নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাপান কৰা মহিলাৰ সমস্যা

-ডাঃ প্রদীপ কুমাৰ শর্মা

মানৱ সমাজত নিচাযুক্ত দ্রব্যৰ ব্যৱহাৰ পুৰণি কালৰ পৰাই হৈ আহিছে৷ বিভিন্ন ধৰণৰ নিচাযুক্ত দ্রব্যৰ ভিতৰত সুৰাৰ ব্যৱহাৰেই সর্বাধিক৷ আমাৰ দেশত সুৰাসক্ত পুৰুষৰ সংখ্যাই অধিক আৰু সুৰা সংক্রান্তীয় সমস্যাসমূহ সাধাৰণতে পুৰুষকেন্দ্রিক সমস্যা হিচাপে ভবা হয়৷ কিন্তু মহিলাসকলৰ মাজতো সুৰাৰ ব্যৱহাৰৰ হাৰ লক্ষণীয়ভাৱে বেছি৷ অৱশ্যে সম্প্রদায় সাপেক্ষে এই হাৰৰ তাৰতম্য দেখা যায়৷ ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষা, ২০২০ অনুসৰি অসমত সুৰাপান কৰা পুৰুষ আৰু মহিলাৰ হাৰ যথাক্রমে ২৫.১ আৰু ৭.৩ শতাংশ আৰু ৰাষ্ট্রীয় হাৰ যথাক্রমে ১৮.৮ আৰু ১.৩ শতাংশ৷ গতিকে দেখা গ’ল অসমত সুৰা গ্রহণ কৰা পুৰুষ আৰু মহিলাৰ হাৰ ৰাষ্ট্রীয় হাৰতকৈ বেছি৷ অত্যধিক সুৰাৰ ব্যৱহাৰে ব্যক্তিক শাৰীৰিক আৰু মানিসকভাৱে ক্ষতি কৰে৷ সুৰাত আসক্ত ব্যক্তিৰ লগতে তেওঁৰ পৰিয়ালৰ মান–সন্মানত নেতিবাচক প্রভাৱ পৰে৷ একোটা পৰিয়াল অর্থনৈতিকভাৱে জুৰুলা হৈ যোৱা দেখা যায়৷
অত্যধিক সুৰাই শৰীৰৰ প্রায় সকলো অংগতে প্রতিকূল প্রভাৱ পেলায়৷ সুৰাসক্ত মহিলাৰ দেহত এই প্রভাৱ তুলনামূলকভাৱে সোনকালে আৰম্ভ হয় আৰু অধিক হোৱা দেখা যায়৷
মহিলাৰ দেহত সুৰাৰ বিপাক ঃ সুৰা সহজতে পানীত দ্রৱীভূত হয়৷ পাকস্থলী আৰু ক্ষুদ্রান্তৰ পৰা হজম হোৱাৰ পিছত তেজত মিহলি হৈ যকৃত পায় আৰু ইয়াতেই সুৰাৰ বিপাক সম্পূর্ণ হয়৷ পাকস্থলীত এলকহল ডিহাইড্র’জিনে’জ নামৰ এবিধ পাচক ৰস (এনজাইম) থাকে৷ ই সুৰাৰ বিপাকত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ পুৰুষৰ তুলনাত মহিলাৰ দেহত এই পাচক ৰসৰ ক্ষমতা প্রায় ৭০–৮০ শতাংশ কম৷ একেদৰে মহিলাৰ দেহত পানীৰ পৰিমাণ তুলনামূলকভাৱে কম৷ সাতে–পাঁচে মিলি, সম পৰিমাণৰ সুৰা পান কৰিলেও পুৰুষৰ তুলনাত মহিলাৰ দেহত ইয়াৰ প্রভাৱ বেছি হয়৷ গতিকে সুৰাপানৰ ফলত হ’ব পৰা ৰোগত মহিলা সোনকালে আৰু গুৰুতৰভাৱে আক্রান্ত হয়৷
