নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত বজালী গ্ৰন্থ উৎসৱৰ শুভাৰম্ভ অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি মৃণালিনী দেৱীৰ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ “সাম্প্ৰতিক সময়ত ইলেকট্ৰনিক মাধ্যমৰ আগ্ৰাসন আৰু বহুল ব্যৱহাৰে গ্ৰন্থৰ ভৱিষ্যত সন্দৰ্ভত নানা সন্দিহানৰ সৃষ্টি কৰে যদিও যন্ত্ৰই কিন্তু কেতিয়াও গ্ৰন্থৰ স্থান ল’ব নোৱাৰে৷” – এই মন্তব্য অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি মৃণালিনী দেৱীৰ৷ বজালীৰ শৈক্ষিক, বৌদ্ধিক, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “সৃষ্টি, পাঠশালা”ৰ উদ্যোগত বজালী অঞ্চলত শিক্ষাৰ প্ৰসাৰ, বৌদ্ধিক বিকাশ আৰু গ্ৰন্থৰ প্ৰতি আকৰ্ষণ বৃদ্ধিৰ উদ্দেশ্যে আজি আৰম্ভ হোৱা ‘বজালী গ্ৰন্থ উৎসৱ- ২০২২’ৰ মূখ্য দ্বাৰ উন্মোচন কৰি তেওঁ আৰু কয় যে প্ৰতিখন গ্ৰন্থই একো একোটা নতুন চিন্তাৰ উদ্ৰেক ঘটায়৷ সেয়েহে এখন প্ৰগতিশীল সুস্থ সমাজৰ বাবে গ্ৰন্থ এখনৰ গুৰুত্ব সদায় অতুলনীয়৷ এনে এক প্ৰেক্ষাপটতে মানুহৰ মানসিক খোৰাক জগোৱাৰ বাবে গ্ৰন্থ উৎসৱ এক মহান উৎসৱ বুলি বিবেচনা কৰিব পাৰি৷ উল্লেখ্য যে আজিৰ পৰা ৩১ অক্টোবৰলৈ পাঠশালা হৰিমন্দিৰ প্রাঙ্গণত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা বজালী গ্ৰন্থ উৎসৱৰ কাৰ্যসূচী অনুসৰি আজি পুৱা সৃষ্টিৰ পতাকা উত্তোলন কৰে গ্ৰন্থ উৎসৱ পৰিচালনা সমিতিৰ সভাপতি মুৰাৰি মোহন দত্তই৷ গছপুলি ৰোপণ কৰে গ্ৰীণ মিছন, বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰে  আৰু পৰিৱেশ কৰ্মী নগেন চৌধুৰীয়ে৷ স্কুলীয়া শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত চিত্রাংকন প্রতিযোগিতাৰ পিছতে গ্ৰন্থমেলাৰ মূখ্য দ্বাৰ উন্মোচন কৰি অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি মৃণালিনী দেৱীয়ে উক্ত ভাষণ আগবঢ়ায়৷ গ্ৰন্থ উৎসৱৰ সভাপতি বিশিষ্ট শিক্ষাবিদ মুৰাৰি মোহন দত্তৰ সভাপতিত্বত মূখ্য সম্পাদক ড৹ নীলমজোতি দত্তই আঁত ধৰা সভাত উপস্থিত থাকি অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সম্পাদক ড৹ প্ৰণতি তালুকদাৰ মুদিয়াৰে গ্ৰন্থ আৰু গ্ৰন্থোৎসৱৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই কয় যে প্ৰতিখন গ্ৰন্থতে একো একোজন জীৱন্ত মানুহ বিচাৰি পোৱা যায়৷ অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতায়ো অংশগ্ৰহণ কৰা সভাখনত অসম সাহিত্য সভাৰ প্ৰত্ৰিকা সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই বিভিন্ন 

