নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোহৰৰ উৎসৱ

কালীপূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীক আদৰিবলৈ সাজু হৈছে ভক্তপ্রাণ ৰাইজ৷ উৎসৱৰ বাবে ইতিমধ্যে প্রস্তুতি তুংগত৷ প্রতিটো উৎসৱ, পূজা–পার্বণৰ লগত জড়িত হৈ আছে মানুহৰ জীৱিকাৰ বিষয়টো৷ এই জীৱিকাৰ বিষয়টো জড়িত হৈ থকা বাবে উৎসৱবোৰ সমাজত প্রাসংগিক হৈ আছে৷ পূর্বৰ দৰে কুমাৰসকলৰ মাটিৰ পাত্র বনোৱা পৰম্পৰা আজিও চলি আছে৷ পোহৰৰ উৎসৱ দীপাৱলীৰ এক গুৰুত্বপূর্ণ অংশ হৈছে মাটিৰ চাকি৷ মৃৎ শিল্পত জড়িত হৈ থকা অসংখ্যা লোকৰ বাবে এই দীপাৱলী জীৱিকাৰ এক ডাঙৰ উৎসৱ৷ সেইদৰে বর্তমান বিশ্বজুৰি প্রদূষণৰ অন্যতম কাৰক হিচাপে চিহ্ণিত হৈ পৰা আতচবাজী শিল্পতো জড়িত হৈ আছে বহু লোক৷ যদিও এই আতচবাজীয়ে এতিয়া মানুহৰ বাবে আত্মঘাতী এক আহিলা হিচাপে চিহ্ণিত হৈছে৷ আতচবাজীৰ ফলত সৃষ্টি হোৱা বায়ু আৰু শব্দ প্রদূষণে জীৱ জগতত পেলাই আহিছে প্রতিকূল প্রভাৱ৷ গতিকে আতচবাজীৰ ব্যৱহাৰক লৈ বিভিন্ন মহলত চলি আছে প্রতিক্রিয়া৷ সেয়া যিয়েই নহওক, উৎসৱক আদৰিবলৈ সাজু ৰাইজ৷ বর্তমান সময়ত নিত্য প্রয়োজনীয় সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে মানুহৰ কঁকাল বেঁকা কৰিছে৷ তথাপি দৈনন্দিন জীৱন যাপনৰ ক্ষেত্রত সাধাৰণ মানুহে সূর্যোদয়ৰ পৰা সূর্যাস্তলৈ মেহনত কৰিছে৷ পৰিয়াল পোহপাল দিয়াৰ পৰা সামাজিক দায়বদ্ধতা পালনলৈকে সকলোতে মানুহে নিজৰ দায়িত্বৰ পৰিচয় দি আহিছে৷ উৎসৱক আদৰাৰ বিষয়টোও ইয়াৰ মাজত জড়িত হৈ আছে৷ গতিকে নিত্য প্রয়োজনীয় সামগ্রীৰ ভয়াৱহ মূল্যবৃদ্ধিৰ পাছতো মানুহৰ মাজত দেখিবলৈ পোৱা গৈছে পোহৰৰ উৎসৱ দীপাৱলীক আদৰাৰ প্রস্তুতি৷
মাটিৰ চাকিগছি জ্বলাবলৈ এতিয়া চিন্তা কৰিবলগীয়া হৈছে৷ মিঠাতেলৰ প্রতিলিটাৰৰ মূল্য এতিয়া ২২০–২৩০ টকা৷ সাধাৰণ মানুহে দীপাৱলীত চাকিগছি জ্বলাবলৈ হ’লে গাঁঠিৰ ধন খৰচ কৰিবলৈও চিন্তা কৰিব লাগিব৷ ইয়াৰ উপৰি খাদ্য–সামগ্রীৰ আকাশলংঘী মূল্য৷ প্রতিদিনে পৰিয়াল পোহপাল দিয়াটো সাধাৰণ মানুহৰ বাবে নতুন প্রত্যাহ্বান হিচাপে চিহ্ণিত হৈছে৷ গতিকে আন্ধাৰ বিনাশী পোহৰেৰে দীপাৱলীত পৃথিৱীক উজলাই দিয়াৰ পূর্বৰ যি মানসিকতা আছিল, সেয়া এইবাৰ অকণ হ’লেও হ্রাস পাব৷ মূল কথাটো হৈছে অত্যাৱশ্যকীয় সামগ্রীৰ এই আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতো এচামৰ বাবে উৎসৱবোৰ বিলাসিতা হৈ পৰিছে৷ দীপাৱলী বুলি আঢ়্যৱন্ত কোনো পৰিয়ালে হয়তো এখন বিলাসী গাড়ী ক্রয় কৰিব৷ কোনোবাই হয়তো পোহৰৰ উৎসৱ উদ্যাপন কৰাৰ নামত ক্রয় কৰিব ন ন সামগ্রী৷ পোহৰৰ উৎসৱ বুলিয়ে হয়তো বহুতে দীঘলীয়া সূচী লৈ কোনো চহৰলৈ ফুৰিবলৈ যাব৷ কিন্তু এচামৰ বাবে মাটিৰ চাকিগছিয়েই দীপাৱলীৰ প্রাসংগিকতা ৰক্ষা কৰিব৷ অর্থাৎ উৎসৱ এতিয়া সকলোৰে মাজত বর্তি আছে যদিও ই হৈ পৰিছে দুই প্রকাৰৰ৷ এচামৰ বাবে বিলাসিতা আৰু আন এচামৰ বাবে ইয়াক আদৰাৰ কষ্টকৰ সাধনা৷ গাঁৱৰ কৃষক পৰিয়ালবোৰত এতিয়া দৈন্য অৱস্থা৷ মধ্যবিত্ত লোকসকলৰ মাজত অতিৰিক্ত খৰচৰ বোজা বহন কৰিব নোৱাৰা এক পৰিস্থিতি সৃষ্টি হৈছে৷ গতিকে পোহৰৰ উৎসৱ দীপাৱলী উদ্যাপনৰ প্রাক্ক্ষণত এই বিষয়বোৰো সজীৱ হৈ পৰিছে৷ ইফালে এচামে লাখ লাখ টকা খৰচ কৰি প্রতিবছৰ দীপাৱলীৰ নামত আতচবাজীৰে আকাশ ধোঁৱাচ্ছন্ন কৰাৰ উপৰি শব্দ প্রদূষণেৰে প্রাণী জগতৰ ভয়াৱহ ক্ষতি কৰা বিষয়বোৰ আছেই৷ পোহৰৰ উৎসৱ সদায় সমাজ পোহৰোৱা, দিগন্ত আলোকিত কৰা উৎসৱ হিচাপে মানুহৰ মাজত বর্তি থাকিলে ভাল৷ ইয়াৰ মাজত নিহিত হৈ থাকে উৎসৱৰ আনন্দ তথা শান্তি৷ যি উৎসৱত শান্তি আৰু আনন্দ নাথাকে, সেই উৎসৱে কেতিয়াও মানুহক একতা আৰু সম্প্রীতিৰ বার্তা দিব নোৱাৰে৷ গতিকে উৎসৱৰ প্রকৃত বার্তা পোহৰৰ উৎসৱ দীপাৱলীত জনতাৰ মাজত বিয়পি পৰিব বুলি সকলোৱে আশা কৰে৷

You might also like