নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাপান আৰু পথ দুর্ঘটনা

- ডাঃ চন্দন বৰুৱা

সুৰাপান আৰু গাড়ীচালনা এটা মাৰাত্মক সংমিলন৷ গোটেই বিশ্বতে প্রতিবছৰে ১.২৪ নিযুত লোক পথ দুর্ঘটনাত নিহত হয়, আৰু ৫০ নিযুত গুৰুতৰভাৱে আহত হয়৷ ১৫ৰ পৰা ৪৪ বছৰৰ ব্যক্তিৰ মৃত্যুৰ বাবে পথ দুর্ঘটনা এটা আগশাৰীৰ কাৰণ৷ ভাৰতত প্রতি ৪ মিনিটত এজনৰ ব্যক্তি পথ দুর্ঘটনাত মৃত্যু হয়৷ অসমত এই বছৰত পথ দুর্ঘটনা খুব বৃদ্ধি পাইছে৷ মাত্র দহ মাহত (জানুৱাৰীৰ পৰা অক্টোবৰ ২০২১)৷ অসমত ৬,০৫৪টা পথ দুর্ঘটনা হৈছে আৰু ২,৪৬৪জন ব্যক্তিৰ এই পথ দুর্ঘটনাসমূহত মৃত্যু হৈছে৷ ক’ভিড ১৯ৰ বেছিভাগ সময় লকডাউন থকা সত্ত্বেও (২০২০) গোটেই অসমত ২,০২০জন ব্যক্তিৰ মৃত্যু হয় আৰু অকল গুৱাহাটীতে ২১৫জনৰ মৃত্যু হয়৷ ৯২ শতাংশ পথ দুর্ঘটনা কেৱল সুৰাপায়ী চালকৰ বাবেই হয়৷ কিন্তু প্রকৃত সত্য হৈছে সুৰাপানৰ কাৰণে যদি পথ দুর্ঘটনাত ১০০জন চালকৰ মৃত্যু হয়, তাৰ বিপৰীতে ৬০জন পৰিয়ালৰ লোক বা বন্ধু–বান্ধৱ, যি একেখন গাড়ীতে ভ্রমণ কৰে, তেওঁলোকৰ কৰুণ মৃত্যু হয়৷ লগতে আন ১০জন নির্দোষ পথচাৰীৰ মৃত্যু হয়৷

গাড়ীচালনাত সুৰাই কেনেদৰে প্রভাৱ পেলায়
এটা কথা জনা প্রয়োজন যে পথ দুর্ঘটনা কৰিবলৈ চালক মাতাল স্থিতিলৈ যোৱাৰ প্রয়োজন নাই৷ কম পৰিমাণৰ সুৰা পান কৰিলেও স্বাভাৱিকভাৱে গাড়ীচালনা কৰিব নোৱাৰে যদিও ব্যক্তিজনে নিজকে স্বাভাৱিক অৱস্থাত থকা যেন বুজাবলৈ খুব চেষ্টা কৰে৷ সুৰাই মগজুৰ কার্য স্তিমিত কৰি আনে, যিটো গাড়ীচালনাৰ কাৰণে অতি প্রয়োজনীয়৷ ৰক্তত সুৰাৰ মাত্রা বা ব্লাডত এলকহল কনচেনট্রেছন বা চমুকৈ বিএচি যিমানেই বৃদ্ধি পাব, সিমানেই পথ দুর্ঘটনাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পাব৷ ৰক্তত সুৰাৰ মাত্রা কিমান আছে তাক ব্রেথ এনালাইজাৰৰ দ্বাৰা নির্ণয় কৰিব পাৰি, ৰক্ত আৰু প্রস্রাৱ পৰীক্ষা কৰিও বিএচি জানিব পাৰি৷
বিএচি ০.০৫ শতাংশত পথ দুর্ঘটনাৰ সম্ভাৱনা দুগুণ বৃদ্ধি পায়৷ বিএচি ০.১০ শতাংশত দুর্ঘটনাৰ সম্ভাৱনা ৭ গুণ আৰু বিএচি ০.১৫ শতাংশত দুর্ঘটনাৰ সম্ভাৱনা ২৫ গুণ বদ্ধি পায়৷
আমাৰ দেশৰ আইন মতে চালকৰ ৰক্তত সুৰাৰ মাত্রা বা বিএচি ০.০৩ শতাংশ বা তাতকৈ বেছি হ’লে চালকজনক দণ্ড বিহা হয়৷ ভাৰতীয় আইন মতে চালকক ২০০০ৰ পৰা ১০,০০০ টকা পর্যন্ত জৰিমনা আৰু ৬ মাহৰ পৰা ৪ বছৰলৈকে কাৰাদণ্ড দিব পাৰে৷ বিএচি ০.০৩ শতাংশ মানে ৰক্তত সুৰাৰ পৰিমাণ ৩০ মিলিগ্রাম প্রতি ডেচিলিটাৰ ৰক্তত৷
• কিছুমান কাৰকে বিএচি হ্রাস বা বৃদ্ধি কৰিব পাৰে–
সুৰাৰ পৰিমাণ যিমান বৃদ্ধি হ’ব সিমানে বিএচি বৃদ্ধি পাব৷
• কম সময়ৰ ভিতৰত বেছি সুৰপান কৰিলে বিএচি বৃদ্ধি পাব৷
• কম ওজনৰ ব্যক্তি এজনতকৈ বেছি ওজনৰ ব্যক্তি এজনৰ বিএচি বদ্ধি পাবলৈ বেছি পৰিমাণৰ সুৰাৰ প্রয়োজন হ’ব৷
• পুৰুষতকৈ মহিলাৰ বিএচি সোনকালে বৃদ্ধি হ’ব৷
খালী পেটত সুৰাপান কৰিলে, কিছুমান ঔষধ ব্যৱহাৰ কৰিলে আৰু সুৰাৰ লগত চ’ডা মিহলাই সুৰাপান কৰিলে বিএচি বৃদ্ধি হ’ব৷

