নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমাৰ সিপাৰৰ ষড়যন্ত্র

ভাৰতৰ বিৰুদ্ধে দুই প্রতিৱেশী ৰাষ্ট্র চীন আৰু পাকিস্তানে সীমাৰ সিপাৰৰ পৰা অহৰহ ষড়যন্ত্রত লিপ্ত হৈ আহিছে৷ লাডাখ–উত্তৰাখণ্ড–ছ্ প্রদেশ সংলগ্ণ প্রকৃত নিয়ন্ত্রণ ৰেখা চমুকৈ এল এ চিত চীনা সৈন্যবাহিনী পিপলছ লিবাৰেচন আর্মীয়ে আগ্রাসন চলাই যোৱাৰ সমান্তৰালভাৱে ভাৰত ভূমিক অশান্ত কৰি ৰখাৰ লক্ষ্যৰে সন্ত্রাসবাদৰ প্রতি পৃষ্ঠপোষকতা আগবঢ়াই আহিছে পাকিস্তানে৷ ভাৰতৰ সৈতে থকা বৈৰিতাৰ বাবেই এতিয়া চীন আৰু পাকিস্তান পৰম মিত্র৷ গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘর্ষৰ পাছত অনুষ্ঠিত কেইবালানিও সামৰিক বৈঠকৰ অন্তত চীনে লাডাখৰ এল এ চিৰ পৰা সেনাবাহিনী প্রত্যাহাৰ কৰাৰ ক্ষেত্রত সন্মতি প্রকাশ কৰিছিল যদিও বাস্তৱত কিন্তু বেইজিঙে সেয়া কৰা পৰিলক্ষিত হোৱা নাই৷ অতি শেহতীয়াকৈ চীন আৰু পাকিস্তানে ৰচনা কৰা ব্লুপ্রিণ্টৰ বহু গুৰুত্বপূর্ণ তথ্য পোহৰলৈ আহিছে৷ ভাৰতীয় সেনাৰ মুৰব্বী এম এন নাৰাৱানে প্রকাশ কৰা অনুসৰি পূব লাডাখৰ এল এ চিত চীনে পুনৰ বৃহৎসংখ্যক সেনা মোতায়েন কৰিছে৷ অকল পূব লাডাখেই নহয়, অৰুণাচল প্রদেশ সংলগ্ণ এল এ চিতো অনুৰূপ ধৰণৰ কার্যপন্থা গ্রহণ কৰিছে বেইজিঙে৷ যিটো অতি উদ্বেগজনক বিষয় ৰূপে পৰিগণিত হৈছে৷ অৱশ্যে নাৰাৱানে যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ভাৰতীয় সেনা প্রস্তুত বুলি ঘোষণা কৰিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে আগ্রাসী ৰঙা চীনে সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে ওলোটাকৈ ভাৰতকহে দোষ জাপি দিয়াৰ চেষ্টা কৰিছে৷ চীনৰ মতে ভাৰতৰ ফ’ৰৱার্ড পলিচীয়েই সীমান্ত সমস্যাৰ বাবে দায়ী৷ ইতিমধ্যে চীনৰ এই অভিযোগৰ প্রত্যুত্তৰ দিছে কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ে৷ কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ৰ তৰফৰ পৰা অতি স্পষ্টভাৱে কোৱা হৈছে যে চীনৰ প্রৰোচনামূলক আচৰণ আৰু স্থিতাৱস্থা উলংঘা কৰি একপক্ষীয় কাম–কাজৰ বাবেই লাডাখ সংলগ্ণ এল এ চিত শান্তি প্রতিষ্ঠা হোৱা নাই৷ দুয়োখন দেশৰ মাজত এনেধৰণৰ অভিযোগ–প্রতিভিযোগ অব্যাহত আছে যদিও সংঘাত নিষ্পত্তিৰ হকে ভাৰতে বিষয়টো আন্তর্জাতিক মঞ্চত সঠিকভাৱে উপস্থাপন কৰাটো প্রয়োজন৷
চীন–পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যে ঐক্যবদ্ধভাৱে ষড়যন্ত্রত লিপ্ত হৈছে, সেই কথা ইতিমধ্যে চোৰাংচোৱাৰ প্রতিবেদনতেই স্পষ্ট হৈছে৷ সংবাদ মাধ্যমত শেহতীয়াকৈ প্রকাশিত এক বাতৰি অনুসৰি লাডাখৰ এল এ চিত ভাৰতীয় সেনাৰ মুখামুখি হ’বলৈ পাক বাহিনীৰ সহায় লৈছে পিপলছ লিবাৰেচন আর্মীয়ে৷ তিব্বত আৰু শিনঝিয়াং প্রদেশ সংলগ্ণ সীমান্ত সুৰক্ষাৰ দায়িত্বভাৰ ন্যস্ত হৈ আছে পিপলছ লিবাৰেচন আর্মীৰ পশ্চিম আৰু দক্ষিণাঞ্চল থিয়েটাৰ কমাণ্ডোৰ ওপৰত৷ চীনা সেনাৰ এই দুয়োটা কমাণ্ডোৰ লগ লাগিছে পাক বাহিনীৰ নর্দার্ন লাইট ইনফ্রেণ্ড্রী আৰু এলিট স্পেচিয়েল ছার্ভিচ গ্রুপৰ বহুসংখ্যক জোৱান৷ মন কৰিবলগীয়া যে ১৯৯৯ চনত কার্গিল, ড্রাছ আৰু বাটালিক ছেক্টৰত এল অ’ চি উলংঘা কৰি নর্দার্ন লাইট ইনফ্রেণ্ড্রী আৰু এলিট স্পেচিয়েল ছার্ভিচ গ্রুপে ভাৰতীয় সেনাৰে মুখামুখি সংঘর্ষত লিপ্ত হৈছিল৷ চোৰাংচোৱাৰ তথ্য অনুসৰি তুষাৰাবৃত্ত ওখ পাহাৰত যুদ্ধ কৰাৰ বাবে বিশেষভাৱে প্রশিক্ষণপ্রাপ্ত হোৱাৰ বাবেই পাক বাহিনীৰ এই দুটা গোটক বাছি লৈছে পিপলছ লিবাৰেচন আর্মীয়ে৷ চিৰবৈৰী পাকিস্তানৰ বিষয়টো ইতিমধ্যে ভাৰতে ৰাষ্ট্রসংঘকে ধৰি আন্তর্জাতিক মঞ্চত বহুবাৰ উত্থাপন কৰিছে৷ বিশ্ব সমুদায়ৰ দ্বাৰা নিন্দিত হৈছে পাকিস্তান৷ তৎসত্ত্বেও দেশখনে ভাৰতৰ বিৰুদ্ধে সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰিবলৈ এৰা নাই৷ এনে অৱস্থাত বিশ্ব সমুদায়ৰ মাজত পাকিস্তানক এঘৰীয়া কৰাৰ বাবে ভাৰতে কার্যকৰী কূটনৈতিক পদক্ষেপ গ্রহণ কৰাৰ অতি আৱশ্যকতা আছে৷

You might also like