নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমাহতে ক’ভিড–১৯ত আক্রান্ত হ’ব পাৰে ২৬ লাখ

ভাৰতত উৎসৱৰ সময়ত দ্রুত সংক্রমণৰ আশংকা

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ  দেশত ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীত আক্রান্ত লোকৰ সংখ্যাই ৭৫ লাখ অতিক্রম কৰাৰ সময়তে এখন চৰকাৰী কমিটীয়ে সতর্কবাণী কৰিছে যে আগন্তুক উৎসৱৰ সময়ছোৱাত অভাৱনীয়ভাৱে এই মহামাৰীৰ সংক্রমণ ঘটিব পাৰে৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আই চি এম আৰ) বিভিন্ন শাখা আৰু আই আই টিৰ সদস্য কেইবাগৰাকীক লৈ গঠিত ইণ্ডিয়ান নেচনেল ছুপাৰ মডেল শীর্ষক সংস্থাটোৱে সতর্কবাণী কৰা অনুসৰি উৎসৱৰ দিনত ক’ভিড প্রট’কল শিথিল কৰাৰ ফলত এটা মাহতে ২৬ লাখ লোক ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হ’ব পাৰে৷ লক্ষণীয়ভাৱে সমগ্র দেশত ক’ৰোনা মহামাৰীৰ মোকাবিলা কৰিবলৈ মাত্র ৩০ শতাংশ জনসংখ্যাৰহে শাৰীৰিক প্রতিৰোধী ক্ষমতা থকা বুলিও উচ্চস্তৰীয় এই কমিটীৰ পৰা ঘোষণা কৰা হৈছে৷ দেশত এতিয়ালৈকে ক’ভিড–১৯ত প্রাণ হেৰুৱাইছে ১ লাখ ১৪ হাজাৰ লোকে৷ ইফালে দেওবাৰে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী অনুৰাগীৰ সৈতে মত বিনিময়ত উল্লেখ কৰিছে যে ভাৰতত কেইখনমান নির্দিষ্ট ৰাজ্যত অতি কমসংখ্যক জিলাত সমূহীয়া সংক্রমণৰ ঘটনা ঘটিছে৷ কিন্তু এই সমূহীয়া বা গণসংক্রমণৰ ঘটনাই দেশত বিশেষ প্রতিকূল প্রভাৱ পেলাবলৈ সক্ষম হোৱা নাই৷ মন্ত্রীগৰাকীৰ মতে দেশজুৰি গণসংক্রমণ ঘটা হ’লে পৰিস্থিতি অধিক জটিল হ’লহেঁতেন৷

স্মর্তব্য যে জুলাই মাহত কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নে ৰাজ্যখনৰ কেইবাটাও স্থানত ক’ভিড–১৯ৰ গণসংক্রমণ ঘটা বুলি উল্লেখ কৰিছিল৷ স্বাস্থ্যমন্ত্রীগৰাকীয়ে আগন্তুক দুর্গাপূজাকে ধৰি বিভিন্ন উৎসৱৰ সময়ত ক’ভিড প্রট’কল কঠোৰভাৱে মানি নচলিলে ভাৰতত পৰিস্থিতি ভয়াৱহ হ’ব পাৰে বুলি উল্লেখ কৰিছে৷ ইফালে ছেৰাম ইষ্টিটিউট অৱ ইণ্ডিয়াৰ (এছ আই আই) কার্যবাহী সঞ্চালক ড০ সুৰেশ যাদৱে উল্লেখ কৰিছে যে আগন্তুক ২০২১ চনৰ মার্চৰ ভিতৰত ভাৰতে ক’ভিড–১৯ৰ ভেকচিন লাভ কৰাৰ সম্ভাৱনা আছে৷ কেইবাটাও পর্যায়ত ক’ভিড ভেকচিনৰ পৰীক্ষা চলি থকা বুলি উল্লেখ কৰি যাদৱে মন্তব্য কৰিছে যে ভাৰতে ২০২০ চনৰ ডিচেম্বৰৰ ভিতৰতে প্রায় ৭০ নিযুত ভেকচিনৰ ড’জ লাভ কৰিব৷ কিন্তু আগন্তুক মার্চৰ ভিতৰতহে এইবোৰ বজাৰত মুকলি হ’ব৷ কাৰণ ভেকচিন প্রস্তুতৰ বাবে অনুজ্ঞা–পত্র প্রদানকে ধৰি আনুষংগিক বিভিন্ন কাম বাকী থাকিব৷

You might also like