নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিজাৰিয়ান এনাস্থেছিয়াৰ বেজী কঁকালৰ বিষ

  • ডাঃ সুৰজিত গিৰি

 

‘ছাৰ, মই ৰেণুৱে কৈছো৷ আজি চিজাৰিয়ান অস্ত্রোপচাৰ হোৱাৰ তিনি মাহ হ’ল৷ কঁকালটো বৰকৈ বিষাইছে৷ এনাস্থেছিয়াৰ বেজীটোৰ কাৰণে হৈছে নেকি বাৰু?’
যোৱা বছৰৰ ডিচেম্বৰ মাহৰ ঠেঁটুৱৈ ধৰা জাৰৰ কোনোবা এটা দিনত দেওবাৰৰ ৰাতিপুৱা ৰেণুৰ ফোনটো পাই ফোনতে বুজনি দি পিছদিনাখন চিকিৎসালয়লৈ আহিবলৈ বিধান দিওঁ৷
আজিৰ পৰা ৫০ বছৰ আগতে এগৰাকী মাতৃয়ে ৯ মাহ অশেষ কষ্ট কৰি পেটত পৃথিৱীলৈ আহিবলগীয়া নতুন জীৱনটোৰ লালন–পালন কৰাৰ পাছতো, শেষমুহূর্তত শিশুৰ প্রথম কান্দোনৰ স্বর্গীয় সুখৰ পৰা বঞ্চিত হৈছিল৷ কাৰণ পূর্বতে প্রায়ে মাতৃগৰাকীক সম্পূর্ণ অজ্ঞান(General Anaesthesia) (সংজ্ঞাহৰণ) প্রয়োগ কৰি চিজাৰিয়ান অস্ত্রোপচাৰ কৰা হৈছিল৷ কিন্তু আজিকালি সমগ্র বিশ্বতে সম্পূর্ণ অৱশ সংজ্ঞাহৰণ আমি চিজাৰিয়ান অস্ত্রোপচাৰত কেতিয়াবাহে কিবা আনুষংগিক সমস্যা থাকিলেহে প্রয়োগ কৰোঁ৷ অর্থাৎ আমেৰিকাতেই হওক বা ভাৰতবর্ষৰ গ্রাম্য চিকিৎসালয়তেই হওক, সকলোতে চিজাৰিয়ান অস্ত্রোপচাৰত সংজ্ঞাহৰণৰ বাবে কঁকালত বেজী দিয়া হয়৷
সৌসিদিনাখনলৈ সমগ্র বিশ্বত চিজাৰিয়ান অস্ত্রোপচাৰ কৰোঁতে ৰোগী আৰু নৱজাতকৰ মৃত্যুৰ হাৰ খুব বেছি আছিল৷ বিভিন্ন কাৰণৰ ভিতৰত সম্পূর্ণ সংজ্ঞাহৰণ পদ্ধতিত কেতিয়াবা শ্বাসযন্ত্রত নলী endotracheal tube) এটা ভৰাব নোৱাৰা অৱস্থা বা অক্সিজেন দিব নোৱাৰা অৱস্থাও এটা কাৰক আছিল৷ আমি ক’ব বিচৰা নাই যে এই পদ্ধতিটো আওপুৰণি৷ এতিয়াও আমি দৈনন্দিন এই পদ্ধতিটোতে বিভিন্ন অস্ত্রোপচাৰ কৰোঁ৷ কিন্তু বিভিন্ন গৱেষণাই চিজাৰিয়ান অস্ত্রোপচাৰৰ কাৰণে কঁকালৰ বেজী বা স্পাইনেল এনাস্থেছিয়াক উত্তম বুলি ৰায় দিছে৷ আজি আধুনিক সংজ্ঞাহৰণ ব্যৱস্থাত ৰোগী আৰু নৱজাতক সম্পূর্ণ সুৰক্ষিত৷ সংজ্ঞাহৰণ পদ্ধতিৰ অভাৱনীয় উন্নতিৰ কাৰণে আজি মাতৃয়ে হঁাহি হঁাহি সন্তান জন্ম হোৱা প্রত্যক্ষ কৰে৷
