈছে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ ঘৰুৱা দল অষ্ট্রেলিয়াৰে খেলি থকা তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি ছিডনী ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’ব৷
ইতিমধ্যে শৃংখলাটোৰ প্রথমখন মেচত বিজয় সাব্যস্ত কৰি আত্মবিশ্বাসেই নহয়, অগ্রগতিও লাভ কৰি থকা ভাৰতীয় দলটোৱে আজিৰ মেচখনত বিজয় সাব্যস্ত কৰি টি–২০ শৃংখলাটো দখল কৰাৰ লক্ষ্য লৈছে৷ অৱশ্যে আজিৰ মেচখনত ভাৰতীয় দলটোৱে ৰবীন্দ্র জাদেজাৰ অভাৱ অনুভৱ কৰিব৷ প্রথমখন মেচত বিস্ফোৰক বেটিঙেৰে ভাৰতীয় দলটোৰ জয়ত আগভাগ লোৱা জাদেজাই আঘাতৰ বাবে শৃংখলাটোৰ পৰৱর্তী মেচ দুখনত অংশগ্রহণ কৰিব নোৱাৰিব৷
লগতে পঢ়কঃ ৬৬ বছৰীয়া দেউতাক বিয়া কৰাই দিলে পুত্ৰই, ৬৩ বছৰীয়া নতুন মাতৃ পায় সম্পূর্ণ হ’ল পৰিয়াল
অৱশ্যে মেচখনত পূর্ণ শক্তিৰে অৱতীর্ণ হ’ব বুলি উল্লেখ কৰি ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কোহলিয়ে কয় যে এদিনীয়া শৃংখলাটো হেৰুওৱাৰ পিছত টি–২০ শৃংখলাটো আমাৰ বাবে বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ আজিৰ মেচখনত বিজয় সাব্যস্ত কৰি শৃংখলাটো দখল কৰাই আমাৰ প্রধান লক্ষ্য৷ শিখৰ ধাৱনৰ লগতে তেওঁ নিজেও বিস্ফোৰক ইনিংছ খেলিব লাগিব বুলি উল্লেখ কৰি কোহলিয়ে লগতে কয় যে প্রথমখন মেচত মোৰ লগতে ধাৱন, মনীষ পাণ্ডে, হার্দিক পাণ্ডিয়া আৰু সঞ্জু ছেমছনে নিজৰ সামর্থ্য অনুসৰি খেলিবলৈ সক্ষম হোৱা নাছিল৷ দুর্বল শ্বট খেলি মোৰ লগতে মনীষ পাণ্ডে, পাণ্ডিয়া আৰু ছেমছনে পেভিলিয়নমুখী হৈছিল৷ আশা কৰিছোঁ সতীর্থসকলে নিজৰ ছন্দ অনুসাৰে খেলি আজিৰ মেচখনত বিজয় সাব্যস্ত কৰাত গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰিব৷ শীর্ষ পাঁচগৰাকী বেটছমেনৰ পৰা দীঘলীয়া ইনিংছৰ আশা ৰাখিছে অধিনায়কগৰাকীয়ে৷
ইপিনে, আজিৰ মেচখনত বিজয় সাব্যস্ত কৰি শৃংখলাটোত প্রত্যাৱর্তনৰ লক্ষ্য লৈছে ঘৰুৱা দল অষ্ট্রেলিয়াই৷ প্রথমখন মেচত সম্পূর্ণৰূপে ব্যর্থ হোৱা তাৰকা বেটছমেন ষ্টিভেন স্মিথ আৰু অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলৰ পৰা বিস্ফোৰক বেটিঙৰ আশা প্রকাশ কৰিছে দলটোৰ অধিনায়ক আৰন ফিনছে৷ অৱশ্যে মেচখনত জয়লাভ কৰাৰ বাবে অশেষ কষ্ট কৰিব লাগিব বুলি কয় অধিনায়কগৰাকীয়ে৷
খেলৰ সময়: দুপৰীয়া ১.৪০ বজা৷