নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অঘটন অব্যাহত টি-২০ বিশ্বকাপত : জিম্বাবৱেৰ হাতত পৰাস্ত পাকিস্তান

বিশেষ বাৰ্তা, ২৭ অক্টোবৰঃ টি-২০ বিশ্বকাপত অঘটন অব্যাহত আছে। আজি অনুষ্ঠিত এখন খেলত তুলনামূলকভাৱে দুৰ্বল দল জিম্বাৱৱেৰ হাতত পৰাস্ত হয় প্ৰাক্তন চেম্পিয়ন পাকিস্তান। ছুপাৰ-১২ মেচত জিম্বাবুৱেই পাকিস্তানক এক ৰানত পৰাস্ত কৰে। এই প্ৰতিযোগিতাত পাকিস্তানৰ বাবে একেৰাহে দ্বিতীয়বাৰৰ বাবে এয়া পৰাজয়। এই পৰাজয়ৰ লগে লগে পাকিস্তানৰ বাবে এতিয়া ছেমি ফাইনেললৈ যোৱাটো কঠিন হৈ পৰিছে। প্ৰথমে বেটিং কৰা জিম্বাবুৱেই ১৩০ ৰান সংগ্ৰহ কৰাৰ লগতে পাকিস্তানে মাত্ৰ ১২৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। প্ৰথমে বেটিং কৰি জিম্বাবুৱেৰ ৪২ ৰান মাত্ৰ পাঁচ অভাৰত আহিছিল। কিন্তু দশম অভাৰলৈ দলটোৰ স্ক’ৰ আছিল ৬৪/৩। চতুৰ্থটো উইকেটৰ বাবে শ্বেন উইলিয়ামছ (৩১) আৰু ছিকান্দৰ ৰাজা (৯)ৰ মাজত ৩১ ৰান সংগ্ৰহ আছিলগুৰুত্বপূৰ্ণ। পাকিস্তানী বলাৰসকলে কামবেক কৰাৰ সময়তে পুনৰ জিম্বাবুৱেক শ্বক দি নিজৰ স্ক’ৰ ৯৫/৭ কৰে। টেইল বেটছমেনসকলে কেনেবাকৈ নিজৰ দলটোক ১৩০ ৰানলৈ লৈ যায়। পাকিস্তানৰ হৈ মহম্মদ ৱাছিমে ৪টা উইকেট দখল কৰে। ছাদাব খানেও লাভ কৰে তিনিটা উইকেট। বেটিং কৰি পাকিস্তানৰ আৰম্ভণি ভাল নাছিল আৰু পাৱাৰপ্লেত বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ উইকেট হেৰুৱাই পেলাইছিল। অষ্টম অভাৰলৈ দলটোৱে ৩৬ ৰানৰ স্ক’ৰত তৃতীয়টো আঘাতৰ সন্মুখীন হৈছিল। ইয়াৰ পিছতে চতুৰ্থটো উইকেটৰ বাবে ৫২ ৰান আহিছিল ছাদাব খান (১৭) আৰু শ্বান মাছুদ (৪৪)ৰ মাজত। এই ৰানেৰে পাকিস্তানে মেচখন নিজৰ ফলীয়া কৰিছিল যদিও ছিকান্দৰ ৰাজাই একেৰাহে দুটা অভাৰত ছাদাব আৰু মাছুদক আউট কৰি মেচখনত উত্তেজনাৰ সৃষ্টি কৰিছিল। অতি কম ব্যৱধানত তিনিটা উইকেট হেৰুৱাই পাকিস্তানৰ ওপৰত যথেষ্ট হেঁচা পৰিছিল। মহম্মদ নৱাজে (২২) যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও শেষৰ অভাৰৰ পঞ্চমটো বলত আউট হোৱাৰ লগে লগে মেচখনত জিম্বাবুৱেৰ দখল অতি শক্তিশালী হৈ পৰে।

You might also like