আমি কঁকালত এটা বেজ (spinal anaesthsia) দি মাত্র পেটৰ তলৰ অংশহে অকামিলা কৰোঁ৷ স্ত্রী ৰোগ বিশেষজ্ঞ চিকিৎসকে পেটৰ তলৰছোৱা অংশত যেতিয়া কটা–ছিঙা কৰে, ৰোগীগৰাকীয়ে কোনো বিষ অনুভৱ নকৰে৷
বহুত ক্ষেত্রত আমি সমাজত প্রত্যক্ষ কৰিছোঁ, পিছলৈ মাতৃগৰাকীৰ কঁকালৰ বিষ হ’লে প্রায়েই আমাৰ বেজীটোক আৰু আমি সংজ্ঞাহৰকসকলক দোষাৰোপ কৰে৷ আচলতে সেইটো নহয়৷
যদিহে ভাৰতবর্ষৰ মেডিকেল কাউঞ্চিলৰদ্বাৰা বৈধ আৰু প্রশিক্ষণপ্রাপ্তৰ লগতে অর্হতাসম্পন্ন অভিজ্ঞ সংজ্ঞাহৰকৰদ্বাৰা বেজীটো লোৱা হয়, তেনেহ’লে তেনেকুৱা হোৱাৰ অৱকাশ সাধাৰণতে নাথাকে৷
কঁকালৰ বিষৰ কাৰণ বিভিন্ন হ’ব পাৰে৷ মোৰ নিজৰ কঁকালৰ বিষ আছে, কিন্তু মইতো আজিলৈকে কোনোধৰণৰ কঁকালৰ বেজী লোৱা নাই৷ মই তেনেহ’লে কাক দোষ দিম? সমগ্র পৃথিৱীত এনেকুৱা কঁকালৰ বিষৰ ৰোগী বহুত আছে, যিয়ে কোনোধৰণৰ সংজ্ঞাহৰণৰ কাৰণে কঁকালৰ বেজীটো লোৱা নাই৷
বাৰু যি কি নহওক, পিছদিনাখন ৰেণু হাস্পতাললৈ দুপিয়াই দুপিয়াই আহে৷ তিনি মাহৰ আগৰ কথা৷ মোৰ মনত একেবাৰে পৰা নাছিল৷ কঁকালৰ বেজীটো দিওঁতে কেনেবাকৈ অসুবিধা হৈছিল নেকি চাবলৈ ৰেণুৰ টিকেটো টিকেট সংৰক্ষণ কৰা কক্ষৰ পৰা উলিয়াই মেলি চাওঁ৷ আমি সাধাৰণতে এনাস্থেছিয়া আৰু অস্ত্রোপচাৰত হোৱা ঘটনা–পৰিঘটনা বা অসুবিধাবোৰ ৰোগীৰ টিকেটত লিখি লিপিবদ্ধ কৰি ৰাখোঁ৷ টিকেটটো মেলি চাই বেজীটো দিওঁতে তেনে কোনো অসুবিধা হোৱাৰ কথা মই লিখা নাছিলোঁ৷ অর্থাৎ অতি সহজতে কঁকালৰ বেজী দিয়া কামটো সমাপন হৈছিল৷
কিন্তু ৰেণুৱে কঁকালৰ বিষৰ কাৰণে সঁচাকৈ বহুত কষ্ট পাই আছিল৷ পৰীক্ষা–নিৰীক্ষা কৰি ৰেণুক ক’লো,MRI এখন কৰি লোৱা যাওক৷বেজীটোৰ কাৰণে কঁকালৰ বিষ হোৱা নাই যেন লাগিছে৷’’
ৰেণুৰ কাৰণে মই চিন্তিত আছিলো৷ অত্যন্ত বিষ৷ দৈনন্দিন কামবোৰো ভালকৈ কৰিব পৰা নাছিল৷ নিজৰ ওপৰতে সন্দেহ হ’ল৷ দুই–এটা বিধান দি ৰেণুক বিদায় দি মনে মনে ৰেণুৰ কঁকালৰ বিষৰ কাৰণবোৰ বিশ্লেষণ কৰি থাকিলো৷ মই ক’ৰবাত ভুল কৰিলো নেকি? আকৌ নিজকে সাত্ব্ন্না দি ক’লোঁ, বেজীটো দিওঁতে কোনো অসুবিধা হোৱা নাছিল৷ নিশ্চয় তাইৰ ৰাজহাডডালৰ কিবা অসুবিধা হৈছে৷ ৰেণুৰ অৱস্থাটো দেখি ডিমৌ গ্রাম্য চিকিৎসালয়ৰ অস্ত্রোপচাৰ কক্ষত তিনিটাকৈ চিজাৰিয়ান অস্ত্রোপচাৰত সেমেকা মনেৰে কামবোৰ কৰি গ’লো MRI ৰিপ’টৰ কাৰণে অধীৰ আগ্রহেৰে বাট চাই ৰ’লোঁ৷
