নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৌৰভ গাংগুলীৰ ঘোষণা: ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ঘৰুৱা ক্রিকেট ছিজন

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ মহামাৰী ক’ভিড–১৯এ সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ বাবে স্থগিত হৈ থকা দেশৰ ঘৰুৱা ক্রিকেট ছিজন অহা পহিলা জানুৱাৰীৰ পৰা আৰম্ভ হ’ব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে এই কথা জানিবলৈ দিছে৷ শনিবাৰে ব’ডৰ এপেক্স কাউঞ্চিলৰ সৈতে হোৱা বিস্তৃত আলোচনাৰ অন্তত তেওঁ কয় যে ক’ভিডৰ বাবে স্থগিত হৈ থকা দেশৰ ঘৰুৱা ক্রিকেট ছিজন ১ জানুৱাৰীৰ পৰা আৰম্ভ কৰাৰ পৰিকল্পনা যুগুত কৰা হৈছে৷ ‘ঘৰুৱা ক্রিকেট ছিজন সন্দর্ভত আমি এক বিস্তৃত আলোচনাত মিলিত হৈছোঁ৷ এই আলোচনাত আমি অহা ১ জানুৱাৰীৰ পৰা ঘৰুৱা ক্রিকেট ছিজন আৰম্ভ কৰাৰ পৰিকল্পনা গ্রহণ কৰিছোঁ৷ মহামাৰীৰ ফলত সকলো ঘৰুৱা ক্রিকেট প্রতিযোগিতা আয়োজন কৰাটো সম্ভৱ নহ’ব৷ কিন্তু ৰঞ্জি ট্রফী পূর্ণাংগ ৰূপত আয়োজন কৰিবলৈ আমি আগ্রহী৷ জানুৱাৰীৰ পৰা মার্চৰ ভিতৰত ৰঞ্জি ট্রফী আয়োজন কৰা হ’ব৷ জুনিয়ৰ পর্যায়ৰ ক্রিকেট আৰু মহিলা ক্রিকেট সন্দর্ভতো ব’র্ডে এক বিস্তৃত পৰিকল্পনা যুগুত কৰিছে৷ ৰঞ্জি ট্রফী আৰম্ভ হোৱাৰ পিছতে পর্যায়ক্রমে জুনিয়ৰ আৰু মহিলা ক্রিকেট প্রতিযোগিতাসমূহ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷’ –গাংগুলীয়ে এইদৰে কয়৷

খেলুৱৈ আৰু বিষয়ববীয়াৰ ভ্রমণ হ্রাস কৰিবলৈ মাত্র চাৰিটা স্থানত ৰঞ্জি ট্রফীৰ মেচসমূহ অনুষ্ঠিত হ’ব বুলিও ব’ডৰ মুৰব্বীগৰাকীয়ে জানিবলৈ দিয়ে৷ ইফালে, গাংগুলীয়ে এই কথাও স্পষ্ট কৰে যে ফেব্রুৱাৰীত ভাৰতলৈ আহিবলগীয়া ইংলেণ্ড ক্রিকেট দলৰ ভ্রমণৰ সূচী এই পর্যন্ত নিশ্চিত হোৱা নাই৷ ক’ভিডৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰিহে এই শৃংখলাৰ সূচী নির্ধাৰণ কৰা হ’ব বুলি উল্লেখ কৰি গাংগুলীয়ে কয় যে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাটো ভাৰতত আয়োজন কৰিবলৈ বি চি চি আই আগ্রহী যদিও পৰিস্থিতি স্বাভাৱিক নহ’লে শৃংখলাটো ইউনাইটেড আৰব এমিৰেটছলৈ স্থানান্তৰ হোৱাৰ সম্ভাৱনা আছে৷

You might also like