ক্ষেত্ৰত আগবঢ়া বজালীৰ গুণ গৰিমাৰ ওপৰত ভাষণ প্ৰদান কৰি কয় যে অসমে বৌদ্ধিক কিবা ভবাৰ পূৰ্বেই সেই সন্দৰ্ভত বজালী ভাবে৷ এনে এক প্ৰেক্ষাপটতে বজালীৰ ওপৰত ৰাজ্যৰ বৌদ্ধিক মহলৰ দৃষ্টি সদায় নিবদ্ধ হৈ থাকে৷ সভাখমত শলাগৰ শৰাই আগবঢ়ায় গ্ৰন্থ উৎসৱৰ অন্যতম বিষয়ববীয়া গৌতম তালুকদাৰে৷ সন্ধিয়া বন্তি প্ৰজ্বলন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক মৃদুল তালুকদাৰে৷ ইয়াৰ পাছতে শিক্ষাবিদ জীৱনকৃষ্ণ পাত্ৰ সোঁৱৰণী বিষ্ণু ৰাভা সংগীত আৰু জ্যোতি সংগীত প্রতিযোগিতা উদ্বোধন কৰে কামৰূপীয়া লোকগীতৰ সাধক শিল্পী পেঞ্চনাৰ বসন্ত পাটগিৰিয়ে৷ উল্লেখ্য যে চতুৰ্থবাৰৰ বাবে পাঠশালাত আয়োজন কৰা বজালী গ্ৰন্থ উৎসৱ,২০২২ ত ৰাজ্যৰ কেবাখনো আগশাৰীৰ গ্ৰন্থ বিপনীয়ে ভাগ লৈছে৷ ইপিনে কাইলৈ বিয়লি পাঠশালা লেখিকা চ’ৰাৰ উদ্যোগত আৰু চন্দ্ৰপ্ৰভা শ‍ইকীয়ানীৰ কৰ্মময় জীৱনৰ ওপৰত বিশিষ্ট শিক্ষাবিদ ৰত্নেশ্বৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া আলোচনা চক্ৰ উদ্বোধন কৰিব ভাৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে৷ কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিবলগীয়া আলোচনা চক্ৰ পিছতে সন্ধিয়া বন্তি প্রজ্বলন 

অনুষ্ঠান মুকলি কৰিব জোনাকী মেল, বজালীৰ বৰমেলুৱৈ মৃণাল চন্দ্ৰ কলিতাই৷ ইয়াৰ পাছতে বৰগীত আৰু ভূপেন্দ্ৰ সংগীত প্রতিযোগিতা অনুষ্ঠিত হব৷ ২৯ অক্টোবৰৰ বিয়লি অধ্যাপক ড° বিনীতা বৰা দেৱ চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া কবি সন্মিলন উদ্বোধন কৰিব বিশিষ্ট কবি নীলিম কুমাৰে৷ সন্ধিয়া জীতেন তালুকদাৰে বন্তি প্ৰজ্বলন কৰাৰ পিছতে স্ব-নির্বাচিত কবিতা আবৃত্তি প্রতিযোগিতা উদ্বোধন কৰিব বজালী জিলা পৰিষদৰ সভাপতি ৰণজিৎ শালৈয়ে৷ ৩০ অক্টোবৰৰ পুৱা অধ্যাপক পৰাগ বৰ্মণৰ সঞ্চালনাত অনন্ত মোহন শর্মা সোঁৱৰণী কুইজ প্রতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট নিবন্ধকাৰ পুলু কুমাৰ শৰ্মাই৷ বিয়লি মুখপত্র উন্মোচন কৰিব বিশিষ্ট অধিবক্তা গিৰিধৰ চৌধুৰীয়ে৷ কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানত ৰাষ্ট্ৰীয় ‘কলাৰত্ন বঁটা’ প্রাপক বিশিষ্ট শিল্পী আৰু অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ লক্ষ্মী দাসক গ্ৰন্থ সৌৰভ বঁটা প্ৰদান কৰা হব৷ সন্ধিয় ড৹ ভূপেন্দ্ৰ তালুকদাৰে বন্তি প্ৰজ্বলন কৰাৰ পিছতে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব হেমচন্দ্ৰ হালৈয়ে৷ ৩১ অক্টোবৰৰ বিয়লি মুৰাৰী মোহন দত্তৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া মুকলি সভা, ‘সৃষ্টি বঁটা’ প্ৰদান আৰু বঁটা বিতৰণী অনুষ্ঠানত বিশেষভাবে সক্ষম শিশুসকলৰ পীঠস্থান তপোবনৰ সঞ্চালক কুমুদ কলিতাক এই বৰ্ষৰ সৃষ্টি বঁটা প্ৰদান কৰা হব৷ অনুষ্ঠানত জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷ সন্ধিয়া বিচিত্রানুষ্ঠানৰে এই বৰ্ষৰ গ্ৰন্থ উৎসৱৰ সামৰণি পৰিব৷

প্ৰেৰক কল্যাণ কলিতা

You might also like