নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Womens Asia Cup: জয়েৰে অভিযান আৰম্ভ টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা, ১অক্টোবৰ: ২০২২ চনৰ মহিলা এছিয়া কাপত ভাৰতীয় মহিলা দলে জয়েৰে অভিযান আৰম্ভ কৰিছে। প্ৰথমখন খেলত টীম ইণ্ডিয়াই শ্ৰীলংকাক ৪১ ৰানত পৰাস্ত কৰে। ভাৰতীয় মহিলা দলটোৱে প্ৰথম বেটিং কৰি ২০ অভাৰত ১৫৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকান দলটোৱে ১৮.২ অভাৰত মাত্ৰ ১০৯ ৰানতে অল আউট হয়।

প্ৰথমে ভাৰতীয় দলৰ হৈ জেমিমা ৰড্ৰিগেছে ৭৬ ৰানৰ এক সুন্দৰ ইনিংছ খেলে আৰু তাৰ পিছত বলিঙত দয়ালন হেমলতা, দীপ্তি শৰ্মা আৰু পূজা বস্ত্ৰকাৰে চমৎকাৰ প্ৰদৰ্শন দাঙি ধৰে। হেমলতাই তিনিটা উইকেট দখল কৰে। একে সময়তে দীপ্তি আৰু পূজাই দুটাকৈ উইকেট লাভ কৰে।

ইপিনে ভাৰতে বান্ধি দিয়া ১৫১ ৰানৰ লক্ষ্য আগত ৰাখি খেলপথাৰত নমা শ্ৰীলংকাৰ দলটোৰ বাবে আৰম্ভণি সুখকৰ নাছিল৷ মাত্ৰ ৫ ৰান সংগ্ৰহ কৰি আউট হয় অধিনায়ক আটাপাট্টুৱে। ইয়াৰ পিছতে নিয়মীয়া ব্যৱধানত শ্ৰীলংকাই উইকেট হেৰুৱাইছিল। ভাৰতৰ বিধ্বংসী বলিঙৰ সন্মুখত ধৰাশায়ী হয় শ্ৰীলংকান খেলুৱৈসকল।

You might also like