পিছদিনাখন ডিব্রুগডত ৰেণুৰ ৰাজহাডৰMRI কৰি ৰিপ’টটোৰ ফটো মোলৈ হোৱাটছএপতে পঠিয়াই দিয়ে৷
ৰিপ’টটো পাই মনটো অলপ ফৰকাল লাগিল৷ মই যিটো ভাবিছিলো, সেয়াই হ’ল৷ এনাস্থেছিয়াৰ বেজীটোৰ কাৰণে ৰেণুৰ কঁকালৰ বিষ হোৱা নাই৷ ৰেণুৰ ৰাজহাডৰ স্পাইনেল কেনেলত এটা বিৰল ঘটনাৰ অৱস্থিত ধৰা পৰিল৷ চিন্তনীয় নহয়, চিকিৎসা কৰিলে ভাল হ’ব৷
ৰেণুক ফোন কৰি ক’লোঁ, ‘‘তোমাৰ স্পাইনেল কেনেলত এটা ছিষ্ট ধৰা পৰিছে৷ এনাস্থেছিয়াৰ বেজীটোৰ কাৰণে তোমাৰ কঁকালৰ বিষ হোৱা নাই৷ স্নায়ুৰোগ বিশেষজ্ঞ এজনক এবাৰ দেখাই আহিবা৷ চিন্তা কৰিব নালাগে৷ সকলো ভাল হৈ যাব৷’’
ৰেণুৰ স্পাইনেল কেনেলত ধৰা পৰা ছিষ্টটোৱেই কঁকালৰ বিষৰ কাৰণ আছিল৷ সেইটো ইমানেই বিৰল ছিষ্ট আছিল যে ভাৰতবর্ষৰ উচ্চস্তৰীয় কিতাপত ৰেণুৰ ঘটনাটো প্রকাশো হৈছে৷
ডিমৌ গ্রাম্য চিকিৎসালয়ত ২০১২ বর্ষত মৌচুমী বৰগোহাঁইৰ চিজাৰিয়ান অস্ত্রোপচাৰ কৰাৰ দুবছৰৰ পাছত কঁকালৰ অসহ্য বিষ হয়৷ মৌচুমীয়ে সমাজৰ তথাকথিত বিভিন্ন কথাবোৰ আওকাণ কৰি আধুনিক বিজ্ঞানৰ শৰণাপন্ন হয়৷ মৌচুমীৰ কঁকালৰMRI কৰোঁতে স্পাইনেল ডিস্কৰ অকামিলাহে দেখা দিছিল, যাৰ কাৰণে তেওঁৰ ২০১৪ বর্ষত কঁকালৰ অস্ত্রোপচাৰ কৰা হয়৷
মৌচুমীয়ে কিন্তু আমাক আৰু সংজ্ঞাহৰণৰ কঁকালৰ বেজীক দোষাৰোপ দিয়া নাছিল৷ কাৰণ তেওঁ জানিছিল বেজীটোৰ কাৰণে তেওঁৰ কঁকালৰ বিষ হোৱা নাই৷ কঁকালৰ অস্ত্রোপচাৰৰ তিনি বছৰৰ পাছত, অর্থাৎ ২০১৭ বর্ষত তেখেতৰ দ্বিতীয় চিজাৰিয়ান অস্ত্রোপচাৰটোতও তেওঁক আমিয়েই পুনৰ কঁকালতে এনাস্থেছিয়াৰ বেজী দি অস্ত্রোপচাৰ কৰা হৈছিল৷ সকলোতকৈ আমোদজনক যে তেওঁ নিজে কঁকালৰ বেজীৰ এনাস্থেছিয়া লোৱাৰ কথা দোহাৰে৷ মৌচুমীয়ে কঁকালৰ অস্ত্রোপচাৰ আৰু দুটাকৈ চিজাৰিয়ান অস্ত্রোপচাৰৰ কাৰণে সর্বমুঠ তিনিটা এনাস্থেছিয়াৰ কঁকালৰ বেজীলৈও আজি সম্পূর্ণ সুস্থ৷ কাৰণ অস্ত্রোপচাৰৰ পাছত তেওঁ আমি দিয়া বিধান মতে কঁকালৰ যত্ন লৈছিল৷ মৌচুমীৰ আধুনিক বিজ্ঞানৰ প্রতি বিশ্বাস আৰু আমি সকলো স্বাস্থ্যকর্মীসকলৰ ওপৰত থকা অগাধ বিশ্বাসৰ কাৰণে তেওঁক আমি ‘বৈজ্ঞানিক ৰোগী’ হিচাপে ২০১৭ বর্ষতে সম্বর্ধনাও জনাইছিলো৷
মনত ৰাখিব এগৰাকী মাতৃয়ে ২.৫–৪ কেজি ওজনৰ এটা শিশুৰ ভৰ পেটত ল’ব লগাত পৰে৷ ৰাজহাডত কষ্ট পোৱা আৰু কঁকালৰ বিষ হোৱাটো স্বাভাৱিক৷ কিন্তু আমি ইয়াক লাঘৱ কৰিব পাৰোঁ যদিহে আমি অলপ সাৱধান হওঁ৷ ৰাজ হাডৰ লগতে ২.৫–৪ কেজিৰ শিশুটোক পেটৰ ভিতৰত গঠন হ’বলৈ, লগতে খেলা–ধূলা কৰিবলৈ পর্যাপ্ত ঠাই দিবলৈ মতৃগৰাকীৰ পেটৰ আৰু কঁকালৰ মাংসপেশীবোৰ সম্পূর্ণ শিথিল হৈ যায়৷ আগৰ অৱস্থা পাবলৈ অন্ততঃ ৬ মাহমান সময় লাগি যায়৷ কঁকালৰ মাংসপেশীবোৰৰ শিথিলতাও কঁকালৰ বিষৰ প্রধান কাৰণ৷ সেই কাৰণে প্রসৱৰ পাছত কঁকালৰ ব্যায়ম কৰিবই লাগে৷
স্বাভাৱিকভাৱে সন্তান প্রসৱ হোৱা মাতৃৰো অত্যন্ত কঁকালৰ বিষ হৈ কঁকালৰ অস্ত্রোপচাৰ হোৱাও আমি প্রত্যক্ষ কৰিছোঁ৷
কঁকালৰ এনাস্থেছিয়াৰ বেজীটোৱেই যদি আপোনাৰ কঁকালৰ বিষৰ কাৰণ হ’লহেঁতেন, তেনেহ’লে আমাৰ সমাজৰ বিভিন্ন ভাতৃ, দাদা বা ককাৰ কঁকালৰ বিষৰ কাৰণে দৈনিক অস্ত্রোপচাৰ নহ’লহেঁতেন৷ আমেৰিকাত ১৬০ লাখ লোক আৰু আমাৰ ভাৰতত প্রায় ৬০ শতাংশ উৎসwww. indianpain.orgৰ লোক কঁকালৰ বিষত জর্জৰিত৷
আপুনি কঁকালৰ বিষত অসুবিধা পাইছে, আপোনাৰ ডাক্তৰৰ লগত কথা পাতক৷ আধুনিক চিকিৎসা বিজ্ঞানৰ জয়যাত্রাত এনাস্থেছিয়াৰ বেজীটোৰ কাৰণেই কঁকালৰ বিষ হৈছে বুলি হাত সাবটি নাথাকিব৷ ৰেণু আৰু মৌচুমী ইয়াৰ জ্বলন্ত উদাহৰণ৷
স্বাভাৱিক সন্তান প্রসৱৰ পাছত বা চিজাৰিয়ান অস্ত্রোপচাৰৰ পাছত কঁকালৰ বিষ নহ’বলৈ বা লাঘৱ কৰিবলৈ তলৰ ১০টা নিয়ম সদায় পালন কৰিব৷
১) ৬ মাহলৈ কোনো গধুৰ বস্তু নাদাঙিব৷
২) মজিয়াৰ পৰা কিবা দাঙিব লগিত হ’লে নাহাউলিকে মজিয়াত আঁঠু কাঢ়ি দাঙিব চেষ্টা কৰিব লাগে৷
