বিৰাটবিহীন সমাগত টি-২০ বিশ্বকাপ!
বিশেষ বাৰ্তা, ৯ ডিচেম্বৰঃ টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিক অহাবছৰ হ’বলগীয়া টি–২০ বিশ্বকাপত দেখা নাযাব নেকি? শেহতীয়া এক ঘটনাই এনে আশংকাৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, আগন্তুক টি–২০ বিশ্বকাপত বিৰাট কোহলিক বিচৰা নাই নির্বাচক মণ্ডলীয়ে৷ কোহলিৰ স্থানত এগৰাকী যুৱ ক্রিকেটাৰক বাছনি কৰা হৈছে৷ সেয়েহে বিশ্বকাপত কোহলিৰ অংশগ্রহণক লৈ অনিশ্চয়তা আহি পৰিছে৷ কিছুদিন পূর্বে ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শর্মা আৰু প্রশিক্ষক ৰাহুল দ্রাবিড়ৰ সৈতে ব’ডৰ নির্বাচক আৰু সদস্যসকলৰ মাজত এক বৈঠক অনুষ্ঠিত হৈছিল৷ উক্ত বৈঠকত টি–২০ বিশ্বকাপত ৰোহিতক অংশগ্রহণ কৰাৰ বাবে বাধ্য কৰাৰ সিদ্ধান্ত লয় যদিও একেখন বৈঠকতে কোহলিৰ স্থানক লৈ সন্দেহ প্রকাশ হয়৷ আগন্তুক কেইদিনমানৰ ভিতৰত ব’ৰ্ডৰ বিষয়ববীয়াসকলে কোহলিক সাক্ষাৎ কৰিব৷ বৈঠকত উপস্থিত থকা ব’ৰ্ডৰ এক সূত্রই সংবাদ মাধ্যমক জনোৱা অনুসৰি নির্বাচক আৰু ব’ৰ্ডৰ বিষয়ববীয়াসকলে টি–২০ৰ তিনি নম্বৰ স্থানত এজন বেটাৰক বিচাৰিছে৷ সেই স্থানত ঈশান কিশন বহু আগবাঢ়ি আছে৷ নির্বাচকসকলে ইংগিত দিয়ে যে যদিহে কোহলিয়ে পৰৱর্তী আইপিএলত উন্নত প্রদর্শন দাঙি ধৰিব পাৰে তেতিয়াহ’লে তেওঁক টি–২০ বিশ্বকাপৰ বাবে বিবেচনা কৰা হ’ব৷ কিন্তু সমস্যাটো অন্য স্থানত নিহিত হৈ আছে৷ সাধাৰণতে আইপিএলত কোহলিয়ে ১ নম্বৰ স্থানত বেটিং কৰিবলৈ আহে৷ কিন্তু জাতীয় দলৰ হৈ তাৰকা ক্রিকেটাৰগৰাকীয়ে তিনি নম্বৰ স্থানতহে বেটিং কৰে৷ টি–২০ বিশ্বকাপত ৰোহিত শর্মাই যদি খেলে, তেতিয়াহ’লে তেওঁ শুভমন গিল অথবা যশস্বী জয়ছোৱালৰ সৈতে ইনিংছ মুকলি কৰিব৷ কিশনক যদি ৩ নম্বৰ স্থানত ৰখা হয় পৰৱর্তী বেটিং লাইনআপত সূর্যকুমাৰ যাদৱ, ৰিংকু সিং, হার্দিক পাণ্ডিয়া আৰু ৰবীন্দ্র জাদেজা আছে৷ ফলত কোহলিৰ স্থানক লৈ আশংকাৰ সৃষ্টি হৈছে৷ অনাগত দিনত কোহলিৰ সৈতে নির্বাচক আৰু ব’ডৰ জ্যেষ্ঠ বিষয়ববীয়াসকলে সাক্ষাৎ কৰি ক্রিকেটাৰগৰাকীৰ টি–২০ৰ ভৱিষ্যৎ নির্ণয় কৰিব৷
#বাৰ্তা ডেস্ক