নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙালীলৈ মাজত মাথোঁ কুৰিটা দিনঃ ৰাজ্যজুৰি উচাহৰ ধল

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ: গছ–বিৰিখৰ আঁৰত লুকাই থকা কুলিটিয়ে সংগোপনে দিলে ব’হাগৰ বতৰা৷ অসমীয়াৰ ৰাইজাই মন গাঁৱে–ভূঞে, চহৰে–নগৰে এতিয়া মাথোঁ সীমাহীন ব্যস্ততা৷ বিহু নাচৰ আখৰা, পাহোৱাল ঢুলীয়াৰ ঢ়োলৰ ছেৱত টাকুৰি ঘূৰাদি নাচিছে নাচনীয়ে৷ কিয়নো মাজতে মাথোঁ ২০টা দিন৷ বছৰজোৰা অপেক্ষাৰ অন্তত আহিব বাপতিসাহোন বিহুটি৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকায়ো তাহানিয়ে গীতৰ মাজেৰেই কৈ থৈছিল– ব’হাগ মাথোঁ এটি ঋতু নহয়/নহয় ব’হাগ এটি মাহ/অসমীয়া জাতিৰ ই আয়ুসৰেখা…৷’ অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ পৰা জাতিটোৰ বিভিন্ন সমস্যালৈকে চৌদিশৰ পৰা বিভিন্ন প্রত্যাহ্বানে অসমীয়াক দেউলীয়া কৰি কেঁকোৰা চেপা দিছে৷ সমস্যাত ভাৰাক্রান্ত অসমীয়াই সকলোফালৰ পৰা যন্ত্রণাত ত্রাহি–মধুসূদন সুঁৱৰিছে৷ তথাপি প্রত্যাহ্বানৰ মাজতো অশেষ যন্ত্রণা স্বীকাৰ কৰি হ’লেও অসমীয়াই হেঁপাহৰ বিহুটিক আদৰিবলৈ অকণো কার্পণ্য কৰা নাই৷

কুলিটিৰ সুৰীয়া মাতে ব’হাগক স্বাগতম জনোৱাৰ দিনৰে পৰাই বিহুৰ প্রস্তুতিত ব্যস্ত হৈ পৰিছে অসমীয়া ডেকা–গাভৰুসকল৷ ৰাজ্যৰ বিভিন্ন প্রান্তত চলিছে বিহুনাচৰ আখৰা৷ সমান্তৰালভাৱে তাঁতশালতো ব্যস্ত হৈ পৰিছে শিপিনী–গৃহিণীসকল৷ হেঁপাহৰ বিহুৱানখন বিহুৰ পূর্বেই বই উলিয়াই আজৰি হোৱাৰ চেষ্টাত ব্যস্ত শিপিনীসকল৷ বিশ্বায়নৰ যুগত শিপিনী বোৱাৰীসকলৰ সীমাহীন ব্যস্ততাৰ দৃশ্য দুর্লভ যদিও পৰম্পৰা ৰক্ষা কৰি হ’লেও গ্রামাঞ্চলত এই প্রচেষ্টা আজিও বর্তি আছে৷ ৰাইজৰ লগতে এতিয়া বিশ্বমুখী যাত্রাৰ বাবেও সাজু হৈ উঠিছে অসমৰ বিহু৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে সকলো প্রচেষ্টা হাতত লৈছে ৰাজ্য চৰকাৰে৷