৩) গাডী, চাৰিচকীয়া বাহন আদিত উঠোঁতে শিশুটিক দাঙি দাঙি উঠিব নালাগে৷ প্রথমে বহি থকাজনক শিশুটি দিয়ক, তাৰ পাছত গাডীত উঠক৷
৪) কাপোৰ আদি ধুওঁতে হাউলি নুধুব৷ ভালকৈ বহি কামটো কৰিব৷পৰাপক্ষত ২ মাহমানলৈকে টিউবৱেল নামাৰিব৷
৫) শিশুক স্তনপান কৰাওঁতে কঁকালটোক কষ্ট নিদিয়াকৈ দিব৷ কঁকালটো বেঁকা কৰি স্তনপান নকৰাব৷ হাউলি হৈ স্তনপান নকৰাব৷
৬) ৰাতিপুৱা ৩–৪ বজাত শুই থাকোঁতে, শিশুক স্তনপান কৰিব লগাত পৰিলে সহজ হৈ কঁকালটোক কষ্ট নিদিয়াকৈ স্তনপান কৰাব৷
৭) কঁকালৰ ব্যায়ম কৰিব৷ পাৰিলে কঁকালত এটা বেল্টবান্ধিব পাৰে৷ বেল্ট নাথাকিলে গামোচা এখনো বান্ধিব পাৰে৷
৮) কেলচিয়ামৰ টেবলেট অন্ততঃ ৬ মাহলৈ খাব৷
৯) শৰীৰত ভিটামিনD উৎপন্ন কৰিবলৈ মাজে মাজে ৰ’দ ল’ব৷
১০) গর্ভৱতী অৱস্থাত সাধাৰণতে এগৰাকী মাতৃৰ ১০–১৫ কেজি ওজন বাঢ়িব পাৰে৷ শিশু জন্ম হোৱাৰ ৬ মাহৰ পাছতে আপোনাৰ ওজন গর্ভৱতী হোৱাৰ আগৰ ওজন পাব চেষ্টা কৰক৷
কেতিয়াবা ৪ দিনত মূৰৰ বিষ এটা হ’ব পাৰে, শুই দিলে মূৰৰ বিষটো ভাল হয়,বহিলে বা খোজ কাঢ়িলে মূৰৰ বিষ বেছি হয়, এইটোহে কঁকালৰ বেজীটোৰ পার্শ্বক্রিয়া৷ কিন্তু আজিকালিৰ অত্যাধুনিক চুলিৰ নিচিনা পাতল বেজীটোৰ কাৰণে সেই মূৰৰ বিষটো আমি কাৎচিতহে প্রত্যক্ষ কৰোঁ৷
আজি সংজ্ঞাহৰণ আৰু অস্ত্রোপচাৰৰ এটা মধুৰ স্মৃতি৷ অস্ত্রোপচাৰৰ কক্ষত ৰোগীক বিষহীন কৰি, ৰোগীয়ে হঁাহি হঁাহি অস্ত্রোপ্রচাৰ সুকলমে সম্পন্ন কৰা আৰু সম্পূর্ণ আৰামত ৰোগীক নিৰন্তৰ পর্যবেক্ষণ কৰাৰ পাছত, আজিকালি আমি অস্ত্রোপচাৰৰ পাছত দুই তিনিদিনলৈকে ৰোগীক বিষহীনভাৱে আৰামত ৰাখি, ৰোগীক মধুৰ স্মৃতি দিবলৈ চেষ্টা কৰোঁ৷ এইয়াই আমি সংজ্ঞাহৰকৰ কাম৷
আপোনাৰ বা আপোনাৰ আত্মীয়ৰ নিৰাপদ সংজ্ঞাহৰণ, নিৰাপদ অস্ত্রোপচাৰ আৰু আৰমদায়ক মধুৰ স্মৃতিৰ কাৰণে অস্ত্রোপচাৰৰ আগত আপোনাৰ সংজ্ঞাহৰকৰ লগত যোগাযোগ কৰাটো অতিকৈ বাঞ্ছনীয়৷ ৰেণু আৰু মৌচুমীৰ সন্মতি সাপেক্ষে ৰাইজ আৰু সমাজৰ সজাগতাৰ বাবে প্রকাশিত৷

You might also like