ৰোহিত-ৰাহুলে পাৰিবনে গাব্বাত সন্মান ৰক্ষা কৰিব, নে বৰষুণেই শেষ ভৰসা
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ ডিচেম্বৰঃ ব্রিজবেনৰ গাব্বাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈ থকা তৃতীয়খন টেষ্টৰ তৃতীয় দিনা বৰষুণে দিয়ে বিধিপথালি। পূৰ্বে বৰষুণৰ বাবে মাত্ৰ ১৩.২ অভাৰহে খেলিব পৰা গৈছিল। এতিয়া পুনৰ তৃতীয় দিনা বৰষুণৰ বাবে মাত্ৰ ৩৩.১ অভাৰহে খেলিব পৰা গ’ল। অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰিছে। প্ৰত্যুত্তৰত তৃতীয় দিনৰ শেষলৈকে ভাৰতে ৫১ ৰানত ৪টা উইকেট হেৰুৱাইছে ভাৰতে। গাব্বা টেষ্টৰ তৃতীয় দিনা বৰষুণৰ বাবে প্ৰায় আঠবাৰ খেল বন্ধ হৈ পৰে। বৰষুণজাক বাৰে বাৰে আহি থাকে। তাৰ পিছত আম্পায়াৰে দিনটোৰ খেলৰ অন্ত ঘোষণা কৰে। অহা দুদিনতো ব্রিজবেনত বৰষুণৰ সম্ভাৱনা থকাৰ বাবে অহা দুদিনত একেধৰণৰ কিবা এটা হ’ব পাৰে বুলি অনুমান কৰা হৈছে৷ তথ্য অনুসৰি ব্রিজবেন টেষ্টৰ চতুর্থ আৰু পঞ্চম দিনত বৰষুণৰ সম্ভাৱনা ১০০% আৰু ৮৯%৷ তৃতীয় দিনা অষ্ট্ৰেলিয়াৰ দলটোৱে কালিৰ স্ক’ৰত বহু ৰান যোগ কৰিব নোৱাৰিলে। উইকেটকীপাৰ বেটছমেন এলেক্স কেৰীয়ে সম্পূৰ্ণ কৰিলে অৰ্ধশতক। ৮৮টা বলত ৭০ ৰান সংগ্ৰহ কৰি তেওঁ আউট হৈছিল। তেওঁৰ বেটৰ পৰা ৭টা চাৰি আৰু দুটা ছয় আহিল। প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ৪৪৫ ৰান সংগ্ৰহ কৰে। এইবাৰ প্ৰথমবাৰৰ বাবে কেংগাৰু দলটোৱে ৪০০ ৰান সংগ্ৰহত সফলতা লাভ কৰে। ভাৰতৰ হৈ সৰ্বাধিক ৬টা উইকেট দখল কৰে যশপ্ৰীত বুমৰাহে। ৭ উইকেটত ৪০৫ ৰানত পুনৰ আৰম্ভ কৰা অষ্ট্ৰেলিয়াই আৰু ৪০ ৰান সংযোজন কৰি বাকী তিনিটা উইকেট হেৰুৱায়। উল্লেখ্য কালি ট্ৰেভিছ হেড আৰু ষ্টিভ স্মিথে শতক অৰ্জন কৰি অষ্ট্ৰেলিয়াৰ ভেটি স্থাপন কৰিছিল। বৰ্তমান ভাৰত অষ্ট্ৰেলিয়াৰ পৰা ৩৯৪ ৰানত পিছপৰি আছে আৰু মাত্ৰ ৬ উইকেট বাকী আছে। এনে পৰিস্থিতিত টীম ইণ্ডিয়াৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ’ল ফ’ল’ অনৰ পৰা আঁতৰি থকা। ভাৰতীয় ইনিংছৰ সময়ত অষ্ট্ৰেলিয়াৰ আধিপত্যৰ মাজতে বৰষুণৰ বাবে কেইবাবাৰো খেল বন্ধ হৈ পৰে। ভাৰতীয় ইনিংছৰ দ্বিতীয়টো বলত যশস্বী জয়ছোৱাল পেভিলিয়নমুখী হয়। তাৰ পিছতে শুভমন গিলেও বিদায় লয় আৰু হেজলউডে বিৰাট কোহলিক আউট কৰে। কামিন্সে ভাৰতক চতুৰ্থটো আঘাত দি ঋষভ পণ্টক আউট কৰে। তাৰ পিছত বৰষুণৰ বাবে খেল বন্ধ কৰিবলগীয়া হৈছিল আৰু তাৰ পিছত চাহৰ বিৰতি লোৱা হৈছিল। ইয়াৰ পিছত যেতিয়া পুনৰ খেল আৰম্ভ হ’ল, তেতিয়া তিনি অভাোতো বল কৰিব নোৱাৰিলে বৰষুণৰ বাবে। তাৰ পিছত মেচখন পুনৰ খেলিব নোৱাৰিলে আৰু আম্পায়াৰে দিনটোৰ খেলৰ অন্ত ঘোষণা কৰে। দিনান্তত কে এল ৰাহুল ৩৩ ৰানত অপৰাজিত হৈ থাকে। আনহাতে ৰোহিত শৰ্মাই এতিয়াও ৰান কৰা নাই।