নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋতুস্রাৱৰ যন্ত্রণাই ভাঙিলে ফ্রেন্স অ’পেনৰ স্বপ্ন

নিয়মীয়া বাৰ্তা, ১জুন: প্রথমবাৰ ফ্রেন্স অ’পেনত খেলিবলৈ নামিছিল চীনা খেলুৱৈগৰাকী৷ ফ্রেন্স অ’পেনৰ প্রি–কোৱার্টাৰ ফাইনেল মেচৰ সময়তে আৰম্ভ হয় পেটৰ বিষৰ যন্ত্রণা৷ হঠাতে সেই বিষৰ বাবে থমকি ৰ’বলগীয়া হয় খেলুৱৈগৰাকী৷ শাৰীৰিক সমস্যাৰ কথা উল্লেখ কৰি কিছু সময় বিৰতিও লয়৷ তথাপি ভালদৰে খেলিব নোৱাৰিলে ঝেং কুইনৱেনে৷ পৰাজিত হয় পোলেণ্ডৰ ইগা ছিয়াটেকৰ হাতত৷

পিছত পৰাজিত খেলুৱৈগৰাকীয়ে কয়– ‘ল’ৰা হোৱা হ’লে খেলিব পাৰিলোহেঁতেন৷ ঋতুস্রাৱৰ যন্ত্রণাৰ বাবে এনেদৰে পৰাজিত হ’বলগীয়া নহ’লহেঁতেন৷’ মেচখনৰ অন্তত কৰা তেওঁৰ এই মন্তব্যই বিশ্ব টেনিছত আলোড়ন সৃষ্টি কৰিছে৷দ্বিতীয় ৰাউণ্ডত তেওঁ পৰাজিত কৰিছিল বিশ্বশ্রেষ্ঠ প্রাক্তন খেলুৱৈ ছিমনা হালেপক৷ সেই মেচখনত ঝেঙৰ হাতত পৰাজিত হোৱাৰ ভয়ত পেনিক এটাক হৈছিল ছিমনাৰ৷ তৃতীয় ৰাউণ্ডতে পোলেণ্ডৰ টেনিছ তাৰকা ছিয়াটেকৰ বিৰুদ্ধে খেলা মেচখনত সুন্দৰ আৰম্ভণি ঘটাইছিল তেওঁ৷ খেল আৰম্ভ হোৱাৰ পূর্বে কোনো সমস্যা হোৱা নাছিল ঝেং কুইনৱেনৰ৷ কিন্তু দ্বিতীয় ছেটৰ আৰম্ভণিতে হঠাতে আৰম্ভ হয় পেটৰ বিষ৷ আনকি ভৰিও জঠৰ হৈ পৰিছিল৷ পেটৰ যন্ত্রণাৰ বাবে খেল আগুৱাই নিয়াটো অসম্ভৱ হৈ উঠিছিল৷ ফলত মেচখনত তেওঁ ৬–৭ (৫–৭), ৬–২ ছেটত আত্মসমর্পণ কৰিবলৈ বাধ্য হয়৷

এই মেচখনৰ জৰিয়তে ইগাই প্রতিযোগিতাৰ কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰাৰ বিপৰীতে ফ্রেন্স অ’পেন জয়ৰ সপোন ধূলিসাৎ হয় ঝেং কুইনৱেনৰ৷ তেওঁ কয় যে ঋতুস্রাৱৰ প্রথমদিনাই এনে ধৰণৰ সমস্যা হয় যদিও খেল অব্যাহত ৰাখিবলৈ মহিলা খেলুৱৈসকল বাধ্য৷ তেওঁৰ এই মন্তব্যই এনে সমস্যাৰ প্রতি সকলোৰে দৃষ্টি আকর্ষণ কৰিলে৷

You might also like