নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপ ফাইনেল :  সাজু আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়াম

🔹 ৯খন বিমানে ষ্টেডিয়ামৰ ওপৰত প্রদর্শন কৰিব এয়াৰ শ্ব’

বিশেষ বাৰ্তা, ১৯ নৱেম্বৰ : এখন ৰোমাঞ্চকৰ ফাইনেলৰ বাবে সাজু কৰি তোলা হৈছে আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়াম৷ ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত হ’ব লগা মেচখনৰ সময়ত ষ্টেডিয়ামত দেখা যাব বিশিষ্ট তাৰকাৰ সংগীত প্রদর্শন৷ ফাইনেলৰ পূর্বেই অনুষ্ঠিত হ’ব এক বিশেষ অনুষ্ঠান৷ ভাৰতীয় বিমান বাহিনীৰ বিশেষ দল সূর্য কিৰণে আকাশমার্গত আয়োজন কৰিব এক প্রদর্শনীৰ৷ টছ কৰাৰ ঠিক পিছতে ভাৰতীয় বায়ুসেনাৰ ৯খন বিমানে ষ্টেডিয়ামৰ ওপৰত প্রদর্শন কৰিব এয়াৰ শ্ব’৷ জাতীয় সংগীত পৰিৱেশনৰ সময়তো ষ্টেডিয়ামৰ ওপৰেৰে উৰিব এখন বিশেষ বিমান৷ দুপৰীয়া ১.৩৫ বজাত আৰম্ভ হ’ব সূর্য কিৰণ এয়াৰ শ্ব’৷ ১৫ মিনিটজুৰি চলিব এই প্রদর্শন৷ প্রথম ইনিংছৰ সমাপ্তিৰ পিছতো আয়োজন কৰা হৈছে সংগীত শিল্পী আদিত্য গাড়ভিৰ সংগীত৷ ইতিমধ্যে ইউটিউবৰ জৰিয়তে জনপ্রিয় হৈ উঠিছে আদিত্যই গোৱা ‘খালাচী’ গানটো৷ ইয়াৰ উপৰি মঞ্চত গীত পৰিৱেশন কৰিব প্রীতম চক্রৱর্তীয়ে৷ প্রীতমৰ লগত বিশ্বকাপ ফাইনেলৰ মঞ্চত গীত পৰিৱেশন কৰিব শিল্পী জোনিতা গান্ধীয়ে৷ সুৰকাৰ এ আৰ ৰেহমানৰ সহকাৰী হিচাপে একাধিক ছবিত কাম কৰা নাকাছ আজিজে গীত পৰিৱেশন কৰিব৷ ইয়াৰ উপৰি অমিত মিশ্র, আকাছা সিং, তুষাৰ যোশী আদিয়ে গীত পৰিৱেশন কৰিব৷ দ্বিতীয় ইনিংছৰ পানী বিৰতিত আয়োজন কৰা হৈছে লেজাৰ এণ্ড লাইট শ্ব’৷ ইপিনে, আজি অনুষ্ঠিত হ’বলগীয়া মেগা ফাইনেল মেচখনৰ বাবে ৬ হাজাৰৰো অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হ’ব৷

You might also like