নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌন কেলেংকাৰিঃ ক্রিকেটৰ পৰা অনির্দিষ্টকাললৈ বিশ্রাম পেইনৰ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ  যৌন কেলেংকাৰিত নাম সাঙোৰ খাই মানসিকভাৱে বিধ্বস্ত হৈ পৰা অষ্ট্রেলিয়াৰ টেষ্ট অধিনায়ক টিম পেইনে অনির্দিষ্টকাললৈ ক্রিকেটৰ পৰা বিশ্রাম লৈছে৷ উইকেটৰক্ষক বেটছমেনগৰাকীৰ মেনেজাৰ জেমছ হেণ্ডাৰছনে আজি এই কথা ঘোষণা কৰিছে৷ অহা ৮ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ঐতিহাসিক এছেজ শৃংখলাৰ প্রতি লক্ষ্য ৰাখি আজিৰে পৰা টিম পেইনে তাছমানিয়াৰ হৈ ঘৰুৱা এদিনীয়া ক্রিকেট মেচত ভাগ লোৱাৰ কথা আছিল যদিও অস্থিৰ মানসিক অৱস্থাৰ বাবে ক্রিকেটাৰগৰাকীয়ে অনির্দিষ্টকাললৈ ক্রিকেটৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে৷

উল্লেখ্য যে ২০০৭ত তাচমানিয়া ক্রিকেট ব’ৰ্ডৰ এগৰাকী মহিলা কর্মীলৈ অশ্লীল বার্তা আৰু ছবি পঠিওৱাৰ অভিযোগ উঠিছিল পেইনৰ বিৰুদ্ধে৷ সেই সময়ত তেওঁৰ বিৰুদ্ধে তদন্তও হৈছিল যদিও ঘটনাটো পোহৰলৈ অহা নাছিল৷ কিন্তু কিছুদিন পূর্বে টিম পেইনৰ এই যৌন কেলেংকাৰি ফাদিল হোৱাত অষ্ট্রেলিয়াৰ ক্রিকেট মহলত তোলপাৰ লাগে৷ তীব্র সমালোচনা আৰু তুমুল বিতর্কৰ মাজতে অষ্ট্রেলিয়াৰ টেষ্ট অধিনায়কগৰাকীয়ে দলৰ নেতৃত্ব ত্যাগ কৰিবলৈ বাধ্য হয়৷ ইফালে অষ্ট্রেলিয়া ক্রিকেট ব’র্ডে এছেজ শৃংখললৈ অষ্ট্রেলিয়া টেষ্ট দলৰ নেতৃত্বৰ দায়িত্ব অর্পণ কৰিছে তাৰকা বেগী বলাৰ পেট কামিনছক৷ টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰা তেওঁ হ’ল অষ্ট্রেলিয়াৰ দ্বিতীয়গৰাকী বেগী বলাৰ৷ তাৰকা বেটছমেন ষ্টিভেন স্মিথক সহ অধিনায়ক নিযুক্ত কৰা হৈছে৷

You might also like