নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় দলৰ যুঁজাৰু মানসিকতাক প্রশংসা অধিনায়কৰ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ শৃংখলা হেৰুৱালেও কেনবেৰাত সন্মান উদ্ধাৰৰ পিছত টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে খেলুৱৈসকলৰ যুঁজাৰু মানসিকতাক ভূয়সী প্রশংসা কৰিছে৷ তৃতীয় তথা অন্তিম এদিনীয়াত অষ্ট্রেলিয়াক পৰাস্ত কৰাৰ পিছত তেওঁ কয় যে বলিং আৰু বেটিঙত কিছু সালসলনিয়ে দলক আজি নতুনত্ব দিছিল৷ বিশেষকৈ দীর্ঘদিনৰ মূৰত প্রত্যাৱর্তন ঘটা শার্দূল ঠাকুৰ আৰু নৱাগত বেগী বলাৰ টি নটৰাজনে প্রত্যাশা অনুসৰি বলিং কৰিবলৈ সক্ষম হ’ল৷ দুয়োটা ইনিংছতে ভাৰতে অষ্ট্রেলিয়াক চাপত ৰাখিব পাৰিছিল বুলি উল্লেখ কৰি অধিনায়ক কোহলিয়ে পুনৰ কয় যে অষ্ট্রেলিয়াৰ দৰে শক্তিশালী দলক ঘৰৰ মাটিত পৰাস্ত কৰিবলৈ হ’লে দলৰ খেলুৱৈসকলৰ যুঁজাৰু মানসিকতা অত্যন্ত প্রয়োজন৷ এইক্ষেত্রত অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া আৰু ৰবীন্দ্র জাদেজাৰ যুঁজাৰু ইনিংছক অধিনায়কগৰাকীয়ে ভূয়সী প্রশংসা কৰে৷ উল্লেখ্য যে টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ দুগৰাকীয়ে ইনিংছৰ শেষৰফালে বিস্ফোৰক বেটিঙেৰে ষষ্ঠ উইকেটত মূল্যৱান ১৫০ ৰান যোগ দিয়ে আৰু ভাৰতৰ স্ক’ৰ ৩০২লৈ বৃদ্ধি কৰে৷

You might also like