সুৰাপায়ী চালকে কিয় পথ দুর্ঘটনা কৰে
• বহুত গৱেষণাই এইটো প্রমাণ কৰিছে যে চালকৰ ৰক্তত আইনগত সুৰাৰ মাত্রা (০.০৩ শতাংশ) নোহোৱাকৈয়ে পথ দুর্ঘটনা হ’ব পাৰে৷
• গাড়ীচালনাৰ সময়ত চালকৰ যি মনোযোগৰ আৱশ্যক, সুৰাই তাক হ্রাস বা দুর্বল কৰে৷
• সুৰাই দৃষ্টিশক্তি আৰু শ্রৱণ শক্তি হ্রাস কৰে৷ গাড়ীখন কিমান বেগে চলিছে, আন গাড়ীৰ পৰা দূৰত্ব কিমান, সন্মুখত পথচাৰী বা আন বস্তু আছে নেকি সেইবোৰ উপলব্ধি কৰাৰ ক্ষমতা হ্রাস কৰে৷ ৰাতি দেখাৰ ক্ষমতা ২৫ শতাংশ হ্রাস কৰে৷
• সুৰাৰ প্রভাৱত অস্পষ্টকৈ দেখে৷ খুব ভয়ংকৰ স্থিতি হ’ল এটা বস্তু দুটাকৈ দেখা বা ডাবল ভিছন৷ অর্থাৎ সন্মুখৰ পৰা আহি থকা এখন বাহন দুখনকৈ দেখা৷ ফলত চালকে কি কৰিব একো সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰি দুর্ঘটনা কৰে৷ এনে স্থিতিত দুর্ঘটনা হোৱাৰ আশংকা প্রচুৰ৷
• সুৰাই চালকৰ প্রতিক্রিয়া (ৰিয়েকচন) হ্রাস কৰে৷ ফলত আগত কোনো বিপদ দেখিলেও ততালিকে সিদ্ধান্ত লৈ কেনেকৈ দুর্ঘটনা নহয় সেই প্রতিক্রিয়াত ব্যাঘাত জন্মে৷ পথ দুর্ঘটনাৰ ই এটা প্রধান কাৰক৷
• সুৰাই চালকৰ চাৰিও দিশে কি হৈ আছে তাক উপলব্ধি কৰাৰ ক্ষমতা দুর্বল কৰে৷ ফলত ৰেড লাইট, কাষৰ উপপথেদি অহা বাহন, পথচাৰী, গছ আৰু ৰাস্তাৰ কাষত ৰখাই থোৱা ট্রাক আদি মন নকৰে৷
• সুৰাই কৃত্রিম আত্মবিশ্বাস বৃদ্ধি কৰে৷ সেইবাবে চালকে কিছুমান ভয়ংকৰ নল’বগীয়া সিদ্ধান্ত লয় আৰু দুর্ঘটনা কৰে৷
• আটাইতকৈ বিপদসংকুল কথা হ’ল সুৰাপান কৰা চালকৰ গাড়ী চলাই থাকোঁতেই টোপনি যোৱা৷ ৰাতি হোৱা বেছিভাগ পথ দুর্ঘটনাৰ ই এটা প্রধান কাৰণ৷ এইটো জনা উচিত যে ৰক্তত থকা সুৰাৰ মাত্রা কোনো ঔষধ, খাদ্য, কফী, নেমুপানী, স্নান কৰি নোহোৱা কৰিব নোৱাৰি৷ সময় অতিক্রম কৰাৰ লগে লগে সুৰাৰ মাত্রা কমি আহি শূন্য হয়৷ সুৰাপান কৰাৰ পিছৰ দিনাও গাড়ী চালন ১০০ শতাংশ নিৰাপদ নহয়৷

পথ দুর্ঘটনা কেনেকৈ প্রতিৰোধ কৰিবঃ
• পার্টী, ক্লাব, পিক্নিক আদিত সুৰাপান কৰাৰ পিছত নিজে কেতিয়াও গাড়ী নচলাব৷ লগত যোৱা কোনো বন্ধু বা আত্মীয়, যি সুৰাপান নকৰে, তেনে ব্যক্তিয়ে গাড়ী চলাব লাগে৷
• আজাকালি চালক ভাৰাত পোৱা যায়৷ তেনে চালকে গাড়ী চলোৱাৰ ব্যৱস্থা কৰক৷ টেক্সি বা উবেৰ ব্যৱহাৰ কৰক৷
• কোনো বন্ধু–বান্ধৱৰ ঘৰত সুৰাপান কৰিলে ৰাতি তাতে থকাৰ ব্যৱস্থা কৰক৷
• নৱবর্ষ, মাঘবিহু আৰু পিক্নিকৰ আনন্দ লোৱাৰ সময়ত বিশেষ সতর্ক হওক৷
• অসম চৰকাৰে এইবাৰ সুৰাপায়ী চালকৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে৷ সুৰাপান কৰি গাড়ী বা বাইক চলালে জৰিমনা, কাৰাগাৰ বা ড্রাইভিং লাইচেন্স হেৰুৱাব লগা হ’ব পাৰে৷
• গাড়ীত ভ্রমণ কৰোঁতে ছীটবেল্ট ব্যৱহাৰ কৰিব৷ বাইক আৰোহীয়ে হেলমেট পৰিধান কৰিব৷
ইংৰাজীত কোৱাৰ দৰে, ‘ৱান ফৰ দ্য ৰোড’ যাতে আপোনাৰ জীৱনৰ শেষ ড্রিংক নহয়৷

You might also like