বেছিকৈ কণী খাই নেকি, হ’ব পাৰে হাওঁফাওঁৰ কৰ্কট ৰোগ!
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ পুৱাৰ আহাৰৰ এটা প্ৰয়োজনীয় খাদ্য কণী। কণী পুষ্টিকৰ খাদ্যৰ লগতে শক্তিবৰ্ধন খাদ্য হিচাপে সকলোৱে খায়। পুৱাৰ আহাৰত কণী ন’লে বহুতৰে খাদ্যৰ তালিকাখন সম্পূৰ্ণ নহয়।
কিন্তু এক গৱেষণাত আজৱ খবৰ প্ৰকাশ পাইছে। প্ৰতিদিনে কণী খোৱা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। ধূমপান কৰাতকৈও স্বাস্থ্যৰ পক্ষে বেছি ক্ষতিকাৰক কণী। ছিগাৰেট সেৱন কৰাতকৈ বেছি ভয়াৱহ কণী।
কানাডাৰ ওয়েষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে নাৰী আৰু পুৰুষৰ ওপৰত বিশেষ গৱেষণা চলাইছিল। গৱেষণাত প্ৰকাশ পাইছিল যে অতিৰিক্ত সিজোৱা কণী খোৱাৰ ফলত সেইসকল লোকৰ শৰীৰত ক্যাৰোটিড আৰ্টাৰী ষ্টেনোচিচ উত্পন্ন হয়। ইয়াৰ ফলত ব্ৰেইন ষ্ট্ৰোক, হাৰ্ট এটেক হোৱাৰ সম্ভাৱনাই অধিক। এই সন্দৰ্ভত আমেৰিকাৰ হাৰ্ট এছচিয়েছনৰ কাৰ্ডিঅ’লজী বিভাগৰ চিকিত্সক জৰ্ডান টোমাচেলিয়ে জনাইছে যে, অতিৰিক্ত কণী খোৱাৰ পিছত ক্যাৰোটিড প্লেক যিমান উত্পন্ন হয়, সিমান প্লেক ধূমপান কৰিলেও উত্পন্ন নহয়। ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি হয়।
আনকি হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰো সম্ভাৱনা থাকে। চিকিত্সক টোমাচেলিৰ মতে। প্ৰতিদিনে আমাৰ শৰীৰত ৩০০ মিলিগ্ৰাম কোলেষ্ট’ৰেলৰ প্ৰয়োজন হয়। কিন্তু এটা কণীৰ কুহুমত থাকে ১৮৫ মিলিগ্ৰাম। কণীক বাদ দিও আমি প্ৰতিদিনে অন্য কলেষ্টোৰেল আৰু প্ৰটিনযুক্ত খাদ্য খাও আৰু প্ৰতিদিনে ৩০০ মিলিগ্ৰামতকৈ বেছি কলেষ্টৰেল আমাৰ শৰীৰত জমা হয়। গতিকে কণীৰ কুহুমৰ পৰিৱৰ্তে বগা অংশ খালেও শৰীৰে প্ৰয়োজনীয় কোলেষ্টৰেল আৰু ভিটামিন পাব। ই স্বাস্থ্যক কোনো ধৰণে ক্ষতি নকৰে।