১৪ এপ্রিলত ১১,১৪০গৰাকী নাচনী আৰু ঢুলীয়াই একেলগে মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত বিহু নৃত্য পৰিৱেশনেৰে ৰেকর্ড কৰি চিৰদিনৰ বাবে গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডছত অন্তর্ভুক্ত কৰিব অসমীয়াৰ বাপতিসাহোন বিহুক৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বলিষ্ঠ নেতৃত্বত তথা জি–২০ দেশৰ সকলো ৰাষ্ট্রদূত, উচ্চায়ুক্ত আৰু দক্ষিণ–পূব এছিয়াৰ ৰাষ্ট্রপ্রধানসকলৰ্ সন্মুখতে বিশ্ব ৰেকর্ডেৰে গীনিজ বুকত উজলি উঠিব অসমৰ বিহুনৃত্য৷ অসমীয়াৰ পৰিচয় বিহুক বিশ্বজয়ৰ লক্ষ্যৰে এতিয়া জিলাই জিলাই নাচনী, ঢুলীয়া, প্রশিক্ষকসকলে দিন–ৰাতি একাকাৰ কৰি পেলাইছে৷ কিয়নো বিহুৰ বিশ্বজয়ী এই যাত্রাই অসমৰ লগতে অসমীয়াৰ কৃষ্টি–সংস্কৃতিকো বিশ্ব মানচিত্রত উজলাই তুলিব৷ সেয়েহে কষ্ট কৰাৰ ক্ষেত্রত কার্পণ্য কোনোৱে কৰা নাই৷ ৰঙালী বিহুৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজ্যজুৰি ব্যস্ততা বৃদ্ধি পাইছে বিভিন্ন বিহু সন্মিলনী, সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোক্তাসকলৰ৷ ধুমধামেৰে প্রস্তুতি চলাইছে বিহু উদযাপন সমিতিবোৰে৷ সমিতিবোৰৰ সমান্তৰালকৈ মঞ্চত গীত পৰিৱেশনৰ বাবে দিনে–নিশাই আখৰা চলাইছে শিল্পীসকলেও৷

অনুষ্ঠান পৰিৱেশনৰ বাবদ বিভিন্ন শিল্পীৰ মাননিৰ তালিকাও ইতিমধ্যে প্রকাশ পাইছে৷ গীত পৰিৱেশনৰ বাবদ লোৱা মাননিৰ ক্ষেত্রত অসমৰ সকলো শিল্পীৰ ভিতৰত শীর্ষত আছে যুৱপ্রজন্মৰ হার্টথ্রব জুবিন গার্গ৷ জনপ্রিয় গীতেৰে বিহু মঞ্চ কঁপাবলৈ সাজু হোৱা জুবিন গার্গে এইবাৰ মঞ্চত সংগীত পৰিৱেশনৰ বাবে ১০ লাখ টকা মাননি নির্ধাৰণ কৰিছে৷ অৱশ্যে ঠাইভেদে সেয়া কিছু সালসলনি হ’ব বুলিও জানিব পৰা গৈছে৷ জুবিনৰ পাছতেই দ্বিতীয় স্থানত আছে ক্রমে শিল্পী আচুর্য বৰপাত্র, শংকুৰাজ কোঁৱৰ, নীল আকাশ৷ আচুর্য বৰপাত্রই ৫.৫০ লাখৰ পৰা ৬ লাখ টকা মাননি লোৱাৰ লগতে নীল আকাশে ল’ব ৫.৫০ লাখ টকা৷ শংকুৰাজ কোঁৱৰে ৫ৰ পৰা ৬ লাখ টকা মাননি ল’ব৷ একেদৰে শিল্পী দীক্ষুৱে ৩.৮০ লাখৰ পৰা ৫ লাখ, প্রিয়ংকা ভৰালীয়ে ৩–৪.৫০ লাখ, ভৃগু কাশ্যপে ৩.৫০–৪.৫০ লাখ, মণ্টুমণিয়ে ৩.৫০ লাখ, বিপিন চাওদাঙে ২.৫ লাখ, দীপলীনা ডেকাই ৩.৫ লাখ, বর্ণালী কলিতাই ২.৫০–৪ লাখ, সুবাসনা দত্তই ২.৭০–৪ লাখ, গীতালি দেৱীয়ে ২–৩ লাখ, ৰূপম ভূঞাই ২–২.৫ লাখ, সান্নিধ্য ভূঞাই ২.৫–২.৬০ লাখ, কুসুম কৈলাসে ৩.৫ লাখ আৰু ৰাকেশ ৰিয়ানে ৪–৫ লাখ টকাৰ মামনি এইবাৰ বিহু মঞ্চত গীত গোৱাৰ বিনিময়ত ল’ব বুলি জানিব পৰা গৈছে৷ অৱশ্যে ঠাইভেদে এই মাননি কিছু সালসলনিও হ’ব পাৰে বুলি জানিব পৰা গৈছে৷

You might also like