নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেজেৰাত কৈলাশ নাথ শৰ্মা সোঁৱৰণী প্ৰাইজমানী দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বেজেৰা সমীপৰ শালমাৰা হাইস্কুল খেলপথাৰত শালমাৰা আঞ্চলিক ক্ৰিকেট ক্লাবৰ সৌজন্যত প্ৰয়াত কৈলাশ নাথ শৰ্মা পবিত্ৰ সোঁৱৰণত সদৌ অসম ভিত্তিত প্ৰাইজমানি দিবা নৈশ টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিছে।অহা ২৪ আৰু ২৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া প্ৰথম দিনা পতাকা উত্তোলনৰে কাৰ্যসূচী মুকলি কৰিব খেলৰ সভাপতি জিতুমণি ডেকাই। ইয়াৰ পিছত গছ পুলি ৰোপন আৰু সাহিত্যক কৈলাশ নাথ শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব গোপালথান হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰমেন্দ্ৰ নাথ শৰ্মাই।আত ধৰিব খেল উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বনজিৎ ডেকাই। আবেলি বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী উদ্বোধন কৰিব ৰাজ্যিক কিষাণ মৰ্চাৰ উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই। প্ৰাইজমানি দিবা নৈশ টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতা উদ্বোধন কৰিব অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। লগতে অংশগ্ৰহণ কৰিব কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামীয়ে। দ্বিতীয় দিনা পুৱা ১০ বজাত খেল আৰম্ভ। নিশা ৮ বজাত প্ৰথম ছেমিফাইনেল খেলৰ শুভ উদ্বোধন। উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী দেৱ কুমাৰ চৌধুৰীয়ে। ৯ বজাত দ্বিতীয় ছেমিফাইনেল খেলৰ শুভ উদ্বোধন কৰিব ডা:মুনীন্দ্ৰ নাথ চমুৱাই। ইয়াৰ পিছত আতচবাজী প্ৰদৰ্শন। ১০ বজাত চূড়ান্ত খেল শুভ উদ্বোধন। উদ্বোধন কৰিব মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকাই। ১১ বজাত পুৰস্কাৰ বিতৰণ। উপস্থিত থাকিব উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ, ভাৰতীয় জনতা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক মানবেন্দ্ৰ ডেকা, বিশিষ্ট সমাজকৰ্মী জনকলাল স্বৰ্গীয়াৰী, আৰু বিশিষ্ট সমাজসেৱক দিংপাকৰ ডেকা।দুদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া প্ৰয়াত কৈলাশ নাথ শৰ্মা পবিত্ৰ সোঁৱৰণত সদৌ অসম ভিত্তিত প্ৰাইজমানি দিবা নৈশ টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ পঞ্চাশ হাজাৰ টকাৰ লগতে ট্ৰফী এটা আৰু দ্বিতীয় পুৰস্কাৰ পঁচিশ হাজাৰ টকা সহ লগতে ট্ৰফী। ভৰ্তি মাছুল ১৫০১টকা। ইতিমধ্যে খেল পৰিচালনা কৰাৰ বাবে জিতুমণি ডেকা সভাপতি,বনজিত বেকাৰ বিকাশ কুমাৰ শৰ্মা কাৰ্যকৰী সভাপতি,দিবাকৰ ডেকা নৱজ্যোতি বৰ্মণ, খৰ্গেশ্বৰ ডেকা উপ সভাপতিত্ৰয়,ৰাকেশ ডেকা মুখ্য সম্পাদক,মৃণাল ডেকা,বিতোপণ ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয়।যি সকল খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকক ৮৪০২০২৭৮০৯ ,৭০০২১৩৪৭২৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

 

প্ৰেৰক হীৰকজ্যোতি ডোকা

You might also like