নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্রাবিড়ক টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক নিযুক্তি

নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ ভাৰতীয় ক্রিকেট দলটোৰ প্রাক্তন অধিনায়ক ৰাহুল দ্রাবিড়ক টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে৷ বিচিচিআইৰ এক বিবৃতিত বুধবাৰে এই কথা সদৰী৷ নিউজিলেণ্ডৰ বিপক্ষে ১৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ঘৰুৱা তিনিখনীয়া টি–২০ আৰু দুখনীয়া টেষ্ট মেচৰ শৃংখলাটোত ভাৰতীয় দলটোৰ প্রশিক্ষকৰ দায়িত্ব গ্রহণ কৰিব দ্রাবিড়ে৷ সুলক্ষণা নায়ক আৰু আৰ পি সিঙৰ দ্বাৰা গঠিত বিচিচিআইৰ ক্রিকেট উপদেষ্টা কমিটীয়ে দ্রাবিড়ক আজি টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষকৰ নিযুক্তি–পত্র প্রদান কৰে৷

You might also like