নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংগালুৰুত আজি অন্তিম টি–২০

বিশেষ বাৰ্তা, ৩ ডিচেম্বৰ : ঘৰুৱা দল টীম ইণ্ডিয়া আৰু অষ্ট্রেলিয়াৰ মাজৰ পঞ্চম তথা অন্তিমখন মেচ  আজি বেংগালুৰুত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে ৩–১ৰ অগ্রগতিৰে শৃংখলা দখল কৰা সূর্যকুমাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে আজিৰ মেচখনতো জয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰে৷ আগন্তুক দক্ষিণ আফ্রিকা ভ্রমণৰ পূর্বে ভাৰতীয় দলটোৰ এইখনেই হ’ব অন্তিমখন টি–২০৷ গতিকে আজি এই মেচখনত জয়লাভ কৰি দক্ষিণ আফ্রিকা ভ্রমণলৈ সাজু হ’ব বিচাৰিছে সূর্য বাহিনী৷ আজিৰ এই মেচখন শ্রেয়াছ আয়াৰ আৰু দীপক চহৰৰ বাবে বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ বিগত এবছৰৰ পিছত ৰায়পুৰত হৈ যোৱা চতুর্থখন টি–২০ত আয়াৰে ভাগ লৈছিল যদিও মেচখনত দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ আজিৰ মেচখনত দীঘলীয়া ইনিংছ খেলি দক্ষিণ আফ্রিকা ভ্রমণলৈ সাজু হ’ব বিচাৰিছে আয়াৰে৷ ইফালে, শুকুৰবাৰে হৈ যোৱা চতুর্থখন টি–২০ত দুটাকৈ উইকেট লাভ কৰা দীপক চহৰেও আজি উন্নত বলিং প্রদর্শন দাঙি ধৰি দক্ষিণ আফ্রিকা ভ্রমণলৈ সাজু হোৱাৰ লক্ষ্য লৈছে৷ ৩১ বছৰীয়া পেচ বলাৰগৰাকীয়ে শেহতীয়াভাৱে ঘৰুৱা ক্রিকেটতো উন্নত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ আনহাতে, নৱাগত খেলুৱৈৰে সমৃদ্ধ কেংগাৰু বাহিনীয়ে শৃংখলাটোত পৰাজয়ৰ ব্যৱধান হ্রাস কৰাৰ লক্ষ্যৰে আজি অৱতীর্ণ হ’ব৷ ইতিমধ্যে শৃংখলাটো ৩–১ৰ ব্যৱধানত হেৰুৱালেও অষ্ট্রেলিয়াই আজি অন্তিমখন টি–২০ত জয়লাভ কৰিব পাৰিব বুলিও আত্মবিশ্বাসী৷ খেলৰ সময় : সন্ধিয়া ৭ বজা ৷

You might also like