সুৰাৰ ব্যৱহাৰ আৰু মহিলাৰ প্রজনন ক্ষমতা ঃ মানুহৰ প্রজনন ক্ষমতা এটা জটিল প্রক্রিয়া৷ এই প্রক্রিয়া নির্ভৰ কৰে মূলতঃ সুস্থ যৌনাংগ আৰু কেতবোৰ হৰম’নৰ ওপৰত৷ সুৰাই মানৱ দেহত থকা বিভিন্ন গ্রন্থিসমূহৰ ওপৰত ক্রিয়া কৰে আৰু নিঃসৰিত হৰম’ন আৰু এই হৰম’নৰ কর্মস্থল নির্দিষ্ট অংগসমূহত প্রভাৱ পেলায়৷ প্রজনন ক্ষমতা নিয়ন্ত্রণকাৰী হৰম’ন ইষ্ট্র’জেনৰ ওপৰত পৰা প্রভাৱৰ কাৰণে মদ্যপায়ী মহিলাৰ ঋতুস্রাৱ অনিয়মীয়া হ’ব পাৰে৷ আৰু সুৰাৰ প্রতি আসক্তি বহুদিনীয়া হ’লে ৰজঃৱসান পর্যন্ত হ’ব পাৰে৷
ফিটেল এলক’হল ছিণ্ড্রম: সুৰাত আসক্ত মহিলাৰ গর্ভধাৰণ ক্ষমতা হ্রাস পাব পাৰে৷ গর্ভৱতী মহিলাই যদি সুৰাপান অব্যাহত ৰাখে, তেন্তে ই মাকৰ দেহৰ পৰা গর্ভস্থ সন্তানৰ দেহলৈ যায়৷ আৰু মাকৰ লগতে সন্তানৰো অনিষ্টসাধন কৰে৷ এনেকুৱা অৱস্থাত গর্ভস্খলন হ’ব পাৰে, প্রসৱ আগতীয়াকৈ হ’ব পাৰে অথবা সন্তান গর্ভতে মৃত্যুমুখতো পৰিব পাৰে৷ আনহাতে, সঠিক সময়ত জন্মলাভ কৰা সন্তানো স্বাস্থ্যৱান নহ’ব পাৰে৷ সুৰাৰ প্রভাৱৰ কাৰণে গর্ভস্থ সন্তানৰ মগজু, স্নায়ু আৰু আন আন অংগ–প্রত্যংগৰ বর্ধন সুষম গতিত হয়৷ সন্তান জড় বুদ্ধিৰ হ’ব পাৰে, দৃষ্টি শক্তি বা শ্রৱণ শক্তি হ্রাস পাব পাৰে, হূদযন্ত্রৰ সমস্যাত ভুগিব পাৰে বা অস্থিৰ স্বভাৱৰ হ’ব পাৰে৷ এই আটাইবোৰ অৱস্থাক একেলগে ‘ফিটেল এলক’হল ছিণ্ড্রম’ বুলি কোৱা হয়৷ অৱশ্যে এটা সন্তানৰ গাত এই আটাইবোৰ লক্ষণ দেখা নাযাবও পাৰে (সুৰাসুক্ত ব্যক্তিয়ে সুৰাপান বন্ধ কৰিব বিচাৰিলে অভিজ্ঞ চিকিৎসকৰ পৰামর্শ লোৱা উচিত)৷
