নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়া চক্ৰৱৰ্তীৰ সন্মুখত নতুন সমস্যা

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ সুশান্ত সিং ৰাজুপতৰ আত্মহত্যাৰ পিছৰে পৰা বেয়া দিনৰ আৰম্ভণি ঘটা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ দিন আজিও ভাল হোৱা নাই। এন চি বিৰ অভিযোগনামাত জেল খাটিবলগীয়া হোৱা ৰিয়া আৰু তেওঁৰ ভাতৃ সম্প্ৰতি জামিনত মুক্ত যদিও আন এক সমস্যাই গ্ৰাস কৰিছে পৰিয়ালটোক।

শেহতীয়া খবৰ অনুসৰি ৰিয়া চক্ৰৱৰ্তীৰ পৰিয়ালে এতিয়া ঘৰৰ সন্ধানত ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে। একপ্ৰকাৰ সমাজচ্যুত পৰিয়ালৰ দৰে হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ অৱস্থা। কোনো ছ’চাইটীয়ে পৰিয়ালটোৰ বোজা বহন কৰিবলৈ ইচ্ছুক নোহোৱাত সমস্যাত পৰিছে তেওঁলোক। ছ’চাইটীয়ে পৰিয়ালটোক ঘৰ দিব নিবিচৰাৰ মূল কাৰণ হৈছে পাপ্পাৰাজিৰ জুম। ৰিয়া য’তেই নাযাওক তাত হাজিৰ হয় পাপ্পাৰাজি।

সেয়ে পৰিয়ালটোৱে এতিয়া অতীতৰ সকলো কথা মচিব পৰাকৈ এক পৰিৱেশৰ সন্ধানত আছে। ৰিয়াৰ মাক আৰু দেউতাকক দেখা দৈছে মুম্বাইৰ ৰাজপথত খোজ কাঢ়ি ঘৰ বিচাৰি থকা অৱস্থাত।

You might also like