খাদ্য আৰু স্মৃতিশক্তি
আমাৰ দৈনন্দিন খাদ্য তালিকাত দাইল, শাক–পাচলি, মাছ–মাংস, কণী, গাখীৰ, ফল–মূল আদি থাকে৷ এই সমস্ত খাদ্য ভাণ্ডাৰত ভিন ভিন পুষ্টিদ্রব্য উপলব্ধ৷ এটা বিশেষ পৰিমাণত এনে খাদ্যসমূহে আমাৰ দেহলৈ শক্তিৰ সঞ্চাৰ কৰে৷ সেয়েহে কেতবোৰ নির্বাচিত খাদ্য আমাৰ খাদ্য তালিকাত থকা বাঞ্ছনীয়৷
গৱেষকৰ মতে, তিনিগুটি, টুকো মাহ, স্কোৱাছ আৰু ৱাল নাটত সৰহ পৰিমাণে অ’মেগা–৩ ফেটী এচিড থাকে৷ সেইদৰে আহোম বগৰী (এপ্রিক’ট), জামু, কমলা, মৌচুম্বী আদি ফলসমূহ আৰু ককোৱা, ডার্কচকলেট আদিত অ’মেগা–৩ ফেটী এচিডৰ পৰিমাণ সৰহ৷ এনে খাদ্য নিয়মিত পৰিমাণত ভোজন কৰিলে স্মৃতিশক্তি বর্ধনত যথেষ্ট সহায় কৰে৷ এটা কথা মনত ৰাখিব লাগিব যে আমি নিতৌ সুষম আহাৰ খাব লাগে৷
যিবোৰ ফল–মূল আৰু ভিন ভিন খাদ্যত ভিন ভিন ভিটামিন থাকে আমি জানি লোৱা অতীব প্রয়োজন৷ ভিটামিন–‘ই’যুক্ত খাদ্য আমাৰ খাদ্যত থাকিব লাগে৷ তেনে ভিটামিন–ইস্থিত খাদ্য হ’ল– বাদাম, এলমণ্ড, মাছৰ লিভাৰ, চর্বিযুক্ত মাছ, গাখীৰ, ছয়া গাখীৰ, পালেংশাক, জলফাই, অ’টছ, ভিজিবল অইল, আটা আদি৷ এনে খাদ্যই মগজুত ক্রিয়া কৰে আৰু স্মৃতিশক্তি অটুট ৰাখে৷
অসমত উপলব্ধ ভেদাইলতা, মানিমুনি, ব্র’কলি, চজিনা আদি খাদ্যত ভিটামিন–কে, লুটেইন, ফলেট আৰু বিটা কেৰ’টিন যথেষ্ট পৰিমাণে পোৱা যায়৷ সময়ত উপলব্ধ এনেবোৰ খাদ্য ভক্ষণ কৰা দেহৰ বাবে অতি প্রয়োজন৷ ক’ৰোনা কালত আমি খাদ্যৰ প্রতি বিশেষ মনোযোগ দিয়া উচিত যাতে স্বাস্থ্যৰ অৱনতি নঘটে, দেহত শক্তি সঞ্চাৰ হয় আৰু স্মৃতিশক্তি অটুট থাকে৷
খাদ্যৰ উপৰি সূর্যৰ পোহৰৰ পৰাও আমাৰ শৰীৰে ভিটামিন–ডি লাভ কৰে৷ সেয়ে পুৱা ৯ বজাৰ আগে আগে সূর্যৰ ৰশ্মি দেহত পৰিবলৈ দিব লাগে৷ তদুপৰি খাদ্যৰ মাধ্যমেৰেও আমি ভিটামিন ‘ডি’ লাভ কৰোঁ৷ ভিটামিন–‘ডি’যুক্ত খাদ্যসমূহৰ ভিতৰত মাছৰ লিভাৰ, চর্বিযুক্ত মাছ, মাশ্বৰুম, ছয়াগাখীৰ, গাখীৰ আৰু সকলো শস্যজাতীয় খাদ্যত উপলব্ধ৷
আমাৰ খাদ্যত আয়ৰনৰ অত্যন্ত প্রয়োজন৷ আয়ৰনৰ অভাৱত বহু লোকে ৰক্তহীনতাত ভোগে৷ আয়ৰনযুক্ত খাদ্য হ’ল– মাংস, হাঁহ, কুকুৰা, পাৰ, খেজুৰ, বিন, সেউজীয়া পাতযুক্ত খাদ্য৷ এনে খাদ্যই আয়ৰনৰ অভাৱ দূৰ কৰে আৰু স্মৃতিশক্তিত অৰিহণা যোগায়৷ তদুপৰি দেহৰ ইমিউনিটী বৃদ্ধি কৰে আৰু বহু ৰোগত বাধা দিয়ে৷ গৱেষকৰ মতে, এনে খাদ্যসমূহে আমাৰ স্মৃতিশক্তি বঢ়ায়৷ প্রকৃততে আমাৰ ভাৰতীয় খাদ্য পশ্চিমীয়া খাদ্যতকৈ বহুত উন্নত৷ তথাপি কিয় জানো জ্যেষ্ঠসকলৰ মাজত স্নায়ুৰোগৰ সমস্যাই দেখা দিয়ে, যি সমাধান কৰাও অতি কষ্টকৰ৷ কিছু লোকে আলঝেইমাৰ, ডিমেনচিয়া ৰোগত ভুগি ভুগি মৃত্যুক সাবটি ল’বলগীয়া হয়৷
অলপতে এটা গৱেষণাৰ পৰা জনা যায় যে যি লোকে প্রছেছেড মাংস, চেনিযুক্ত পানীয় আৰু লৱণযুক্ত স্নেক্স জাতীয় খাদ্য গ্রহণ কৰে, মগজুৰ ক্ষুদ্রতম অংশ হিপ্প’কেম্পাছত বিজুতি ঘটায়৷ এই অংশটোৱেই হ’ল মগজুৰ স্মৃতিশক্তিৰ প্রয়োজনীয় থলী৷
২০১৫ চনত প্রকাশিত তথ্য মতে অধিক পৰিমাণে ৱালনাট গ্রহণ কৰিলে মগজুৰ স্মৃতিশক্তি বৃদ্ধি পায় বুলি কয়৷ সেয়ে আমি যিকোনো উপায়ে উপৰিউক্ত খাদ্যসমূহ আমাৰ দৈনন্দিন খাদ্য তালিকাত ৰাখিবলৈ যত্নপৰ হ’ব লাগে৷