নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ হার্দিকৰ লক্ষ্য টি–২০ বিশ্বকাপৰ ট্রফী

নিয়মীয়া বাৰ্তা, ৩১মে’: প্রথমবাৰ নেতৃত্ব প্রদান কৰি ইতিহাস ৰচিলে হার্দিক পাণ্ডিয়াই৷ আই পি এলৰ ফাইনেলত ৰাজস্থানক পৰাজিত কৰি চেম্পিয়ন হৈছে গুজৰাট টাইটানছ৷ প্রতিযোগিতাখনত হার্দিকৰ নেতৃত্বত মুগ্ধ ক্রিকেট বিশেষজ্ঞসকল৷ খিতাপ জয়ৰ উৎসৱৰ মাজতে নিজৰ পৰৱর্তী লক্ষ্য স্থিৰ কৰিছে হার্দিকে৷
উল্লেখ্য যে ফাইনেলত দুর্দান্ত প্রদর্শন দাঙি ধৰিলে খেলুৱৈগৰাকীয়ে৷ বল হাতত লৈ তেওঁ তিনিটা উইকেট দখল কৰাৰ উপৰি মূল্যৱান ৩৭ ৰানৰ ইনিংছ খেলি দলক বিজয়ৰ দুৱাৰডলি পাৰ কৰায়৷ প্রায় দুবছৰ পিঠিৰ আঘাতৰ বাবে বলিং কৰিব পৰা নাছিল হার্দিকে৷ কিন্তু আই পি এলৰ প্রতিখন মেচতে বলিং কৰিছে তেওঁ৷ হার্দিকৰ ফিটনেছক লৈও কোনো সংশয় নাই৷ এইবাৰ দেশৰ হৈ টি–২০ বিশ্বকাপ জিকিব বিচাৰে হার্দিকে৷ আই পি এল জয় কৰাৰ পিছত তেওঁৰ পৰৱর্তী পৰিকল্পনা কি বুলি সোধা প্রশ্ণৰ উত্তৰত হার্দিকে কয় ‘যিকোনো প্রকাৰে টি–২০ বিশ্বকাপ জয় কৰিব বিচাৰোঁ৷ মই নিজকে প্রতিযোগিতাখনত উজাৰি দিম আৰু সকলো সময়তে দলক প্রাধান্য দিব খোজোঁ৷’
উল্লেখ্য যে ২০০৭ চনৰ প্রথম টি–২০ বিশ্বকাপ জয় কৰিছিল ভাৰতে৷ ইয়াৰ পিছত ট্রফী ঘৰলৈ আনিব পৰা নাই ভাৰতীয় দলে৷ আঘাতৰ বাবে বহুদিন ধৰি জাতীয় দললৈ উভতিব পৰা নাই হার্দিক৷ ভাৰতীয় দলৰ হৈ খেলাৰ প্রসংগত তেওঁ কয় যে দেশৰ হৈ খেলি সকলো সময়তে ভাল লাগে৷ যিকোনো ফর্মেটতে দেশৰ হৈ বিশ্বকাপ জয় কৰিব বিচাৰে বুলিও হার্দিকে কয়৷
উল্লেখ্য যে অহা অক্টোবৰত অষ্ট্রেলিয়াত টি–২০ বিশ্বকাপ অনুষ্ঠিত হ’ব৷ ইপিনে আই এল বিজয়ী গুজৰাট টাইটানছক আজি আহমেদাবাদত ৰোড শ্ব’ কৰি ব্যাপক সম্বর্ধনা জনোৱা হয়৷ হার্দিকহঁতৰ সাফল্যত অত্যন্ত সুখী হোৱা গুজৰাট চৰকাৰেও দলটোক সম্বর্ধনা জনায়৷
You might also like