নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত মহাসাগৰত সুউচ্চ আগ্ণেয়গিৰি

মাওট্টে দ্বীপত আইফেল টাৱাৰতকৈ আঢ়ৈ গুণ উচ্চতাৰ ‘মহাদৈত্য’

নিয়মীয়া বাৰ্তা ৪ অক্টোবৰঃ মহাসাগৰৰ গভীৰত দৈত্যৰ দৰে ভয়াৱহ ৰূপ ধাৰণ কৰি আছে আগ্ণেয়গিৰিয়ে৷ ভাৰত মহাসাগৰৰ অতল গভীৰত আছে এই আগ্ণেয়গিৰি৷ আইফেল টাৱাৰতকৈ প্রায় আঢ়ৈ গুণ ওখ এক আগ্ণেয়গিৰিৰ জন্ম হৈছে ভাৰত মহাসাগৰৰ সৈতে লাগি থকা মাওট্টে দ্বীপত৷ এসময়ত এই মাওট্টে দ্বীপ আছিল ফ্রান্সৰ উপনিৱেশ৷ ২০১৮ চনত দ্বীপটোত অনুভূত হৈছে এক প্রবল ভূমিকম্পৰ৷ তাৰ পিছতেই সৃষ্টি হৈছে মহাদৈত্যৰূপী এই আগ্ণেয়গিৰি৷ সদ্যোজাত হিচাপে বিজ্ঞানীসকলে চিহ্ণিত কৰা এই আগ্ণেয়গিৰিৰ উচ্চতা হৈছে মহাসাগৰৰ তলিৰ পৰা ২,৬৯০ ফুট বা ৮৩২ মিটাৰ৷

আন্তর্জাতিক ভূ–বিজ্ঞান গৱেষণা পত্রিকা ‘নেচাৰ জি’ছাইঞ্চ’ত এই তথ্য প্রকাশ পাইছে৷ পত্রিকাখনত প্রকাশ পোৱা এক গৱেষণা পত্র অনুসৰি অতি ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে এই আগ্ণেয়গিৰিয়ে৷ ফৰাচী চৰকাৰৰ বিত্তীয় সাহায্যত পেৰিছ বিশ্ববিদ্যালয়ৰ ভূ–তাত্ত্বিকসকলে গৱেষণা চলাইছিল ২০১৯ চনৰ ফেব্রুৱাৰীৰ পৰা৷ গৱেষণা কালত ২০১৮ৰ ১৫ মে’ৰ প্রবল ভূমিকম্প সম্পর্কীয় যাৱতীয় নথি–পত্রৰ ওপৰত অধ্যয়ন কৰে বিজ্ঞানীসকলে৷ উল্লেখনীয় যে এই ভূমিকম্পৰ কম্পন বিশ্বৰ প্রায় সকলো দেশতেই অনুভূত হৈছিল৷ গৱেষণাৰ সময়ত বিজ্ঞানীসকলে মহাসাগৰৰ তলিৰ বিভিন্ন পর্যায়ৰ ওপৰত বিশ্লেষণো আগবঢ়াইছে৷.

You might also like