সুৰাৰ ব্যৱহাৰ আৰু মানসিক সমস্যা: মানসিক অশান্তি আৰু সুৰাপানৰ মাজত এক সম্পর্ক লক্ষ কৰা গৈছে৷ ব্যক্তিয়ে প্রথমে সুৰাই দিব পৰা আনন্দ উপভোগ কৰাৰ বাবে ইয়াক পান কৰে৷ কিছুমান মহিলাই ঋতুস্রাৱৰ পূর্বমুর্হূতত ভোগা মানসিক আৰু দৈহিক অশান্তিৰ পৰা পৰিত্রাণৰ উপায় হিচাপে সুৰাৰ আশ্রয় লয়৷ কিন্তু দুখৰ বিষয়, শেষত গৈ ই অৱসাদৰহে সৃষ্টি কৰে৷ এই অৱসাদৰ পৰা মুক্তি বিচাৰি পুনৰ সুৰা পান কৰে আৰু এনেদৰে অৱসাদ আৰু সুৰাপান চক্রাৱৎ চলি থাকে৷ চাকৰিজীৱী মহিলাই এহাতে কর্মক্ষেত্রত প্রতিযোগিতা আৰু আনহাতে ঘৰুৱা কামৰ বোজাৰ বাবে মনত এক গভীৰ চাপ অনুভৱ কৰে৷ এনেকুৱা অৱস্থাত কিছুমান মহিলা সুৰাৰ প্রতি আকৃষ্ট হয়৷ বিবাহ বিচ্ছেদ, গৃহ কন্দল, সন্তান বা পতিৰ অকাল মৃত্যু আদি জীৱনৰ ঘাত–প্রতিঘাতসমূহ চম্ভালিব নোৱাৰি কিছুমান মহিলাই সুৰা গ্রহণ কৰিবলৈ আৰম্ভ কৰে৷ কিন্তু সুৰাই এই সমস্যাসমূহ সমাধান কৰাৰ সলনি আন কিছুমান সমস্যাৰ সৃষ্টিহে কৰে৷ বিশেষকৈ যিসকল মহিলাৰ পৰিয়ালত (বংশত) সুৰাসক্ত ব্যক্তি থাকে, তেনে মহিলা সুৰাৰ প্রতি আসক্ত হোৱাৰ বেছি সম্ভাৱনা থাকে৷ তেওঁলোকে লাহে লাহে বেছি পৰিমাণৰ সুৰা গ্রহণ কৰিব আৰম্ভ কৰে৷ সুৰা গ্রহণ বন্ধ অথবা পৰিমাণ কমাই দিলে তেওঁলোক কেতবোৰ দৈহিক আৰু মানসিক সমস্যাত ভোগে আৰু সেয়েহে ইচ্ছা কৰিলেও নিজে সুৰাৰ ব্যৱহাৰ বন্ধ কৰিব নোৱৰা হয়৷ সেয়েহে তেওঁলোকে কেতিয়াও সুৰা গ্রহণ কৰিব নালাগে৷ সমীক্ষাৰ পৰা দেখা গৈছে, ৩০ৰ ৪০ শতাংশ সুৰাসক্ত ব্যক্তি বিষণ্ণতাত ভোগে৷
সামাজিক সমস্যা: সুৰা গ্রহণ কৰা মহিলাৰ প্রতি সমাজে পক্ষপাতমূলক দৃষ্টিভংগী গ্রহণ কৰা দেখা যায়৷ সমাজে তেওঁলোকক হেয়জ্ঞান কৰে আৰু তেওঁলোকৰ চৰিত্র সম্পর্কে সন্দেহ প্রকাশ কৰে৷ এনেকুৱা মহিলাৰ ক্ষেত্রত নিজৰ ঘৰখনো নিৰাপদ আশ্রয়স্থল নহ’ব পাৰে৷ তেওঁলোক নানা ধৰণৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হ’বলগীয়া হয়৷ বহুতে আকৌ লাজ আৰু শংকা হেতু আসক্তিৰ কথা লুকুৱাই ৰাখে৷ গতিকে সুৰাৰ প্রতি থকা আসক্তিৰ পৰা একান্তভাৱে মুক্তি বিচাৰিলেও চিকিৎসাৰ বাবে তেওঁলোক সহজভাৱে ওলাই আহিব নোৱাৰে৷
