ছিডনীত আজি অন্তিম টি–২০; ক্লীন ছুইপৰ লক্ষ্য টীম ইণ্ডিয়াৰ
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ঘৰুৱা দল অষ্ট্রেলিয়াৰে খেলি থকা তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোত ক্লীন ছুইপৰ লক্ষ্য লৈছে বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলটোৱে৷ প্রথম দুয়োখন মেচতে বিজয় সাব্যস্ত কৰি ২–০ৰ অগ্রগতিৰে শৃংখলাটো হস্তগত কৰিবলৈ সক্ষম হোৱা ভাৰতীয় দলটোৱে আজিৰ মেচখনতো জয়ৰ ধাৰা অব্যাহত ৰখাৰ ইচ্ছা প্রকাশ কৰিছে৷
প্রথম দুয়োখন মেচত দর্শনীয় বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা কোহলি বাহিনীয়ে টি–২০ শৃংখলাটোত ক্লীন ছুইপ কৰিব পাৰিব বুলি আশাবাদী৷ আজিৰ মেচখনত দলটোত কোনোধৰণৰ সালসলনি নহয় বুলি উল্লেখ কৰি টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে কয় যে বর্তমান সতীর্থসকলৰ মনোবল তুংগত আছে৷ দ্বিতীয়খন মেচত ভাগ লোৱা দলটোৰে আজিৰ মেচখনত অৱতীর্ণ হোৱাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে কয় যে মেচখন গুৰুত্বহীন হ’লেও আমি শক্তিশালী ৰূপত অৱতীর্ণ হ’ম আৰু মেচখনত বিজয় সাব্যস্ত কৰি ক্লীন ছুইপ কৰাটোৱে আমাৰ প্রধান লক্ষ্য৷
ইফালে, আজিৰ মেচখনত অষ্ট্রেলিয়া দলটোৰ মূল একাদশত কিছু সালসলনি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ দ্বিতীয়খন মেচত অংশগ্রহণ কৰিব নোৱৰা অধিনায়ক আৰন ফিনছে প্রত্যাৱর্তন কৰাৰ সম্ভাৱনা আছে যদিও তাৰকা বেটছমেন ষ্টিভেন স্মিথক বিশ্রাম দিয়াৰ সম্ভাৱনা আছে৷ যদি মেচখনত ফিনছৰ প্রত্যাৱর্তন ঘটে, তেতিয়াহ’লে বেটিং ক্রমত ডিআর্চি ছর্টৰ স্থানৰ অৱনমন ঘটাটো খাটাং৷ ষ্টিভেন স্মিথৰ অনুপস্থিতিত মার্কাছ ষ্টইনিছে বেটিং ক্রমৰ তৃতীয় স্থানলৈ উন্নীত হোৱাৰ সম্ভাৱনা আছে৷ ইফালে, মেচখনত এলেক্স কেৰীয়েও মূল একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা আছে৷ আজিৰ মেচখনত ভাৰতীয় দলটোৱে বিজয় সাব্যস্ত কৰিব পাৰিলে আফগানিস্তানৰ ক্রমাগত ১১খন মেচত জয়ৰ অভিলেখটো স্পর্শ কৰিব৷
খেলৰ সময়: দুপৰীয়া ১.৪০ বজা৷