বায়’পছী মানেই কেঞ্চাৰ নহয়
আধুনিক চিকিৎসা–বিজ্ঞানৰ মতে সকলো সন্দেহ দূৰ কৰিবৰ বাবে শৰীৰৰ কোনো টিউমাৰ বা ঘাৰ অস্ত্রোপচাৰ কৰিলে বায়’পছী কৰিবলৈ চিকিৎসকে পৰামর্শ দিয়ে৷ এনে কৰোঁতে বহুত ৰোগী বা পৰিয়ালৰ লোকে ভয় খায় যে কেঞ্চাৰৰ সম্ভাৱনা দেখিছে৷ প্রকৃততে এই পৰীক্ষাৰ দ্বাৰা নিশ্চিত হ’ব পাৰি যে কোনো অস্বাভাৱিক কোষ আছে নে নাই, এই পৰীক্ষাৰ জৰিয়তে কোনো ৰোগৰ গতি–প্রকৃতি বুজাত সহায় হয়৷
কেতিয়াবা দেখা যায় এবাৰ বায়’পছী কৰিলে চিকিৎসকে ভবাৰ দৰে সন্দেহ দূৰ নহ’লে পুনৰ বায়’পছী কৰিবলৈ পৰামর্শ দিয়ে৷ এনে ক্ষেত্রত ৰোগীয়ে ৰিপ’ট পজিটিভ বা নিগেটিভ আদিৰে ব্যাখ্যা কৰাটো অমূলক৷ ডাক্তৰ আৰু ৰোগীৰ পাৰস্পৰিক সহযোগিতাইহে চিকিৎসা সফল কৰি তোলে৷ বায়’পছী কৰি আমি কেৱল যে কোষৰ অস্বাভাৱিকতা বুজিব পাৰোঁ তেনে নহয়৷ অস্বাভাৱিক হোৱা আগৰ অৱস্থাত ধৰিব পাৰোঁ৷ কেঞ্চাৰৰ ক্ষেত্রত মেলিগনেণ্ট কোষ কিমান, তাৰ বিভাজন কিদৰে হৈছে, সাৱধানতা অৱলম্বন কেনেদৰে ল’ব লাগিব সেই বিষয়েও বুজিব পাৰি৷ চিকিৎসা–বিজ্ঞানত প্রি–মেলিগনেণ্ট অৱস্থা হিচাপে ব্যাখ্যা কৰে৷ মুঠৰ ওপৰত বায়’পছী কৰিবলৈ লাগিলেই ভয় নাখাব৷ ই ৰোগ নির্ণয়ত সহায়হে কৰে৷