সুৰাসক্ত অৱস্থাত মানুহৰ শুদ্ধ–শুদ্ধ, ভাল–বেয়া বা স্থান–কালৰ বিচাৰ ক্ষমতা হ্রাস পায়৷ এনেকুৱা অৱস্থাত অসুৰক্ষিত যৌনসংগম হোৱাৰ সম্ভাৱনা থাকে৷ আৰু তাৰ অৱধাৰিত ফল, অপৰিকল্পিত গর্ভধাৰণ, যৌনৰোগ আদিত ভুগিব পাৰে৷ তদুপৰি, সুৰাসক্ত অৱস্থাত সতর্কতা অৱলম্বন আৰু আত্মৰক্ষাত ব্যর্থ হয়৷
সুৰাৰ ব্যৱহাৰ আৰু মহিলাৰ দৈহিক সমস্যা: উপৰিউক্ত সমস্যাৰ উপৰি অন্যান্য বহুতো সমস্যা পুৰুষ–মহিলা নির্বিশেষে দেখা যায়৷ পুৰুষৰ তুলনাত সুৰাসক্ত মহিলাৰ যকৃতৰ ৰোগ সোনকালে আৰম্ভ হয়৷ মগজুৰ ওপৰত পৰা প্রভাৱ হেতু স্মৃতিশক্তি হ্রাস পোৱা ৰোগ (ডিমেনছিয়া) মহিলাৰ ক্ষেত্রত তুলনামূলকভাৱে সোনকালে আৰম্ভ হয়৷ উচ্চ ৰক্তচাপ আৰু ইয়াৰ ফলত হ’ব পৰা বিভিন্ন ধৰণৰ জটিলতা, হূদযন্ত্রৰ ৰোগ, ৰক্তহীনতা, মাংসপেশীৰ ৰোগ, ভিটামিনৰ অভাৱ আদি সুৰাসক্ত ব্যক্তিসকলৰ মাজত বেছিকৈ দেখা যায়৷ সঘনাই সুৰাপান কৰা মধুমেহ ৰোগীয়ে চিকিৎসাৰ সুফল পোৱাৰ আশা কম৷ সুৰাসক্ত ব্যক্তিৰ দেহত ৰোগ প্রতিৰোধ কৰাৰ ক্ষমতা কমি যায়৷ দেখা গ’ল, সুৰাৰ ব্যৱহাৰে ব্যক্তিক শাৰীৰিক, মানসিক, সামাজিক আৰু আর্থিকভাৱে
অনিষ্ট সাধন কৰে৷ গতিকে সুৰাৰ প্রতি থকা আসক্তিৰ পৰা পৰিত্রাণ পাবলৈ পুৰুষৰ দৰে সুৰাসক্ত মহিলাসকলেও উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে৷
আপুনি সুৰাসক্ত ৰোগত ভুগিছে নেকি?
• কেতিয়াবা আপোনাৰ মনলৈ এনেকুৱা ভাব আহিছে নেকি যে আপুনি সুৰা বেছিকৈ পান কৰিবলৈ লৈছে, গতিকে কমাব লাগে৷
• সুৰাপান কৰাৰ বাবে কোনোবাই সমালোচনা কৰিলে আপোনাৰ খং উঠে নেকি?
সুৰাপান কৰা অভ্যাসটোৰ বাবে নিজকে অপৰাধী যেন লাগে নেকি?
• নিজক সতেজ ৰাখিবলৈ আপুনি কেতিয়াবা পুৱা উঠিয়েই সুৰাপান কৰিবলগীয়া হৈছে নেকি?
যদি উপৰউক্ত চাৰিটা অৱস্থাৰ দুটাও আপোনাৰ ক্ষেত্রত প্রযোজ্য, তেন্তে আপুনি সুৰাসক্ত হোৱাৰ সম্ভাৱনা আছে৷ আপুনি চিকিৎসকৰ পৰামর্শ লোৱাৰ প্রয়োজন৷

You might also like