কঠোৰ BCCI : ১৫০ কিঃগ্ৰামতকৈ অধিক সামগ্ৰী কঢ়িয়ালে অতিৰিক্ত খৰচ খেলুৱৈৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ জানুৱাৰীঃ অষ্ট্ৰেলিয়া ভ্ৰমণত ১-৩ৰ ব্যৱধানত পৰাজয়ৰ পিছত দলটোৰ অনুশাসনহীনতা আৰু প্ৰদৰ্শনক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে বিচিচিআই। ইয়াৰ বাবে শেহতীয়াকৈ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়। য’ত বহুতো নতুন নিয়মৰ বিষয়ে আলোচনা কৰা হৈছিল। ইয়াৰ ভিতৰত খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰ বাবে নতুন নিৰ্দেশনাও আছে, যিবোৰ অতি সোনকালে কাৰ্যকৰী হ’ব পাৰে। কিছু পুৰণি গাইডলাইন পুনৰ জাৰি কৰাৰ কথাও চৰ্চা হৈছে। পোহৰলৈ আহিছে যে বিচিচিআইয়ে সকলো খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰ বাবে দলীয় বাছখন ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে। শেহতীয়া ভ্ৰমণত একাংশ খেলুৱৈ আৰু প্ৰশিক্ষক কৰ্মচাৰীয়ে ব্যক্তিগত বাহন ব্যৱহাৰ কৰাত তীব্ৰ আপত্তি প্ৰকাশ কৰিছে ব’ৰ্ডে। এতিয়া খেলুৱৈসকলে ১৫০ কিলোগ্ৰামতকৈ অধিক লাগেজ কঢ়িয়াই নিয়াৰ অতিৰিক্ত খৰচ বহন কৰিব লাগিব। বিচিচিআইয়ে স্পষ্ট কৰি দিছে যে ব’ৰ্ডে এই খৰচ বহন নকৰে। সূত্ৰ অনুসৰি খেলুৱৈসকলৰ মাজত অনুশাসন আনিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। পৰ্যালোচনা বৈঠকৰ সময়ত প্ৰকাশ পাইছিল যে এজন ৰিজাৰ্ভ খেলুৱৈৰ পত্নীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত দলটোৰ ব্যক্তিগত মুহূৰ্তৰ ইউটিউব ভিডিঅ’ নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰি এজন প্ৰশিক্ষক কৰ্মচাৰীৰ মেনেজাৰে দলীয় বাছখন ব্যৱহাৰ কৰিছিল, যিটোক অনুশাসন ভংগ বুলি গণ্য কৰা হৈছিল। ব’ৰ্ডে ইয়াক দুৰ্নীতি বিৰোধী ইউনিটৰ বাবে ভাবুকি বুলি অভিহিত কৰি এনেধৰণৰ ঘটনা বন্ধ কৰিব লাগে বুলি কয়। বিচিচিআইৰ এজন বিষয়াই নাম প্ৰকাশ নকৰাকৈয়ে পিটিআইক কয় যে, “টীম বাছত যাত্ৰা কৰা ব্যক্তিগত পৰিচালকসকল দুৰ্নীতি বিৰোধী ইউনিটৰ বাবে ৰঙা পতাকা হ’ব পাৰে। ভৱিষ্যতে এইটো এৰাই চলিব লাগে। খেলুৱৈজনৰ উপস্থিতিৰ বিষয়ে ব’ৰ্ডত আলোচনা কৰা হৈছে আৰু অতি সোনকালে সিদ্ধান্ত লোৱা হ’ব।’