নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্কুল দলত সতীর্থ আছিল ষ্টইনিছ, ডাৰিল মিচেল

১২ বছৰৰ পিছত বিশ্বকাপৰ ফাইনেলত পৰস্পৰৰ মুখামুখি

নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃবাৰ বছৰ পূর্বে স্কুল পর্যায়ৰ ক্রিকেটত একেলগে খেলা দুগৰাকী সতীর্থ কাইলৈ টি–২০ বিশ্বকাপৰ ফাইনেলত পৰস্পৰৰ মুখামুখি হ’ব৷ এসময়ৰ দুই বন্ধু দেওবাৰে দুখন ভিন্ন দেশৰ হৈ বিশ্বজয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ ইয়াৰে এজন হ’ল অষ্ট্রেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ মার্কাছ ষ্টইনিছ আৰু আনজন হ’ল নিউজিলেণ্ডৰ অলৰাউণ্ডাৰ ডাৰিল মিচেল৷ ২০০৯ত দুয়োগৰাকীয়ে ফার্ষ্টগ্রেড প্রিমিয়াৰশ্বিৰ স্কুল ক্রিকেট প্রতিযোগিতাত নিজ দলৰ হৈ চমকপ্রদ প্রদর্শনেৰে খিতাপ জয়ত মুখ্য ভূমিকা গ্রহণ কৰিছিল৷ সেই সময়ত তেওঁলোকৰ প্রশিক্ষক আছিল জাষ্টিন লেংগাৰ৷ সম্প্রতি তেওঁ অষ্ট্রেলিয়া দলৰ মুখ্য প্রশিক্ষকৰ দায়িত্বত আছে৷ স্কুল ক্রিকেটত নিজ দলৰ সাফল্যত অনবদ্য বৰঙণি আগবঢ়াই ষ্টইনিছে ছেমিত ১৮৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল৷ একেদৰে  ফাইনেলত মিচেলে বল হাতত লৈ মাত্র ২৬ ৰান ব্যয় কৰি চাৰিটা উইকেট পাইছিল৷ পাঁচ বছৰ ধৰি একেলগে খেলাৰ পিছত প্রতিভাৱান ক্রিকেটাৰ দুগৰাকীয়ে প্রথম শ্রেণীৰ ক্রিকেটত পৃথক দলৰ হৈ খেলিবলৈ আৰম্ভ কৰে৷ ষ্টইনিছে মেলব’নৰ হৈ খেলাৰ পিছত ভিক্টৰিয়া দলত যোগ দিয়ে৷ ইফালে, ২০১১ত অষ্ট্রেলিয়া ত্যাগ কৰি নিউজিলেণ্ডত খেলিবলৈ আৰম্ভ কৰে ডাৰিল মিচেলে৷ নিউজিলেণ্ডৰ প্রথম শ্রেণীৰ ক্রিকেটত ধাৰাবাহিকভাৱে উন্নত প্রদর্শন দাঙি ধৰি মিচেলে কেন উইলিয়ামছন নেতৃত্বাধীন ছিনিয়ৰ দলত স্থান পাবলৈ সক্ষম হয়৷ ২০১৯ত টেষ্ট অভিষেক ঘটা অলৰাউণ্ডাৰগৰাকীয়ে চলিত বর্ষৰ আৰম্ভণিতে এদিনীয়া আৰু টি–২০ খেলাৰ সুযোগ পাইছে৷ ছেমিত ষ্টইনিছ আৰু মিচেলে নিজ দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা লৈছিল৷

You might also like