নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ IPL-ৰ খিতাপ আমিয়েই জিকিম— আয়াৰৰ দাবী

পঞ্জাব কিংছৰ আইপিএলৰ ২০২৬ সংস্কৰণত এতিয়ালৈকে যাত্ৰা দৰ্শনীয় হৈ আছে। শ্ৰেয়াস আয়াৰৰ অধিনায়কত্বত পঞ্জাব কিংছ হৈছে একমাত্ৰ দল যাক এতিয়ালৈকে কোনেও পৰাস্ত কৰিব পৰা নাই। যদিও দলটোৰ এখন মেচ বৰষুণৰ বাবে বাতিল হৈছিল, যাৰ ফলত কলকাতাৰ সৈতে পইণ্ট ভাগ-বতৰা কৰিবলগীয়া হৈছিল।

আয়াৰৰ অধিনায়কত্বত পঞ্জাব এখন বেলেগ ৰূপত দেখা গৈছে। কেৱল এই বৰ্ষতেই নহয়, বিগত বৰ্ষতো দলটো ভাল খেল দেখুৱাই ফাইনেললৈকে আগবঢ়িছিল। এইবাৰ অৱশ্যে দলটোক প্ৰথমবাৰৰ বাবে খিতাপ জিকাবলৈ বিচাৰে আয়াৰে।

জিঅ’হটষ্টাৰৰ এটা অনুষ্ঠানত অয়্যাৰে কয় যে পঞ্জাব কিংছৰ অনুৰাগীয়ে তেওঁক “চৰপঞ্চ” বুলি মাতিছিল, কিন্তু আৰম্ভণিতে তেওঁ এই শব্দটোৰ অৰ্থ বুজি নাপাইছিল। পিছত সহ-খেলুৱৈসকলৰ পৰা তেওঁ জানিবলৈ পায় যে “চৰপঞ্চ” মানে এটা গোট বা অঞ্চলৰ মুখ্য ব্যক্তি। এই নামটো তেওঁৰ ভাল লাগিছে বুলিও উল্লেখ কৰে তেওঁ।

আইপিএল ২০২৬ত পঞ্জাব কিংছক প্ৰথম খিতাপ জিকাই দিয়াটোয়ে মুখ্য লক্ষ্য বুলি জনায় আয়াৰে। তেওঁ কয় যে বৰ্তমানত মনোযোগ দিয়াটো অতি গুৰুত্বপূৰ্ণ আৰু দলটোৱে নিজৰ খেলত প্ৰতিদিনে উন্নতি কৰি যাব লাগে। তেওঁ খেলুৱৈসকলক কয় যে দলটোৱে কেৱল প্ৰতিপক্ষৰ বিৰুদ্ধে নহয়, নিজৰ উন্নতিৰ বাবে খেলিব লাগে।

উল্লেখযোগ্য যে অয়্যাৰে ২০২৪ চনত কলকাতাক নিজৰ অধিনায়কত্বত চেম্পিয়ন কৰিছিল। কিন্তু তাৰ পিছতো দলটোৱে তেওঁক ৰিটেইন কৰা নাছিল। পিছত ২০২৫ চনত পঞ্জাব কিংছে তেওঁক নিলামত ক্ৰয় কৰি অধিনায়ক হিচাপে নিযুক্ত কৰে। প্ৰথমটো বৰ্ষতেই তেওঁ দলটোক ফাইনেললৈ লৈ গৈছিল যদিও অলপ ব্যৱধানত পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছিল।

পঞ্জাব কিংছে এইবাৰৰ আইপিএলত ৫খন মেচৰ ভিতৰত ৪খন জয় লাভ কৰিছে, আৰু এখন মেচ বৰষুণৰ বাবে বাতিল হৈছে। ৯ পইণ্ট আৰু +1.067 নেট ৰান ৰেটেৰে দলটো বৰ্তমান পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে।

ডিজিটেল ডেস্ক, ১৮ এপ্ৰিল

You might also like